Logo
image

অসমত খৰাং, শ্বিলঙত বানপানীঃ উৎকট গৰমত কাছাৰত অধ্যাপকৰ মৃত্যু

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬  মে':  অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত বিগত চাৰি-পাঁচদিন ধৰি চলি আছে গ্ৰীষ্মপ্ৰবাহ। বিগত প্ৰায় কেইবাদিনো ধৰি অসমৰ বেছিভাগ ঠাইতে বৰষুণ নোহোৱাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। সৃষ্টি হৈছে খৰাং সদৃশ পৰিস্থিতি। ফলত ৰাজ্যৰ বেছিভাগ ঠাইতে কৃষক ৰাইজে কঠীয়া সিচিব পৰা নাই। আন আন কৃষি-কৰ্ম সম্পাদন কৰাৰ ক্ষেত্ৰতো কৃষক ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে৷

ইফালে অসমত বৰষুণৰ অভাৱত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈ নদ-নদীৰ পানী শুকাই যোৱাৰ বিপৰীতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত উদ্ভৱ হৈছে বানপানী সদৃশ পৰিস্থিতি। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত অহা এজাক বৰষুণতে শ্বিলং চহৰৰ কেবাটাও পথ বানপানীৰ কৱলত পৰে। ফলত স্বাভাৱিক জনজীৱন ব্যাহত হোৱাৰ লগতে পথসমূহত সৃষ্টি হয় ভীষণ যান-জঁট। উল্লেখ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন। যাৰ বাবে বহু সচেতন লোকে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা ৭ বজাত আৰম্ভ কৰি ১১.৩০ মান বজাত শেষ কৰিবলৈ দাবী জনাইছে। 


গুৱাহাটীৰ  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে সদৰি কৰা মতে, সাধাৰণতে মে' মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব লাগে। কিন্তু কেইবাদিনো ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে ৪ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে। 

আনকি এনে তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে ৰাজ্যত বহু বিদ্যালয়ত বিগত কেইবাদিনো ধৰি ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠাত অচেতন হৈ পৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। আনকি কাছাৰত এজন অধ্যাপকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক তাপমাত্ৰা  আছিল শিলচৰ চহৰত। শিলচৰত বৃহস্পতিবাৰে সৰ্বাধিক তাপমাত্ৰা আছিল  ৩৭.৬  ডিগ্ৰী চেলছিয়াছ। যিটো স্বাভাৱিকতকৈ ৫.৫ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। আনকি ধুবুৰী চহৰত বুধবাৰে স্বাভাৱিকতকৈ ৬.২ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.০ ডিগ্ৰী চেলছিয়াছ। 

তেনেদৰে নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাৱিকতকৈ ২ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্রী চেলছিয়াছ হ'লেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ দৰে ৪৫-৪৭ ডিগ্রী চেলছিয়াছৰ দৰে হয়গৈ।  

আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ কেইবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনেধৰণৰ-  গুৱাহাটীত ৩৭.৪ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড়ত ৩৫.২ ডিগ্রী চেলছিয়াছ, তেজপুৰত ৩৭.২ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৪.৬ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩২.৮ ডিগ্ৰী চেলছিয়াছ। এই সময়চোৱাত উত্তৰ পূবৰ ৰাজধানী চহৰৰ ভিতৰত ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৮.১ ডিগ্ৰী চেলছিয়াছ। বিগত ২৪ ঘণ্টাত উত্তৰ লখিমপুৰকে ধৰি কাষৰীয়া অঞ্চলত পাতলীয়া বৰষুণ অহা বাবে বৃহস্পতিবাৰে ৰাজ্যৰ আন বহু অঞ্চলৰ তুলনাত উত্তৰ অসমৰ বেছিভাগ অঞ্চলত গৰমৰ তীব্ৰতা কমি যায়। আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  ১৭ বা ১৮ মে'ৰ পাছত  অসমৰ কেতবোৰ অঞ্চলত গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হ'ব পাৰে বুলি আগজাননী দিছে। অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।