Logo
image

মেদ, ওজন কমাবলৈ এইবিধ পানীয় খাওক

গৰম কালত সকলোৰে প্ৰিয় খাদ্য হ’ল তিয়ঁহ৷ ত্বক সতেজ কৰি ৰখা বা শৰীৰ, পেট ঠাণ্ডা কৰি ৰখাৰ ক্ষেত্ৰত তিয়ঁহ খুবেই উপকাৰী৷ গৰম কালত পুৱাই উঠি তিয়ঁহৰ চৰ্বত খালে সুফল পোৱা যায়৷ ঘৰুৱাভাৱেই এই চৰ্বত তৈয়াৰ কৰিব পাৰি৷ তিয়ঁহ গোল আৰু পাতল পাতলকৈ কাটি এগিলাচ পানীত তিয়াই ফ্ৰীজত কিছুসময় ৰাখক আৰু পুৱাই পান কৰক৷ এই পানীয়ৰ পৰা বহুত উপকাৰ পাব পাৰি৷ তিয়ঁহৰ চৰ্বতত নেমু, আদা আদি মিশ্ৰণ কৰি দিব পাৰে৷ 

# তিয়ঁহৰ চৰ্বতে শৰীৰৰ পৰা টক্সিন দূৰ কৰাত সহায় কৰে৷ তদুপৰি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা ৰেহাই পোৱা যায়৷ 

#  এইবিধ পানীয়ই পেট-শৰীৰ ঠাণ্ডা কৰি ৰাখে বহু সময়লৈকে৷ খাদ্য সামগ্ৰী হজম কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে তিয়ঁহৰ পানীয়ই৷

 তিয়ঁহত ভিটামিন ‘চি’ আৰু এণ্টি অক্সিডেণ্ট পোৱা যায়৷ লগতে পুষ্টিকৰ উপাদান আছে তিয়ঁহত ৷ শৰীৰ সুস্থ ৰখাৰ লগতে দেহৰ অতিৰিক্ত ওজন কমাত সহায়ক হয়৷ 

 তিয়ঁহ হ’ল কেলৰী শূন্য ফল৷ প্ৰতিদিনে পুৱাই খালী পেটত দুগিলাচ তিযঁহৰ চৰ্বত খাবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞই৷ তিযঁহৰ ৰসে শৰীৰৰ পৰা টক্সিন দূৰ কৰণত কাৰ্যকৰী ভূমিকা লয়৷ আনকি শৰীৰৰ পৰা অতিৰিক্ত পানী কমোৱাত সহায় কৰে তিযঁহৰ বীজে৷ মিয়মিত তিযঁহৰ ৰস খালে পেট ফুলা বা ভূঁড়িৰ সমস্যা কমে৷

#  তিয়ঁহত প্ৰচুৰ ফাইবাৰ পোৱা যায়৷ প্ৰতিদিনে তিয়ঁহৰ পানীয় খালে বিপাকক্ৰিয়া ভাল হয়৷ এইবিধ পানীয়ই শৰীৰৰ অতিৰিক্ত মেদ, ওজন কমায় আৰু কোষ্ঠকাঠিন্য দূৰ কৰে৷