Logo
image

দলৰ কথা বাহিৰত নহয়, সংযম ৰক্ষাৰ আহ্বান মন্ত্ৰী পীয়ূষৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মে’ : শাসকীয় দলৰ নেতাসকলক সংযম ৰক্ষা কৰিবলৈ পুনৰ আহ৩ান জনায় মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ তেওঁ দলীয় নেতাসকলক উদ্দেশ্যি কয়– কিবা ক’ব লগা থাকিলে দলৰ মজিয়াত কওক৷ বুধবাৰে মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কৈছিল–দলৰ কথা বাহিৰত নহয়৷ কাৰোবাৰ কিবা ক’বলগীয়া থাকিলে সেয়া দলীয় মঞ্চত আলোচনা হ’ব লাগে৷ সমালোচনা কৰিব লাগিলেও দলৰ মজিয়াতহে হ’ব লাগে৷ দলৰ নীতি সকলোৱে মানি চলিব লাগে৷ সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক  বিপদত পেলাব নালাগে৷ সকলো কথা দলৰ মজিয়াত উত্থাপন কৰিব লাগে৷ মোদী, মুখ্যমন্ত্ৰীক বিপদত পেলোৱা কাৰ্য সমৰ্থনযোগ্য নহয়৷ সকলোকে এই ক্ষেত্ৰত সংযমী হ’বলৈ অনুৰোধ জনাইছোঁ৷ উল্লেখ্য, সংসদীয় নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ উপৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, জ্যেষ্ঠ বিধায়ক অতুল বৰায়ো নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল৷ তেওঁলোকৰ অভিযোগ   আছিল– ‘এইবাৰ যিমান ছুপ্ৰিমেচি আশা কৰা হৈছিল, সিমান কৰিব পৰা নাই যেন লাগে৷ আগতে কোনো কনটেষ্টয়েই নহৈছিল, কিন্তু এইবাৰ কনটেষ্ট হ’ল৷’ লোকসভাত এইবাৰ আশা কৰাৰ দৰে বিজেপিয়ে ফল নাপায় বুলি যেন একাংশ নিজকে পুৰণি বিজেপি বুলি দাবী কৰা নেতা-কৰ্মীয়ে আশংকা প্ৰকাশ কৰিছে৷ এই আশংকা কিমান দূৰ সত্য সেয়া চাৰি জুনৰ ভোট গণনাৰ দিনাহে স্পষ্ট হ’ব৷ কিন্তু ন-বিজেপিৰ আগ্ৰাসনত পুৰণি বিজেপিৰ নেতাসকল এলাগী হৈ পৰা বুলি একাংশই মুকলিকৈ ক’বলৈ আৰম্ভ কৰিছে৷ লোকসভাৰ ভোটদান শেষ কৰাৰ পাছতে ক্ষোভৰ উদগীৰণ ঘটাইছে একাংশ পুৰণি বিজেপিৰ নেতা-কৰ্মীয়ে৷ ৰহাত আনকি ন বিজেপিৰ আগ্ৰাসনৰ ৰোধৰ বাবে পুৰণি বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনো অনুষ্ঠিত কৰা হৈছে৷ যোৱা সাত মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মন্তব্য কৰিছিল যে ‘ধাৰ কৰি ফ্লাইঅভাৰ বনালেই উন্নয়ন হোৱাটো নুবুজায়৷ ধাৰ কৰি ঘৰ, পৰিয়াল বেছি দিন চলিব নোৱাৰে৷ একেদৰে মাহে মাহে ধাৰ লৈ চলোৱা চৰকাৰ এখনো সুস্থিৰ হ’ব নোৱাৰে৷ নতুন প্ৰজন্মই এই কথাবিলাক চাব লাগিব৷’ অশোক শৰ্মাৰ এই মন্তব্য সন্দৰ্ভত দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই উত্তপ্ত বাক্যবাণ নিক্ষেপ কৰিছিল৷ পৰৱৰ্তী সময়ত প্ৰদেশ বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰা এই কাৰণ দৰ্শোৱা জাননীত কোৱা হয় যে নলবাৰী জিলা বিজেপিৰ কৰ্ণধাৰ সমষ্টিৰ সভাই উত্থাপন কৰা অভিযোগৰ ভিত্তিত প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দাৰ্শোৱাৰ জাননী জাৰি হৈছে৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কেতবোৰ মন্তব্য কৰাক লৈ বিজেপি বিধায়ক মৃণাল শইকীয়ায়ো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ তাৰ পাছত মন্ত্ৰী পীয়ূষ হাজৰিকাই সকলো নেতাক সংযম ৰক্ষা কৰিবলৈ আহ৩ান জনোৱাটো তাৎপৰ্যপূৰ্ণ৷