Logo
image

ভৰ দুপৰীয়া ৰাজপথত প্ৰধানমন্ত্ৰী গুলীবিদ্ধ

ব্ৰাতিশ্লাভী, ১৭ মে’ : শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ ওপৰত বুধবাৰে লোকচক্ষুৰ সন্মুখতে এজন অস্ত্ৰধাৰীয়ে আক্ৰমণ চলায়৷ এই ঘটনাত গুলীবিদ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ফিকো৷ তেওঁৰ দেহৰ চাৰি ঠাইত গুলীয়ে আঘাত কৰে৷ ইয়াৰ দুটা গুলী বুকু ভেদ কৰি যায়৷ বাকী দুটা গুলী অস্ত্ৰোপচাৰ কৰি উলিওৱা হয়৷ উল্লেখ্য, বুধবাৰে শ্লোভাকিয়াৰ হেণ্ডলোভা চহৰস্থিত হাউচ অৱ কালছাৰত অনুষ্ঠিত এক চৰকাৰী বৈঠকত ভাগ লৈছিল প্ৰধানমন্ত্ৰীজনে৷ বৈঠকৰ শেষত বাহিৰত ৰৈ থকা সমৰ্থক তথা অনুৰাগীসকলক সাক্ষাৎ কৰি থাকোতে হঠাৎ এজন মাৰণাস্ত্ৰধাৰীয়ে তেওঁলৈ উদ্দেশ্যি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷ এই ঘটনাৰ লগে লগে প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো বাগৰি পৰাত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয়৷ ইপিনে, গুলীচালনাৰ ঘটনাটোৰ পাছতে নিৰাপত্তাৰক্ষীয়ে অস্ত্ৰধাৰী এজনক আটক কৰে৷ জানিব পৰা মতে, আক্ৰমণকাৰী লোকজন দেশখনৰ এজন প্ৰতিষ্ঠিত কবি৷ তেওঁৰ পৰিচয় তদন্তৰ স্বাৰ্থত ৰাজহুৱা কৰা নাই চৰকাৰ তথা আৰক্ষীয়ে৷ কি কাৰণত প্ৰধানমন্ত্ৰীজনৰ ওপৰত এনে আক্ৰমণ চলোৱা হ’ল সেয়াও জানিব পৰা হোৱা নাই৷ ঘটনাটোক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে৷

উল্লেখ্য, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ৰবাৰ্ট ফিকো দেশখনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ পুনৰ ক্ষমতালৈ আহে৷ তেওঁ শ্লোভাকিয়াৰ চাৰিবাৰৰ প্ৰধানমন্ত্ৰী৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰূপে তেওঁ গ্ৰহণ কৰা বৈদেশিক নীতিক লৈ বিতৰ্কৰ মাহত সোমাই পৰিছিল৷