Logo
image

উৎকট গৰমঃ বিদ্যালয়তে অসুস্থ হৈ পৰিছে ছাত্ৰ-ছাত্ৰ, শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ১৭ মে': ৰাজ্যত বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ৷ ৰাজ্যৰ লগতে উৎকট গৰমে দহিছে মৰিগাঁও জিলা। গৰমত লেবেজান হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা শিক্ষা বিভাগে বিদ্যালয়সমূহৰ বাবে এলানি জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। 

জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ দ্বাৰা স্বাক্ষৰিত এই নিৰ্দেশনাত উল্লেখ কৰিছে যে উৎকট গৰম আৰু কণ কণ ছাত্র-ছাত্রীসকলে গৰমৰ বাবে পোৱা কষ্টৰ প্ৰতি লক্ষ্য ৰাখি, পুৱা বিদ্যালয়ৰ প্ৰাতঃসভা ছাঁ পৰি থকা ঠাইত অনুষ্ঠিত কৰিব লাগিব। লগতে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত পৰিমাণে পাংখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়সমূহত পর্যাপ্ত পৰিমাণৰ খোৱাপানী আৰু ছাত্ৰ-ছাত্ৰীৰ হাত-মুখ ধোৱাৰ বাবেও পানী মজুত ৰখাৰ লগতে প্রস্বাৱগাৰ, শৌচাগাৰসমূহতো পানীৰ ব্যৱস্থা ৰখাৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 


নিৰ্দেশনাত ছাত্র-ছাত্রীসকলক খেলা-ধূলা কৰিবলৈ গছৰ ছাঁ পৰি থকা ঠাই বাচনি কৰিবলৈ কোৱা হৈছে। লগতে উৎকট গ্ৰীষ্ম প্ৰবাহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৰীৰৰ পৰা বেচিকৈ ঘাম ওলোৱাৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো সমস্যাৰ বাবে প্রয়োজনীয় প্রাথমিক চিকিৎসা সামগ্রী বিদ্যালয়ত মজুত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ প্ৰতিখন বিদ্যালয়ক এই নির্দেশনাসমূহ বাধ্যতামূলকভাৱে পালন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সু-স্বাস্থ্য নিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে।