Logo
image

ভোটৰ হাৰক লৈ সন্দেহ ছুপ্ৰিম ক’ৰ্টৰো

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ মে’ : নিৰ্বাচন হৈ যোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ভোটদানৰ হাৰৰ সম্পূৰ্ণ তথ্য কিয় ৱেবছাইটত দাখিল কৰিব নোৱাৰে বুলি উচচতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে নিৰ্বাচন আয়োগক এসপ্তাহৰ ভিতৰত এই প্ৰশ্নৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে৷ শুকুৰবাৰে এই নিৰ্দেশ দিয়া সৰ্বোচ্ছ আদালয়ৰ বিচাৰপীঠৰ আন দুজন ন্যায়াধীশ হৈছে ক্ৰমে জেবি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ৷ উল্লেখ্য, দেশত চলি থকা অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ বহুদিন পাছতহে নিৰ্বাচন আয়োগে ভোটদানৰ হাৰৰ চূড়ান্ত তথ্য প্ৰকাশ কৰিছিল৷ চূড়ান্ত তথ্যত ভোটদানৰ প্ৰথম দিনা প্ৰকাশ কৰা ভোটৰ হাৰতকৈ অতি আচৰিতভাৱে ৫.৬ শতাংশ ভোটদানৰ হাৰ বৃদ্ধি পাইছিল৷ সাধাৰণতে সংশোধিত ভোটদানৰ হাৰ ভোটগ্ৰহণৰ পিছদিনাই নিৰ্বাচন আয়োগে দাখিল কৰে আৰু ৱেবছাইটটো আপলোড কৰে৷ ভোটদানৰ দিনা নিশা প্ৰকাশ কৰা হাৰৰ তুলনাত পিছদিনাৰ সংশোধিত ভোটদানৰ হাৰ ১-২ শতাংশ বৃদ্ধি পায়৷ এইবাৰ বৃদ্ধি পাইছে ৫.৬ শতাংশ, যিটো সকলো বিৰোধী ৰাজনৈতিক দলেই সন্দেহৰ দৃষ্টিৰে চাইছে৷ তদুপৰি প্ৰথম পৰ্যায়ৰ অৰ্থাৎ ১৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ ১১ দিন পাছত নিৰ্বাচন আয়োগে ৩০ এপ্ৰিলত সংশোধিত ভোটদানৰ হাৰ প্ৰকাশ কৰিছিল৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৬ এপ্ৰিলত হৈ গ’লেও চূড়ান্ত ভোটদানৰ হাৰ আয়োগে প্ৰকাশ কৰিছিল ৪ দিন পাছত৷

আয়োগৰ এই কাৰ্যত সন্দেহ প্ৰকাশ কৰি এডিআৰ অৰ্থাৎ এছ’চিয়েচন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছে উচ্ছতম ন্যায়ালয়ত আবেদন জনাই ৪৮ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ তথ্য ৱেৱছাইটত আপলোড কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অনুৰোধ কৰে৷ সেই গোচৰৰ শুনানি লৈ মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠে নিৰ্বাচন আয়োগক কিয় এনেদৰে বিলম্ব ঘটাই বিষয়টো সন্দেহৰ আৱৰ্তলৈ নিছে প্ৰশ্ন কৰে৷ যিহেতু ৰিটাৰ্নিং বিষয়াই ভোটগ্ৰহণৰ নিশাই ভোটদানৰ হাৰৰ সম্পূৰ্ণ তথ্য যোগান ধৰে, তেন্তে আয়োগে ৱেবছাইটত এই তথ্য আপলোড কৰোতে ১১ দিন সময় কিয় লৈছে বুলিও সৰ্বোচ্ছ আদালতে নিৰ্বাচন আয়োগক কঠোৰ প্ৰশ্ন কৰে৷