Logo
image

স্বাতীৰ ‘নিৰ্যাতন’ক নিৰ্বাচনী ইছ্যু কৰাৰ চেষ্টা বিজেপিৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ মে’ : আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে বৃহস্পতিবাৰে আৰক্ষী থানাত তেওঁক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত শাৰীৰিক নিগ্ৰহ কৰাৰ অভিযোগ দাখিল কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনস্থ দিল্লী আৰক্ষী অতি তৎপৰ হৈ এই গোচৰৰ তদন্তত জঁপিয়াই পৰিছে৷ শুকুৰবাৰে দিল্লী আৰক্ষীৰ এটা দলে ফৰেনচিক ছায়েন্স লেবৰেটৰীৰ এটা দল লগত লৈ স্বাতী মালিৱালৰ সৈতে অৰবিন্দ কেজৰিৱালৰ বাসভৱনত উপস্থিত হৈ যোৱা সোমবাৰৰ ঘটনা পুনৰ ৰূপায়ণ কৰি তদন্ত ত্বৰান্বিত কৰিছে৷ অভিযোগ অনুসৰি যোৱা সোমবাৰে আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনত কেজৰিৱালক সাক্ষাৎ কৰিবলৈ যাওঁতে কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰে শাৰীৰিক নিগ্ৰহ কৰিছিল৷ সেই অভিযোগৰ তদন্তৰ বাবে শুকুৰবাৰে স্বাতী মালিৱালক লগত লৈ কেজৰিৱালৰ বাসভৱনত উপস্থিত হয় দিল্লী আৰক্ষীৰ এই গোচৰৰ তদন্তৰ দায়িত্বত থকা শীৰ্ষ বিষয়া অতিৰিক্ত ডিচিপি নৰ্থ আৰু চিভিল লাইনৰ এছ এইছ অ’৷ তেওঁলোকৰ উপস্থিতিত কেজৰিৱালৰ বাসভৱনৰ লিভিং ৰূমৰ মেপিং কৰে ফৰেনচিক বিভাগৰ দলে৷ তদুপৰি কেজৰিৱালৰ বাসভৱনত স্বাতী মালিৱালৰ অভিযোগ অনুসৰি সোমবাৰৰ ঘটনাৰ পুনৰ ৰূপায়ণ কৰা হয়৷ 

যোৱা সোমবাৰে সংঘটিত এই ঘটনাৰ পাছত বিগত চাৰি দিন আপৰ মাজতে চৰ্চা আৰু তৰ্ক বিতৰ্ক হৈ আছিল৷ বৃহস্পতিবাৰে স্বাতীয়ে আৰক্ষী থানাত বিভৱ কুমাৰৰ বিৰুদ্ধে শাৰীৰিক নিগ্ৰহৰ গোচৰ ৰুজু কৰাৰ পাছত বিষয়টোৰ আমূল পৰিৱৰ্তন ঘটে৷ দিল্লী আৰক্ষীয়ে তৎপৰতাৰে বৃহস্পতিবাৰে থানাত অভিযোগকাৰীৰ সাক্ষ্য লিপিবদ্ধ কৰে৷ শুকুৰবাৰে দিল্লী আৰক্ষীয়ে স্বাতীক তিছ হাজাৰি আদালতত হাজিৰ কৰাই দণ্ডাধীশৰ সন্মুখত ভাৰতীয় দণ্ডবিধিৰ ১৬৪ ধাৰাৰ অধীনত সাক্ষ্য লিপিবদ্ধ কৰোৱায়৷ স্বাতীক আৰক্ষীয়ে এইমছত শাৰীৰিক পৰীক্ষা কৰোৱায়, য’ত তেওঁৰ মুখৰ ভিতৰত আঘাতৰ চিহ্ন থকা বুলি কোৱা হৈছে৷ স্বাতীয়ে কৰা অভিযোগ অনুসৰি বিভৱ কুমাৰে তেওঁৰ গালত ৭-৮ চৰ মৰাৰ উপৰি পেট আৰু বুকুত গুৰিয়াইছিল৷ 

ইপিনে, অভিযুক্ত বিভৱ কুমাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ চমন উপেক্ষা কৰি পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁৰ সন্ধানত তালাচী তীব্ৰতৰ কৰিছে৷ শুকুৰবাৰে আপে স্বাতী মালিৱালৰ ঘটনাক লৈ বিজেপি চৰকাৰে ৰাজনৈতিক মুনাফা লাভৰ বাবে জঁপিয়াই পৰা বুলি মন্তব্য কৰিছে৷ আপৰ নেত্ৰী আতিশী মাৰলেনাৰ মতে স্বাতী মালিৱাল ইতিমধ্যে বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে৷ ইপিনে সোমবাৰৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত স্বাতীয়ে কেজৰিৱালৰ বাসভৱনত নিৰাপত্তাৰক্ষীৰ সৈতে অশ্ৰাব্য ভাষাৰে তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখা গৈছে৷ সন্দেহ নাই, ইতিমধ্যে এই ঘটনাই নিৰ্বাচনৰ মাজত ৰাজনৈতিক গুৰুত্ব লাভ কৰিছে, য’ত বিজেপিয়ে আঁৰৰ পৰা সক্ৰিয়ভাৱে ঘটনাৰ পৰৱৰ্তী পৰিস্থিতি পৰিচালনা কৰা পৰিস্কাৰ হৈ পৰিছে৷ 

আনহাতে, ইডিয়ে দিল্লীৰ আবকাৰি নীতি দুৰ্নীতিৰ অতিৰিক্ত অভিযোগনামা দিল্লীৰ ৰাউছ এভিনিউ আদালতত জমা দিছে, য’ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে আপ দলকো অভিযুক্ত কৰা হৈছে৷ উল্লেখ্য, আপেই দেশৰ প্ৰথম ৰাজনৈতিক দল, যাক দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰা হৈছে৷ পূৰ্বে ইডিয়ে  এই গোচৰৰ সাতখন অভিযোগনামা দাখিল কৰিছিল৷