Logo
image

উক্তি-বক্ৰোক্তি

#  নিৰ্বাচনৰ পাছত চৰকাৰ গঠনৰ ক্ষেত্ৰত কি হ’ব, কি নহ’ব সেই বিষয়ে সিদ্ধান্ত ল’বলৈ অধীৰ চৌধুৰী কোন? সেয়া ঠিক কৰিব হাইকমাণ্ডে৷ হয় হাইকমাণ্ডৰ কথা মানিব লাগিব, তেওঁলোকৰ সিদ্ধান্ত অনুসৰণ কৰিব লাগিব, নহ’লে দলৰ পৰা বাহিৰলৈ ওলাই যাব লাগিব৷ 

– কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে


#  কংগ্ৰেছত বিসম্বাদ কৰি বিজেপিলৈ যোৱাসকলে এতিয়া বিজেপিতো বিসম্বাদ আৰম্ভ কৰিছে৷ তেওঁলোকক বিজেপিলৈ টানি নি দলটোৰ নেতৃত্বই মহাভুল কৰিলে৷

– কংগ্ৰেছ নেতা গৌৰৱ গগৈ


#  প্ৰধানমন্ত্ৰী মোদীজী, আপুনি জে’লৰ খেল খেলিছে৷ মনীশ ছিছোদিয়া, সঞ্জয় সিং, মোক জে’লত ভৰাইছে৷ মই দলৰ সকলো বিধায়ক আৰু সাংসদক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাম৷ আপুনি ইচ্ছা অনুসৰি আমাৰ সকলোকে জে’লত ভৰাই থ’ব পাৰিব৷ 

– দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল


#  অসমত আমি কমেও ১১খন আসন লাভ কৰিম৷ যোৰহাটত গৌৰৱ গগৈ পৰাস্ত হ’ব৷ প্ৰায় ২ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব বিজেপিৰ প্ৰাৰ্থী তপন গগৈ৷

– মন্ত্ৰী পীয়ূষ হাজৰিকা


#  আমি ভাতৃ-ভগ্নী দুয়োজনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বিজেপি ৰাজনৈতিকভাৱে লাভৱান হ’ব৷ সেয়ে মই প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত আছোঁ৷ ইয়াৰ পৰিৱৰ্তে মই কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ৷ যোৱা ১৫ দিন ধৰি মই একেৰাহে ৰায়বেৰেলিত আছোঁ৷ আমি আমেথিও এৰি দিয়া নাই৷ 

– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী


#  এইবাৰ নিৰ্বাচনত বিজেপিয়ে বেছিকৈ টকা বিলাইছে৷ কেৱল যোৰহাটতে তেওঁলোকে ২৫ কোটি টকা খৰচ কৰিছে৷ ব্যয়বহুল নিৰ্বাচন খেলি বিজেপিয়ে চমক দেখুওৱাৰ পাছত এতিয়া ব্যৱসায়ীয়ে সকলো দ্ৰব্যৰে দাম বৃদ্ধি কৰি ৰাজ্যবাসীক শাস্তি দিছে৷ বিজেপিয়ে নিৰ্বাচনৰ ধন সেই ব্যৱসায়ীসকলৰ পৰাই তুলিছিল৷

– কংগ্ৰেছ সভাপতি ভূপেন বৰা


#  মই জানো, আশা অনুযায়ী আইপিএলত খেলিব পৰা নাই৷ কিন্তু নিজৰ প্ৰদৰ্শনক লৈ মই বেছি চিন্তা কৰি নাথাকোঁ৷ তেতিয়া ভৱিষ্যতৰ প্ৰদৰ্শনত প্ৰভাৱ পৰে৷ ইয়াৰ পৰিৱৰ্তে মই এতিয়াৰ পৰা একেৰাহে অনুশীলনত নামিবলৈ সিদ্ধান্ত লৈছোঁ৷ মোৰ লক্ষ্য এতিয়া টি-২০ বিশ্বকাপ৷

– টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ ৰোহিত শৰ্মা


#  মোৰ শৰীৰৰ ভিতৰত দহ চেণ্টিমিটাৰ আকাৰৰ টিউমাৰ ধৰা পৰিছে৷ মোৰ কথা ক’বলৈকে ভয় লাগিছে৷ কিন্তু হাঁহি হাঁহি মই অপাৰেচন থিয়েটাৰলৈ সোমাই যাম আৰু হাঁহি হাঁহি ওলাই আহিম৷ আপোনালোকে মোৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব৷ 

– বলীউডৰ অভিনেত্ৰী ৰাখী ছাৱন্ত