Logo
image

কোটিৰো অধিক ভোটবৃদ্ধিৰ ৰহস্য

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ মে’ :ন্দেহৰ আৱৰ্তত এতিয়া দেশৰ নিৰ্বাচন আয়োগ৷ ইতিমধ্যে লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ ভোট গ্ৰহণ অন্ত পৰিছে যদিও আশ্চৰ্যজনকভাৱে নিশা নিশা যেন ইভিএম মেচিনত ভোটৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে৷ আপুনিন্দেহৰ আৱৰ্তত এতিয়া দেশৰ নিৰ্বাচন আয়োগ৷ ইতিমধ্যে লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ ভোট গ্ৰহণ অন্ত পৰিছে যদিও আশ্চৰ্যজনকভাৱে নিশা নিশা যেন ইভিএম মেচিনত ভোটৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও চাৰিটা পৰ্যায়ত ভোট শেষ হোৱাৰ পাছত সমগ্ৰ দেশতে ৰ.০৭ কোটি অধিক ভোট বৃদ্ধি পাইছে৷ নিৰ্বাচন আয়োগৰ এই অদ্ভূত তথ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ বৰ্তমানলৈ ৩৭৯টা লোকসভা সমষ্টিত ভোট সম্পন্ন হৈছে যদিও বহু পলমকৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত ভোটদানৰ হাৰক লৈ সাধাৰণ ৰাইজৰ মাজতো সন্দেহৰ উদয় হ’বলৈ আৰম্ভ কৰিছে৷ উদ্বেগজনকভাৱে নিৰ্বাচন আয়োগে অন্ধ্ৰপ্ৰদেশ আৰু অসমত ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ সম্পত্তিৰ পাছত দেশৰ ভিতৰতে সৰ্বাধিক হাৰত অদৃশ্য ভোট বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ কৰিছে৷ অৰ্থাৎ নিৰ্বাচনৰ ভোটদান শেষ হোৱাৰ পাছত নিশা নিশা অন্ধ্ৰপ্ৰদেশত সৰ্বাধিক ১৭.২ লাখ ভোট বৃদ্ধি পোৱাৰ বিপৰীতে অসমত ১০.৩ লাখ ভোট বৃদ্ধি পালে৷ ৰাষ্ট্ৰীয় সংবাদপত্ৰ টাইমছ অৱ ইণ্ডিয়াৰ এক পৰ্যালোচনাত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ উল্লেখ্য, নিৰ্বাচন আয়োগে সময় মতে চূড়ান্ত ভোটদানৰ তথ্য প্ৰকাশ কৰিব নোৱৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত ভোটৰ হাৰ বৃদ্ধি পোৱাক লৈ সচেতন ৰাইজ আৰু বিৰোধীৰ মনতো সন্দেহৰ সৃষ্টি হৈছে৷ বিশেষকৈ অসমসহ সমগ্ৰ দেশতে ১৯ মে’ত প্ৰথম পৰ্যায়ৰ ভোট হৈ যোৱাৰ ১১ দিনৰ পাছত নিৰ্বাচন আয়োগে ভোটদানৰ চূড়ান্ত তথ্য প্ৰকাশ কৰাত স্বাভাৱিকভাৱেই সকলোৰে চকু কঁপালত তুলিছে৷ কিয়নো প্ৰথম পৰ্যায়ৰ ভোটৰ দিনা নিৰ্বাচন আয়োগে যিমান শতাংশ ভোট সম্পন্ন হোৱা বুলি প্ৰকাশ কৰিছিল তাৰ বিপৰীতে ১১ দিনৰ পাছত ৰাজহুৱা কৰা চূড়ান্ত তালিকাত ভোটদানৰ হাৰ আকস্মিকভাৱে ৫.৭৫ শতাংশ বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ কৰিছিল৷ একেদৰে ৩০ এপ্ৰিলত সম্পন্ন হৈ যোৱা দ্বিতীয় পৰ্যায়ত ৬০.৯৬ শতাংশ ভোটদানৰ তথ্য প্ৰকাশ কৰিছিল যদিও চ্ছ্ৰ দিনৰ পাছত আয়োগে প্ৰকাশ কৰা চূড়ান্ত তালিকাত ভোটৰ হাৰ ৬৬.৭ শতাংশলৈ বৃদ্ধি পোৱা দেখুৱাইছিল৷ পূৰ্বৰ নিৰ্বাচন সমূহত চূড়ান্ত ভোটদানৰ হাৰ ১-২ শতাংশ বৃদ্ধি পাই যদিও তাক পিছদিনাই নিৰ্বাচন আয়োগে ৰাজহুৱা কৰাৰ নিয়ম আছে৷ কিন্তু এইবাৰৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰৰ তথ্য পাৰ্থক্যৰ বিষয়টো ইতিমধ্যে উচ্ছতম ন্যায়ালয়ো পাইছেগৈ৷ নিৰ্বাচন আয়োগক ৪৮ ঘণ্টাৰ ভিতৰত ভোটদানৰ হাৰৰ চূড়ান্ত তথ্য কিয় দিব নোৱাৰে তাক লৈয়ো প্ৰশ্ন কৰিছে সৰ্বোচ্ছ ন্যায়ালয়ে৷ উচ্ছতম ন্যায়ালয়ৰ এই গোচৰৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত উন্মোচিত হোৱা অনুসৰি চাৰিটা পৰ্যায়ত দেশৰ ৩৭৯ টা সমষ্টিত ভোটগ্ৰহণ সমাপ্তিৰ পাছত ইভিএমত বৃদ্ধি পাইছে সৰ্বমুঠ ১.০৭ কোটি ভোট৷ সেই অনুসৰি নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ ভোটাধিকাৰৰ চূড়ান্ত তালিকা ভোট গ্ৰহণৰ ১১ দিনৰ পাছত ৰাজহুৱা কৰি ভোটৰ হাৰ বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ কৰিছে৷ আনহাতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ ৪ দিনৰ পাছত চূড়ান্ত ভোটদানৰ হাৰ প্ৰকাশ কৰিছে৷ এই তিনিটা পৰ্যায়তো ভোটদানৰ হাৰৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷ ভোটদান সম্পূৰ্ণ হোৱা দিনটোৰ অন্তত নিৰ্বাচন আয়োগে সমষ্টি ভিত্তিত প্ৰকাশ কৰা ভোটদানৰ হাৰ আৰু পৰৱৰ্তী সময়ত প্ৰকাশ কৰা চূড়ান্ত ভোটদানৰ হাৰৰ মাজত এই বৃহৎ পাৰ্থক্য দেখা পোৱা গৈছে৷ চাৰিটা পৰ্যায়ত ভোটদান সম্পন্ন হোৱাৰ পাছত নিৰ্বাচন আয়োগে ৪৪ কোটি ৯ লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল৷ কিন্তু চূড়ান্ত তালিকাত ৪৫ কোটি ১৬ লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা বুলি বিপৰীত তথ্য ৰাজহুৱা কৰিছে৷ য’ত পূৰ্বৰ তুলনাত ইভিএমত ১ কোটি ৭ লাখ অধিক ভোট সাব্যস্ত হোৱা দেখুওৱা হৈছে৷ সেই অনুসৰি চাৰিটা পৰ্যায়ত অন্ধ্ৰপ্ৰদেশত সৰ্বাধিক ৪.২ শতাংশ অৰ্থাৎ ১৭.২ লাখ ভোট বৃদ্ধি পাইছে৷ ভোট বৃদ্ধিৰ দ্বিতীয় স্থানত থকা মহাৰাষ্ট্ৰত ১৬.৭ লাখ ভোট আৰু তৃতীয় স্থানত থকা কেৰালাত ১১.৪ লাখ ভোট বৃদ্ধি পাইছে৷ আনহাতে অসমত তিনিটা পৰ্যায়ত সৰ্বমুঠ ১০.৩ লাখ ভোট বৃদ্ধি পাইছে৷ ভোটৰ হাৰ বৃদ্ধিত অসম অন্ধ্ৰপ্ৰদেশৰ সৈতে সম হাৰত ৪.২ শতাংশ বৃদ্ধিৰে শীৰ্ষ স্থানত আছে যদিও সংখ্যাগত হিচাপত চতুৰ্থ স্থানত আছে অসম৷ ভোট গ্ৰহণ সম্পন্ন হোৱাৰ দিনটোৰ নিশা পৰ্যন্ত নিৰ্বাচন আয়োগে অসমত ১.৮৯ কোটি ভোটাধিকাৰ সাব্যস্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল যদিও ইয়াৰ বিপৰীতে চূড়ান্ত তালিকাত ১.৯৯ কোটি ভোটাধিকাৰ সাব্যস্ত হোৱাৰ তথ্য দেখুওৱা হৈছে৷ অৰ্থাৎ হাৰ হিচাপত ৭৭.৪ শতাংশৰ পৰা ৮১.৬ শতাংশলৈ অসমত ভোটদানৰ হাৰ বৃদ্ধি পাইছে৷ নিৰ্বাচন আয়োগৰ এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অসমৰ ১৪টা লোকসভা সমষ্টিৰ প্ৰতিটোতে গড় হিচাপে ৭৩ হাজাৰকৈ অদৃশ্য ভোটাৰে নিশা ইভিএমৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ লক্ষণীয়ভাৱে নিৰ্বাচন আয়োগে বৰ্তমানলৈ কোন সমষ্টিত কিমান ভোটাৰে ভোটদান কৰিলে তাৰ সংখ্যা বৰ্তমানেও প্ৰকাশ কৰা নাই৷