Logo
image

আইআইটিত আইনমন্ত্ৰী আৰু ন্যায়াধীশ মুখামুখি

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধি, ১৯ মে’: দেশত ২০২৪ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন ফৌজদাৰী আইন ৷ ব্ৰিটিছৰ দিনৰ পৰা চলি অহা পুৰণা আইনৰ অৱসান ঘটি দেশত বলৱৎ হ’ব নতুন আইন ব্যৱস্থা৷ এই ঘোষণা কেন্দ্ৰীয় আইন মন্ত্ৰীৰ৷ উল্লেখ্য, আইন আৰু ন্যায় মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত আজিৰে পৰা গুৱাহাটীত ‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’ শীৰ্ষক দুদিনীয়া সন্মিলন অনুষ্ঠিত হৈছে৷  আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী [স্বতন্ত্ৰ দায়িত্ব] অজুৰ্ন ৰাম মেঘৱালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিগত বছৰসমূহত ভাৰত চৰকাৰে পুৰণি ঔপনিৱেশিক আইনসমূহ বাতিলেৰে নাগৰিক-কেন্দ্ৰিক আৰু এক স্পন্দনশীল গণতন্ত্ৰৰ প্ৰয়োজনীয়তাৰাজি পূৰণ কৰা আইনী প্ৰক্ৰিয়া প্ৰৱৰ্তনৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে, শেহতীয়াভাৱে দেশত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ বাবে তিনি নতুন আইন প্ৰণয়ন কৰা হৈছে৷ নতুন আইনকেইখন হৈছে– ভাৰতীয় ন্যায় সংহিতা, ২০২৩; ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩৷ এই নতুন আইন তিনিখন পূৰ্বৰ ফৌজদাৰী আইন যথা : ভাৰতীয় দণ্ড বিধি, ১৮৬০; ফৌজদাৰী প্ৰক্ৰিয়া বিধি, ১৯৭৩ আৰু ভাৰতীয় সাক্ষ্য আইন, ১৮৭২ৰ সলনি প্ৰৱৰ্তন কৰা হৈছে৷ জাননী অনুসৰি, এই নতুন ফৌজদাৰী আইনসমূহ ১ জুলাই, ২০২৪ৰ পৰা কাৰ্যকৰী হ’ব৷ এই নতুন আইনসমূহৰ সম্পৰ্কে বিশেষকৈ অংশীদাৰসকল আৰু আইনী সমাজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আইন আৰু ন্যায় মন্ত্ৰালয়ে ‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’  শীৰ্ষক এখনি সন্মিলনৰ আয়োজন কৰিছে৷ অসম চৰকাৰৰ সহযোগত আইআইটি-গুৱাহাটীৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই সন্মিলন অনুষ্ঠিত আজিৰে পৰা অনুষ্ঠিত হৈছে৷ এই সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাৰতৰ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হৃষীকেশ ৰায়, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ছিকিম উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ সোমাদ্দাৰে৷ অনুষ্ঠানত ভাৰত চৰকাৰৰ আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী [স্বতন্ত্ৰ দায়িত্ব] অজুৰ্ন ৰাম মেঘৱাল আৰু ভাৰতৰ আইন আয়োগৰ সদস্য সচিব ডঃ ৰীতা বশিষ্ঠই অংশ লৈছে৷ এই সন্মিলনৰ লক্ষ্য হৈছে তিনি নতুন ফৌজদাৰী আইনৰ উল্লেখযোগ্য দিশসমূহত আলোকপাত কৰা তথা কাৰিকৰী আৰু প্ৰশ্নোত্তৰ অধিৱেশনৰ জৰিয়তে ফলপ্ৰসূভাৱে মত-বিনিময় কৰা৷ এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিন্ন আদালতৰ ন্যায়াধীশ, অধিবক্তা, শিক্ষাবিদ, আইন বলবৎকাৰী সংস্থাসমূহৰ প্ৰতিনিধি, আৰক্ষী বিষয়া, চৰকাৰী অধিবক্তা, জিলা প্ৰশাসনৰ বিষয়া আৰু আইনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে৷ উল্লেখ্য, এনে প্ৰথমখন সন্মিলন ২০২৪ৰ ২০ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হৈছিল৷  উদ্বোধনী অধিৱেশনত ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ গাঁথনিক পুনৰাই সংজ্ঞায়িতকৰণ আৰু ইয়াৰ জৰিয়তে নাগৰিকসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাবলৈ নিৰ্ধাৰিত তিনি নতুন ফৌজদাৰী আইনৰ সামগ্ৰিক লক্ষ্যসমূহৰ সন্দৰ্ভত আলোকপাত কৰা হ’ব৷ সন্মিলনৰ দ্বিতীয় দিনা নিম্ন-উল্লিখিত ধৰণেৰে প্ৰতিখন নতুন আইন সম্পৰ্কে এখনকৈ মুঠ তিনি কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ’ব৷ এই সন্মিলনে অংশীদাৰ আৰু নাগৰিকৰ মাজত সজাগতা সৃষ্টিৰে তিনি ফৌজদাৰী আইন সম্পৰ্কে ভালদৰে বুজি উঠাৰ ক্ষেত্ৰত আৰু কাৰ্যকৰীকৰণত অৰিহণা যোগাব৷