Logo
image

খালী পেটত খেজুৰ খালে হৃদযন্ত্ৰ ভালে থাকে

পুৱা শুই উঠি খালী পেটতে পাতল আহাৰ গ্ৰহণ কৰিব লাগে৷ পুৱা পেট ভৰাই খাদ্য গ্ৰহণ কৰা উচিত নহয়৷ দিনৰ প্ৰথম আহাৰ খোৱাৰ পূৰ্বে কিছু স্বাস্থ্যকৰ খাদ্য খোৱা উচিত৷ 

খেজুৰঃ দিনটোৰ আৰম্ভণিতে খেজুৰ খালে স্বাস্থ্যৰ বাবে খুব উপকাৰী৷ খেজুৰত থাকে প্ৰচুৰ পৰিমাণে আঁহ৷ যি হজম প্ৰক্ৰিয়াত সহায় কৰে৷ কোষ্ঠাকাঠিন্য, পেটৰ সমস্যা দূৰ কৰাত খেজুৰে সহায় কৰে৷ তদুপৰি খেজুৰ খালে হৃদপিণ্ডৰ কৰ্মক্ষমতা বৃদ্ধি পায়৷ তেজৰ সঞ্চালন স্বাভাৱিক হৈ থাকে৷ অন্যহাতে শৰীৰৰ প্ৰয়োজনীয় শৰ্কৰাৰ ঘাটি পূৰণ কৰাত খেজুৰে সহায় কৰে৷ খেজুৰত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম যি হাড় মজবুত কৰি ৰখাত সহায় কৰে৷ খেজুৰ খালে ছডিয়াম পটাছিয়ামৰ সমতা অটুট থাকে৷ 

নেমুৰস মিশ্ৰিত কুহুমীয়া পানীঃ পুৱা খালী পেটতে ঠাণ্ডা পানী খোৱাৰ পৰিৱৰ্তে কুহুমীয়া পানীত নেমুৰ মিলাই খালে দিনটোৰ বাবে সতেজ অনুভৱ হোৱাৰ উপৰি ওজন হ্ৰাস কৰাত ই সহায় কৰে৷ এনে কুহুমীয়া পানীত মৌৰস মিহলাই দিব পাৰে৷ মৌত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ 

ভজা কাঠবাদামঃ কাঠবাদাম ভিটামিন আৰু খনিজেৰে পৰিপূৰ্ণ৷ পুৱাতেই ৫-১০ টামান কাঠবাদাম খালে শৰীৰৰ পুষ্টি অটুট থাকে৷ কাঠবাদাম পানীত তিয়াই ৰাখি বাকলি গুচাই খালে সহজেই পুষ্টি পোৱা যায়৷ 



আমলখিৰ জুছঃ ৰাতিপুৱা খালীপেটতে আমলখিৰ জুছ খাব পাৰে৷ কিন্তু আমলখিৰ জুছ খোৱা ৪৫ মিনিটমানৰ পাছতহে চাহ বা কফি খাব লাগে৷ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে৷ যি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ নিয়মীয়াকৈ আমলখিৰ ৰস খালে আয়ুস বাঢ়ে৷ তদুপৰি আমলখিৰ ৰস খালে যকৃত, পেটৰ যন্ত্ৰণা, বদহজম আদিৰ পৰা উপশম পাব পাৰি৷ আমলখিত থকা ভিটামিন ‘চি’য়ে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে কাহ-চৰ্দি আদিত বাধা দিয়ে৷ 

অমিতাঃ প্ৰতিদিনে খালী পেটতে পকা অমিতা খালে বহু ভাল ফল পাব পাৰি৷ পকা অমিতাই কলেষ্ট’ৰেলৰ প্ৰভাৱ হ্ৰাস কৰে, ওজন কমায় আৰু ছাল মসৃণ কৰি ৰখাত সহায় কৰে৷

তৰমুজঃ পুৱা তৰমুজ খালেও শৰীৰে বহু পুষ্টি পায়৷ তৰমুজত কেলৰিৰ পৰিমাণ কম কিন্তু ইলেক্ট্ৰলাইটছৰ পৰিমাণ বেছি৷ প্ৰতিদিনে  দুইপ্লেটমান তৰমুজ খালে শৰীৰত ভিটামিন ‘এ’, ভিটামিন ‘চি’ৰ অভাৱ পূৰণ হয়৷ এজমাজনিত ৰোগৰ বাবেও তৰমুজ উপকাৰী৷ তৰমুজত বিশেষধৰণৰ ধৰণৰ এক এচিড আছে, তৰমুজ খালে সেই এচিডৰ পৰা সৃষ্টি হোৱা নাইট্ৰিক অক্সাইডে তেজৰ স্বাভাৱিক কাৰ্যপ্ৰণালী সক্ৰিয় কৰি ৰাখে৷