Logo
image

আমাজানত উপলব্ধ বিৰল প্ৰজাতিৰ মাকাও পেৰট উদ্ধাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’: অসমৰ আকাশত এতিয়া মুক্ত মনেৰেও উৰিব নোৱাৰা হৈছে বনৰীয়া চৰাই৷ এচাম লোলুপদৃষ্টিৰ লোকে দুষ্প্ৰাপ্য চৰাই দেখিলেই চিকাৰ কৰিবলৈ উদ্যত হয়৷ এনে এক পৰিস্থিতিৰ মাজতে একাংশ অসাধু লোকৰ পৰা সোমবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমাজানত উপলব্ধ এটা মাকাও পেৰট৷ মহানগৰীৰ হাতীগাঁও থানাৰ অন্তৰ্গত চ্যুকাফা নগৰত একাংশ লোকে বন্দী কৰা এটা আঘাতপ্ৰাপ্ত মাকাও পেৰট অসম ৰাজ্যিক চিৰিয়াখানা কতৃৰ্পক্ষই উদ্ধাৰ কৰে৷ উদ্ধাৰকৃত মাকাও পেৰটটোৰ ওজন ৩ কিলোগ্ৰামৰো অধিক হ’ব৷ 

উল্লেখ্য, হাতীগাঁৱৰ চ্যুকাফা নগৰত সোমবাৰে বিয়লিৰ ভাগত আবিৰ্ভাৱ ঘটে এই বিৰল প্ৰজাতিৰ চৰাইটোৰ৷ আঘাতপ্ৰাপ্ত দুষ্প্ৰাপ্য চৰাইটো দেখি একাংশ জীৱশ্ৰেষ্ঠই শিল দলিয়াবলৈ আৰম্ভ কৰে৷ ভয়াৰ্ত চৰাইটোৱে ততালিকে ওচৰৰ এঘৰৰ গছত আশ্ৰয় লয়৷ পিছত কেইজনমান লোকে চৰাইটো কৌশলেৰে ধৰি আনি এটা কোঠাত বন্দী কৰি ৰাখে৷ এই কথা জানিব পাৰি স্থানীয় এজন যুৱকে ‘আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদক টেলিফোনযোগে অৱগত কৰে আৰু চৰাইটোক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়৷ কিয়নো দুষ্ট প্ৰকৃতিৰ লোককেইজনে ইতিমধ্যে চৰাইটো ২ লাখ টকাত বিক্ৰী কৰিবলৈ দৰদাম আৰম্ভ কৰিছিল৷ লগে লগে সাংবাদিক আহমেদে অতি তৎপৰতাৰে সমগ্ৰ বিষয়টো ৰাজ্যিক চিৰিয়াখানাৰ ঊধবৰ্তন কতৃৰ্পক্ষক অৱগত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ চিৰিয়াখানা কতৃৰ্পক্ষয়ো বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তৎকালীনভাৱে এটা বনকৰ্মীৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰে আৰু আৰক্ষীৰ সহযোগত ঘটনাস্থলীৰ পৰা চৰাইটো উদ্ধাৰ কৰে৷ অৱশ্যে আৰক্ষী আৰু বনবিভাগৰ উপস্থিতিৰ উমান পাই একাংশ লোকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইতিমধ্যে ৰাজ্যিক চিৰিয়াখানাত আঘাতপ্ৰাপ্ত চৰাইটোৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ 

গুৰুত্বপূৰ্ণ কথা হ’ল মাকাও পেৰটৰ অসমত আছে এখন বৃহৎ বজাৰ৷ বিশেষকৈ গুৱাহাটীৰ বজাৰত একোটা মাকাও পেৰটৰ মূল্য প্ৰায় ৪-৫ লাখ টকা৷ ইপিনে বনবিভাগৰ সূত্ৰই জনোৱা মতে, এই বিৰল প্ৰজাতিৰ ভাটৌ চৰাইটো কেৱল আমাজান উপত্যকাতহে উপলব্ধ৷ এটা নিৰ্দিষ্ট সময়ত আমাজানৰ পৰা এই চৰাইবিধ বাহিৰলৈ ওলাই আহে আৰু পুনৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আমাজানলৈ উভতি যায়৷ অতি সৌন্দৰ্যশালী এইবিধ চৰাইৰ একাংশ জাকৰ পৰা ফালৰি কাটি বাট হেৰুৱাই বিভিন্ন ঠাইলৈ গতি কৰে৷ অৱশ্যে গুৱাহাটীত উদ্ধাৰ হোৱা চৰাইটো ক’ৰ পৰা কেনেকৈ আহিল বা কোনো ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে আনিছিল নে চোৰাং চিকাৰীয়ে চোৰাংকৈ আনিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷