Logo
image

৫ম পৰ্যায়তো ভোটৰ হাৰ কম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’: দেশৰ ৬খন ৰাজ্য আৰু ২টা কেন্দ্ৰীয় শাসিত অঞ্চলত সোমবাৰে লোকসভাৰ নিৰ্বাচনৰ ভোটদান সম্পন্ন হয়৷ পঞ্চম পৰ্যায়ৰ এই ভোটদান ৪৯টা লোকসভা সমষ্টিত অনুষ্ঠিত হয়৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সোমবাৰে সন্ধিয়া ৭ বজা পৰ্যন্ত এই ৫৯টা লোকসভা সমষ্টিত ভোটদানৰ সামগ্ৰিক হাৰ ৫৭.৪৭ শতাংশ৷ লাডাখত সৰ্বাধিক ৬৭.১৫ শতাংশ ভোটদান হয়৷ পূৰ্বৰ পৰ্যায়সমূহৰ দৰে পঞ্চম পৰ্যায়তো ভোটদানৰ হাৰ যথেষ্ট কম হয়৷ পশ্চিমবংগ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ওড়িশাত ভোটদান অনুষ্ঠিত হয়৷ উল্লেখ্য, চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটদানৰ হাৰ ৫৫.৯৫ শতাংশ আছিল৷ দেশৰ বহু কেইজন হাই প্ৰফাইল নেতাৰ ভাগ্য ইভিএমত বন্দী হয়৷ ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত  ৰাহুল গান্ধী, লক্ষ্ণৌত ৰাজনাথ সিং, আমেথিত স্মৃতি ইৰাণী, বিহাৰৰ হাজীপুৰত চিৰাগ পাছোৱান, দক্ষিণ মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল, জম্মু-কাশ্মীৰৰ বাৰামুনাত ওমৰ আব্দুলা আদি অন্যতম৷ ৪৯টা লোকসভা সমষ্টিৰ সমান্তৰালভাৱে ওড়িশাৰ ৩৫টা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হয়৷ মুম্বাইত চলচ্ছিত্ৰ তাৰকা অমিতাভ বচ্ছন, শ্বাহৰুখ খান, আমিৰ খান, অক্ষয় কুমাৰ আদিও ভোটদান কৰে৷ উল্লেখ্য যে বিহাৰৰ ৫টা, ঝাৰখণ্ডৰ ৩টা, মহাৰাষ্ট্ৰৰ ১৩টা, ওড়িশাৰ ৫টা, উত্তৰ প্ৰদেশৰ ১৭টা, পশ্চিম বংগৰ ৭টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়৷ আনহাতে দুই কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখৰ এটাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়৷ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত পশ্চিম বংগৰ ৭টা সমষ্টি আৰু মহাৰাষ্ট্ৰৰ ১৩টা সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বিতা হয়৷ মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা আৰু মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন শিৱসেনাৰ মাজত মূল যুঁজখন হয়৷ পশ্চিমবংগত মূল যুঁজখন তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মজাত হয়৷ ছোনিয়া গান্ধী ৰাজ্যসভালৈ গুচি যোৱাৰ পাছত ৰাহুল গান্ধী ৰায়বেৰেলী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া ৭ বজা পৰ্যন্ত পশ্চিমবংগত ৭৩ শতাংশ ভোটদান হোৱাৰ বিপৰীতে বিহাৰত ৫২.৬০ শতাংশ, জম্মু-কাশ্মীৰত ৫৪.৪৯ শতাংশ, ঝাৰখণ্ডত ৬৩ শতাংশ, মহাৰাষ্ট্ৰত ৪৮.৮৮ শতাংশ ওড়িশাত ৬০.৭২ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৭৯ শতাংশ ভোটদান হয়৷ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ বিৰোধী দলসমূহৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত ৰায়বেৰেলী আৰু আমেথি সমষ্টিত নিৰ্বাচন হ’ব৷ এইবাৰ ৰায়বেৰেলীৰ পৰা কংগ্ৰেছৰ হৈ ছোনিয়া গান্ধীৰ পৰিৱৰ্তে ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছে৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ জম্মু-কাশ্মীৰৰ একমাত্ৰ আসন বাৰামুলাতো সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লাই এই আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ পিপলছ কনফাৰেন্সৰ চাজ্জাদ লোনে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ নামিব৷ বিহাৰৰ চৰণ লোকসভা আসনখনো এইবাৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ কিয়নো বিজেপি সাংসদ ৰাজীৱ প্ৰতাপ ৰুডিয়ে এই সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ একে সময়তে, ৰোহিণী আচাৰ্যই তেওঁৰ বিৰুদ্ধে আৰজেডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ৰোহিণী আচাৰ্য হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ কন্যা৷