Logo
image

বিএইচইউৰ গৱেষণা অস্বীকাৰ আইচিএমআৰৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মে’ : ক’ভিডৰ প্ৰতিষেধকৰ পাশ্বৰ্ক্ৰিয়াক লৈ হোৱা আতংকৰ পাছত এইবাৰ ক’ভাক্সিন ভেকচিনক লৈ সৃষ্টি হৈছে প্ৰবল বিতৰ্ক৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা ক’ভাক্সিনৰ পাশ্বৰ্ক্ৰিয়াৰ গৱেষণাৰ তথ্যৰ পৰা নিজকে নিলগাই নিছে দেশৰ স্বাস্থ্যক্ষেত্ৰৰ সৰ্বোচ্ছ নিয়মক সংস্থা ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে৷ এই গৱেষণাৰ ধৰণ ভুল বুলি কৈ আই চি এম আৰে সমীক্ষাৰ প্ৰণালী আৰ ফলাফল পোনে পোনে অস্বীকাৰ কৰিছে৷ আই চি এম আৰৰ সঞ্চালক প্ৰধান ৰাজীৱ বেহলে কয়, ভুল পদ্ধতিত কৰা গৱেষণাৰ জৰিয়তে প্ৰকাশ পোৱা তথ্যৰ ফলাফল শুদ্ধ নহয়৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণামতে ক’ভাক্সিন লোৱা ৯২৬ জনৰ ভিতৰত তিনিজন গুৰুতৰ পাশ্বৰ্ক্ৰিয়াত আক্ৰান্ত হৈছিল৷ পৰীক্ষা কৰা ৫০ শতাংশই শ্বাসজনিত সংক্ৰমণত ভুগিছিল আৰু ৩০ শতাংশৰো অধিকে চৰ্মৰোগ আৰু হাড়ৰ স্নায়ুতন্ত্ৰৰ বিসংগতি তথা মাংসপেশীৰ সমস্যাত আক্ৰান্ত হৈছিল৷ গৱেষণালৈ সহাঁৰি জনোৱা এক শতাংশ ব্যক্তিয়ে ষ্ট্ৰ’ক আৰু ভৰি-হাতৰ গুৰুতৰ স্নায়ৱিক দুৰ্বলতাত ভুগিছিল৷  বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে অলপতে এই তথ্য প্ৰকাশ কৰাৰ লগে লগে দেশত তৈয়াৰ কৰা ভেকচিনবিধ লোৱা ব্যক্তিয়ে ভয়ংকৰ আতংকত ভুগিছিল৷ তাৰো পূৰ্বে ক’ভিশ্বিল্ডৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়া থকা বুলি প্ৰকাশ পোৱা তথ্যই দেশবাসীক আতংকিত কৰি ৰাখিছিল কাৰণ, ভাৰতত ৮০ শতাংশৰো অধিক লোকে ক’ভিশ্বিল্ড গ্ৰহণ কৰিছিল৷ ক’ভিশ্বিল্ড উদ্ভাৱন কৰিছিল অক্সফৰ্ড বিশ্ববিদ্যালয়ে আৰু তৈয়াৰ কৰিছিল ব্ৰিটিছ-ছুইডিছ কোম্পানী এষ্ট্ৰাজেনেকাই৷ শেহতীয়াকৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ আগষ্টলৈ চলোৱা গৱেষণাৰ তথ্য প্ৰকাশ কৰাত দেশত ক’ভিডৰ প্ৰতিষেধকৰ পাশ্বৰ্ক্ৰিয়াক লৈ অধিক আতংকৰ সৃষ্টি হয়৷