Logo
image

দাঁতৰ কেভিটিক লৈ যন্ত্ৰণা এইদৰে উপশম কৰক

দাঁতৰ সমস্যা কম-বেছি পৰিমাণে প্ৰায়ভাগৰেই থাকে৷ দাঁতত পোক হোৱা, মাৰিৰ সমস্যাৰ লগতে আন এটা সমস্যা হৈছে কেভিটি৷ শিশু আৰু আনকি বয়স্কসকলৰ দাঁতত কেতিয়াবা সৰু সৰু গাঁত দেখা যায়৷ দাঁতৰ টান অংশত যিবোৰ গাঁত হয় তাকেই কেভিটি বুলি কোৱা হয়৷ বেক্টেৰিয়াৰ বাবে এনে কেভিটি হয়৷ বিশেষকৈ খাদ্য খোৱাৰ পাছত যিসকলে দাঁত পৰিষ্কাৰ নকৰে তেওঁলোকৰ দাঁতত কেভিটি হোৱা দেখা যায়৷ মিঠাই খাই ভালপোৱা সকলৰ কেভিটি বেছিকৈ হোৱা দেখা যায়৷ কেভিটিৰ চিকিৎসা আৰম্ভণিৰে পৰা নকৰিলে পাছলৈ দাঁতত গুৰুতৰ সমস্যাই দেখা দিয়ে৷ কেভিটিৰ  পৰা মুক্তি পোৱাৰ কিছুমান ঘৰুৱা উপায়ো আছে৷ উল্লেখ কৰা হ’ল এনে কেইটামান উপায়–

# কেভিটিৰ পৰা মুক্তি পাবলৈ ভিটামিন ‘ডি’ খোৱাটো জৰুৰী৷ বিশেষকৈ দুগ্ধজাত খাদ্য নিয়মীয়াকৈ খাব লাগে৷ 

# দাঁতৰ যি স্থানত কেভিটি হয় তাত দিনত দুই বা তিনিবাৰকৈ লং তেল লগালে বিষ নিৰাময় হয়৷ কিয়নো লঙত এণ্টি ইনফ্লেমেটৰি আৰু এণ্টিবেক্টেৰিয়েল বৈশিষ্ট্য থাকে৷ এডোখৰ কপাহত এটোপাল  লং তেল লৈ দাঁতৰ গাঁতত লগাই ৰাখক, আৰাম পাব৷

# দৈনিক খালী পেটত এডোখৰ নহৰু খালে দাঁতৰ বিষ কমে৷ নহৰুত থকা উপাদানে দাঁতৰ বেক্টেৰিয়া আঁতৰোৱাত সহায় কৰে৷ 

# নেমুৰ দ্বাৰাও কেভিটিৰ পৰা মুক্তি পাব পৰা যায়৷ নেমুত ছাইট্ৰিক এচিড থাকে৷ এইবিধ এচিডে বিষ উপশম কৰে৷ খাদ্য খোৱাৰ পাছত নেমুৰ টুকুৰা চোবাই খালে দাঁতৰ ক্ষয়ৰোগ ৰোধ হয় আৰু হজম ক্ষমতা বৃদ্ধি পায়৷ 

# মধুৰিআমৰ পাতেও দাঁতৰ কেভিটি নাইকিয়া কৰে৷ ইয়াৰ  বাবে  উতলা পানীত মধুৰিআমৰ গুড়ি মিহলাই মাউথৱাছ হিচাপে ব্যৱহাৰ কৰক৷

# উতলা পানীৰ সৈতে নিমখ মিহলাই পানীখিনি কুহুমিয়া কৰক৷ এইবাৰ নিমখ মিশ্ৰিত পানীৰে মুখখন কুলি কৰক৷ এনে কৰিলে দাঁতৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়৷

# কণীৰ বাকলিৰেও কেভিটি আঁতৰাব পৰা যায়৷ ইয়াৰ বাবে এটা পাত্ৰত কিছুসময় কণীৰ বাকলি ভালদৰে সিজাই লওক৷  বাকলিখিনি শুকুওৱাৰ পাছত ভালদৰে গুড়ি কৰি লওঁক৷ এই গুড়ি  বেকিং ছডাৰ সৈতে মিহলাই টুথপাউদাৰ হিচাপে ব্যৱহাৰ কৰক৷ কণীৰ বাকলিত থকা কেলছিয়াম আৰু খনিজ উপাদানে দাঁতৰ ক্ষয়ৰোগ ৰোধ কৰে৷