Logo
image

৬০ শতাংশ ভোটেই নপৰিল দেশবাসীৰ অনীহাক লৈ ৰহস্য

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ মে’: দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনত প্ৰতিটো পৰ্যায়ত ভোটদানৰ হাৰ যিমানে কমি আহিছে, সিমানে ভোটদানৰ হাৰ হ্ৰাস কৰোৱাৰ বাবে পৰিকল্পনা ৰচনা কৰা হোৱা বুলি চৰ্চা বাঢ়ি আহিছে৷ সোমবাৰে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৫৯.৮০ শতাংশলৈ হ্ৰাস পালে৷ দেশৰ ৬খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশত মুঠ ৪৯টা সমষ্টিত সোমবাৰে হোৱা ভোটদানৰ হাৰেই আছিল এইবাৰৰ সৰ্বনিম্ন৷ চলিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৬৬.১৪ শতাংশ, দ্বিতীয় পৰ্যায়ত ৬০ শতাংশ ভোটেই নপৰিল ৬৬.৭১ শতাংশ, তৃতীয় পৰ্যায়ত ৬৫.৬৮ শতাংশ আৰু চতুৰ্থ পৰ্যায়ত ৬৯.১৬ শতাংশ ভোটদান হৈছিল৷ লোকসভাৰ নিৰ্বাচনত সাধাৰণতে সামগ্ৰিকভাৱে ৭০ শতাংশ ভোটদান হোৱাৰ উদাহৰণ আছে৷ ২০১৯ চনৰ নিৰ্বাচনত ভোটদানৰ সামগ্ৰিক হাৰ আছিল ৬৭.৪০ শতাংশ৷ সোমবাৰে সৰ্বনিম্ন ভোটদান হয় মহাৰাষ্ট্ৰত৷ ৰাজ্যখনৰ মুঠ ১৩টা সমষ্টিত ভোটদান হয় মাথোঁ ৫৪.২৯ শতাংশ৷ অথচ এই ১৩টা সমষ্টিত সকলো ৰাজনৈতিক দলে হাইভল্টেজ প্ৰচাৰ চলাইছিল৷ ভোটগ্ৰহণ হৈ যোৱাৰ পাছত মহাৰাষ্ট্ৰৰ এই ১৩টা সমষ্টিৰ অধিকাংশ ভোটকেন্দ্ৰত মন্থৰ গতিত ভোটদান হোৱাৰ অভিযোগ তুলি ইয়াৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে শিৱসেনাৰ উদ্ধব থাকৰে গোট আৰু কংগ্ৰেছে৷ উদ্ধব থাকৰে আৰু তেওঁৰ পুত্ৰ আদিত্য থাকৰেই কয়, ভোটদানৰ গতি অতিশয় মন্থৰ হোৱাৰ বাবে বহু ভোটকেন্দ্ৰৰ পৰা অপেক্ষা কৰি ভাগৰি পৰি ভোটাৰ উভতি যায়৷ ভোটকেন্দ্ৰসমুহত ভোটাৰে মুকলি ঠাইত দীৰ্ঘসময় শাৰী পাতিবলগীয়া হৈছিল, ছাঁত ৰোৱাৰ ব্যৱস্থা নাছিল৷ ৪০ ডিগ্লী চেলচিয়াছৰ অধিক তাপমাত্ৰাত তেনেদৰে ঘণ্টা ঘণ্টা শাৰী পাতি থকা সম্ভৱ নাছিল৷ বয়স্ক লোকৰ বাবে বহি অপেক্ষা কৰাৰ কোনো ব্যৱস্থা নাছিল৷ সেই ন্যূনতম সা-সুবিধা নিদিয়াৰ বাবে দুয়ো নিৰ্বাচন আয়োগক জগৰীয়া কৰে৷ তদুপৰি বাচ-বিচাৰ নোহোৱাকৈ নিৰ্বাচন আয়োগে বহু ভোটাৰৰ নাম কৰ্তন কৰাৰো অভিযোগ উঠিছে৷ উদ্ধব থাকৰেৰ মতে, সোমবাৰে ভোটগ্ৰহণ হোৱা ১৩টা সমষ্টিত পৰম্পৰাগতভাৱে শিৱসেনাই ভাল ফল কৰি আহিছে৷

উদ্ধৱ থাকৰেৰ এই মন্তব্যৰ পাছতে ভোটদানৰ গতি মন্থৰ কৰি ভোটদান হ্ৰাস কৰোৱাৰ এটা ষড়যন্ত্ৰৰ তত্ব প্ৰচাৰ হৈছে৷ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা হৈছে সেই তত্ব৷ সেই তত্ব অনুসৰি বিশেষ ৰাজনৈতিক আকৰ্ষণ নথকা বা কোনো দলৰ প্ৰতি আনুগত্য নথকা ভোটাৰে তেনে বিৰূপ পৰিস্থিতিত ভোটদানৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে৷ কিন্তু অধিক সমৰ্থক থকা বৃহৎ ৰাজনৈতিক দলৰ কৰ্মী-সমৰ্থকে তেনে পৰিস্থিতিতো দলৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰি ভোটদান কৰিছে৷ ফলত লাভবান হৈছে তেনে বৃহৎ ৰাজনৈতিক দল৷ সেইদিশত মন্থৰ গতিৰ ভোটদানৰ ব্যৱস্থা কৰি সাধাৰণ ভোটাৰক ভোটদানৰ প্ৰতি নিৰ্বাচন আয়োগে অনিচ্ছুক কৰি তোলা বুলিও অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে এই তত্ব কিমান সমৰ্থনযোগ্য সেয়া নিশ্চিত কৰাৰ কোনো ব্যৱস্থা নাই৷ উল্লেখ্য, সোমবাৰে বিহাৰত ৫৪.৫৮ শতাংশ, জম্মু-কাশ্মীৰত ৫৯ শতাংশ, ঝাৰখণ্ডত ৬৩.০৭ শতাংশ, লাডাখত ৬৮.৪৭ শতাংশ, ওড়িশাত ৬৬.২৮ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৭৯ শতাংশ আৰু পশ্চিম বংগত ৭৩.৬৯ শতাংশ ভোটদান হয়৷

ৰাহুল গান্ধী আৰু স্মৃতি ইৰাণীৰ লগতে সোমবাৰে পঞ্চম পৰ্য্যায়ত একাধিক হেভীৱেইট ৰাজনীতিকৰ ভাগ্যনিৰ্ণয় হৈ যায়৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিদ্বন্দ্বিতা কৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ সমষ্টিত৷ তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ ৭২ বছৰীয়া বৰ্ষীয়ানক এইবাৰ কঠিন প্ৰত্যাহ্বান আগবঢ়াইছে তিনিবাৰৰ বিধায়ক, সমাজবাদী পাৰ্টীৰ ৰবিবাৰ মেহৰোত্ৰাই৷ বিহাৰৰ চাৰণত লালুপ্ৰসাদ যাদবৰ কন্যা ৰোহিণী আচাৰ্যই, গাজীপুৰত প্ৰতিদ্বন্দ্বিতা কৰে চিৰাগ পাছোৱানে৷ ৰোহিণীৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱপ্ৰতাপ ৰুদি৷ মহিলা মল্লযোদ্ধাক লৈ অভিযুক্ত বিজেপিৰ সাংসদ ব্ৰীজভূষণ চাৰণ সিঙৰ পুত্ৰ কৰণভূষণ সিঙে কেইছাৰগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে গেৰুৱা দলটোৰ টিকটত৷ অলিম্পিক আৰু অন্যান্য আন্তৰ্জাতিক প্ৰতিযোগিতাৰ পদক অৰ্জন কৰি দেশলৈ সন্মান কঢ়িয়াই অনা মহিলা মল্লযোদ্ধাক ভাৰতীয় ৰেচলিং ফেডাৰেচনৰ সভাপতিৰ দায়িত্বত থাকোঁতে যৌন নিৰ্যাতন কৰা ব্ৰীজভূষণক এইবাৰ বিজেপিয়ে আসন হেৰুওৱাৰ ভয়ত প্ৰদান নকৰিলে প্ৰাৰ্থিত্ব৷ সোমবাৰৰ পঞ্চম পৰ্য্যায়ৰ ভোটদানত সমগ্ৰ দেশৰে দূষ্টি আকৰ্ষণ কৰে আন এজন প্ৰাৰ্থীয়ে৷ তেওঁৰ নাম উজ্জ্বল নিকম৷ পেছাত অধিবক্তা উজ্জ্বল নিকমে মুম্বাইৰ চ্ছযৰৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাকিস্তানী আক্ৰমণকাৰী আজমল কাছভক ফাঁচীৰ কাঠলৈ আগবঢ়াই নিছিল৷ বিজেপিয়ে উজ্জ্বল নিকমক প্ৰদান কৰিছে মুম্বাই উত্তৰ-উত্তৰ-মধ্য সমষ্টিত প্ৰাৰ্থিত্ব৷ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে মুম্বাই উত্তৰত আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেই কল্যাণ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে শিৱসেনাৰ টিকটত৷  পঞ্চম পৰ্য্যায়ত সোমবাৰে ভোটগ্ৰহণ হয় মুঠতে ৪৯টা সমষ্টিত৷ ছখন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ভোটগ্ৰহণৰ হাইভল্টেজ প্ৰচাৰৰ সামৰণি পৰে দেওবাৰে৷ সোমবাৰে উত্তৰ প্ৰদেশৰ মুঠ ৮০টা সমষ্টিৰ ১৪টাত, মহাৰাষ্ট্ৰৰ ৪৮টা সমষ্টিৰ ১৩টাত, পশ্চিমবংগৰ মুঠ ৪২টা সমষ্টিৰ সাতটাত, বিহাৰৰ ৪০টা সমষ্টিৰ পাঁচটাত, ওড়িশাৰ ২১টা সমষ্টিৰ পাঁচটাত, ঝাৰখণ্ডৰ ১৪টা সমষ্টিৰ তিনিটাত ভোটগ্ৰহণ হৈ যায়৷ কেন্দ্ৰীয়শাসিত প্ৰদেশ জম্মু-কাশ্মীৰৰ ৫ টা সমষ্টিৰ এটা আৰু লাডাখৰ একমাত্ৰ সমষ্টিতো হয় সোমবাৰে ভোটগ্ৰহণ৷ পঞ্চম পৰ্য্যায়ত ৮২ গৰাকী মহিলাসহ মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে ৪৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে৷