Logo
image

মোদী ৩.০ত চাৰিটা বৃহৎ পৰিৱৰ্তন আহিব? প্ৰশান্ত কিশোৰৰ মত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ মে’: কেন্দ্ৰৰ মচনদ কোনে দখল কৰিব! সৰ্বত্ৰ অব্যাহত থকা জল্পনা-কল্পনাৰ মাজতে দেশৰ নিৰ্বাচনী চাণক্য হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে পুনৰ কৰিছে বিস্ফোৰক ভৱিষ্যদ্বাণী৷ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ মূল আকৰ্ষণ নৰেন্দ্ৰ মোদী, ৰাম মন্দিৰ আৰু ৰাষ্ট্ৰীয়তাবাদকে ধৰি বহু ইছ্যু থকা সত্ত্বেও অধিকাংশ হিন্দুৱে এইবাৰৰ নিৰ্বাচনত বিজেপিক ভোট দিয়া নাই৷ প্ৰশান্ত কিশোৰৰ দাবী– ৪ প্ৰকাৰৰ হিন্দুৱে বিজেপিক ভোট দিয়া নাই৷ বিজেপিক ভোট নিদিয়া এই চাৰি প্ৰকাৰৰ হিন্দু হৈছে–গান্ধীবাদী হিন্দু, আম্বেদকাৰপন্থী হিন্দু, বামপন্থী হিন্দু আৰু সমাজতান্ত্ৰিক হিন্দু ৷ ২০১৯ চনত বিজেপিৰ পক্ষত ৩৮ শতাংশ ভোট পৰিছিল৷ মুছলমানসকলে বিজেপিক ভোট দিয়া নাছিল৷ ৮০ শতাংশ হিন্দুৰ যদি ৩৮ শতাংশইহে বিজেপিক ভোট দিয়ে তেনেহ’লে বুজিব লাগিব অৰ্ধেক হিন্দুৱেও বিজেপিক ভোট দিয়া নাই৷ অৰ্থাৎ গান্ধীক অনুসৰণ কৰা হিন্দুৱে বিজেপিৰ হিন্দুত্ববাদক সমৰ্থন কৰা নাই৷ আম্বেদকাৰক অনুসৰণ কৰা হিন্দুৱেও বিজেপিৰ বিচাৰধাৰাত সহমত নাই৷ বাওপন্থী হিন্দুসকলেও বিজেপিৰ হিন্দুত্ববাদক সমৰ্থন কৰা নাই৷ অৰ্থাৎ তেওঁলোকেও ভোট দিয়া নাই৷ সমাজতান্ত্ৰিক বিচাৰধাৰাত বিশ্বাসী হিন্দুৱেও বিজেপিক ভোট দিয়াৰ পৰা বিৰত আছে৷ এই ক্ষেত্ৰত উক্ত চাৰি বিচাৰধাৰাৰ হিন্দুৱে বিজেপিবিৰোধী মুছলমানৰ সৈতে এক হ’লে গেৰুৱা শিবিৰক পৰাস্ত কৰিব পাৰে৷ এনেদৰেই সম্ভৱ হ’ব পাৰে তৃতীয় বিকল্প৷ কিন্তু এই তৃতীয় বিকল্প কেতিয়াও ঐক্যৱদ্ধ নহয় বুলি দাবী কৰি এইবাৰৰ লোকসভা নিৰ্বাচনত পুনৰ বিজেপিয়ে ক্ষমতা দখল কৰাও ইংগিত দিছে নিৰ্বাচনী চাণক্য প্ৰশান্ত কিশোৰে৷ কিশোৰৰ দাবী প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি নেতাসকলে এইবাৰ ৪০০ পাৰ কৰিব বুলি কৈ আহিলেও ২০১৯ চনৰ দৰে ৩০৩ খন আসনৰ ওচৰে পাজৰে আসন লাভ কৰিব বিজেপি৷ হয়টো পূৰ্বৰ তুলনাত কিছু আসন বৃদ্ধি পাব পাৰে৷ কিয়নো মোদী চৰকাৰৰ বিৰুদ্ধে জনতাই ক’তো ক্ষোভ প্ৰকাশ কৰা দেখা যোৱা নাই৷ সাধাৰণতে চৰকাৰৰ কাৰ্যকলাপক লৈ ৰাইজৰ প্ৰচণ্ড ক্ষোভ, হতাশা নাথাকিলে ভোট সদায় শাসক পক্ষৰ সপক্ষে যায়৷ ইফালে আন এটা সাক্ষাৎকাৰত প্ৰশান্ত কিশোৰে মমতা বেনাৰ্জীৰ ৰাজ্য পশ্চিমবংগত এইবাৰ বিজেপি এক নম্বৰ দল হৈ উঠিব পাৰে বুলিও মন্তব্য কৰে৷ তদুপৰি বিজেপিয়ে আশা কৰাৰ দৰে ৩৭০ খন আসন নাপালে ভাৰতৰ শ্বেয়াৰ বজাৰত পতনৰ ধুমুহা অহাৰো আশংকা ব্যক্ত কৰিছে৷ ইফালে ২০১৪ চনত নৰেন্দ্ৰ মোদীক ক্ষমতালৈ অনা আঁৰৰ মূল ব্যক্তি প্ৰশান্ত কিশোৰে মোদীৰ ৩.ঙ্ম কাৰ্যকালত চ্ছ্ৰটা বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে৷ এই বিষয়ত তেওঁ কয়–ৰাজ্যসমূহৰ ৰাজহৰ তিনিটা প্ৰধান উৎস হৈছে পেট্ৰ’লিয়াম, সুৰা আৰু মাটি৷ মোদী চৰকাৰ ক্ষমতালৈ আহিলে পেট্ৰ’লিয়ামক জি এছ টিৰ অধীনলৈ নিলে আচৰিত হ’বলগীয়া একো নাই৷ বৰ্তমান পেট্ৰ’ল-ডিজেল তথা প্ৰাকৃতিক গেছৰ দৰে পেট্ৰ’লিয়াম সামগ্ৰী জিএছটিৰ পৰিসৰৰ বাহিৰত৷ পেট্ৰ’লিয়াম সামগ্ৰীৰ ওপৰত ৰাজ্য চৰকাৰসমূহে ভেট, কেন্দ্ৰীয় বিক্ৰী কৰ আৰু কেন্দ্ৰীয় আবকাৰী শু{¨ আৰোপ কৰে৷ কিন্তু মোদী চৰকাৰে পেট্ৰ’লিয়াম সামগ্ৰীক জি এছ টিৰ অধীনলৈ নিলে ৰাজ্যসমূহৰ বৃহৎ ৰাজহ লোকচান হোৱাটো নিশ্চিত৷ যাৰ ফলত ৰাজ্যসমূহ কেন্দ্ৰৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিব যাতে সময় মতে কৰৰ অংশ লাভ কৰে৷ আনকি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ সম্পদৰ হস্তান্তৰকৰণ প্ৰক্ৰিয়া বিলম্ব কৰি বিত্তীয় দায়ৱদ্ধতা আৰু বাজেট ব্যৱস্থাপনা কঠোৰ কৰি তুলিব পাৰে৷