বিহু সামৰক কৃষিকৰ্মত ধৰক
বিগত এটা মাহ ধৰি সমগ্ৰ অসমত অনুষ্ঠিত হৈ আছে ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান৷ প্ৰতিজন অসমীয়াৰ কাৰণে আনন্দৰ উৎসৱ ব’হাগ বিহু সাতদিনৰ বাবে উদ্যাপন কৰাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছিল যদিও আধুনিকতাৰ পৰশত পৰিৱৰ্তন আহিল ব’হাগৰ বিহুটোলৈ৷ বৰ্তমান ব’হাগ বিহু মানে অসমীয়া নৱবৰ্ষৰ প্ৰথম সাতটা দিনৰ উৎসৱতে সীমাবদ্ধ নহয়৷ আজিৰ ব’হাগ মানে এটা মাহৰ দীঘলীয়া উৎসৱ৷ একেখন পথাৰতেই কেইবাখনো বিহুৰ সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ এক অঘোষিত প্ৰথালৈ পৰিৱৰ্তন হৈছে ব’হাগৰ বিহুটো৷ হাজাৰটকীয়া মাননিৰ পৰা বাৰ লাখ টকাৰ মাননি লোৱা শিল্পীক আমন্ত্ৰণ জনাই নিশাটো উজাগৰে থাকি আনন্দ কৰা বিহু কোনটো বুলিলে ব’হাগ বিহুৰ কথাই কোৱা হয়৷ একেখন টাউনতে অলিয়ে-গলিয়ে যুৱক-যুৱতীয়ে আয়োজন কৰা বিহু নামৰ সাংস্কৃতিক সন্ধ্যাবোৰে নাগৰিকক ক্ষন্তেকৰ বাবে সুখী কৰে যদিও বিহুৰ উদ্যাপনে এক শ্ৰেণী মানুহৰ বাবে আনে অৰ্থৰ অভাৱ৷ পৰিয়ালৰ বাকচত ধন থাককেই বা নাথাকক, চুবুৰীৰ বিহুখনত বিহুৰ চান্দা দিয়াটো বাধ্যতামূলক৷
অসমৰ বিহুত বৰঙণি দিয়া প্ৰধান ব্যক্তিসকলেই হৈছে চহৰ বা টাউনৰ ব্যৱসায়ীসকল৷ শিল্পীৰ মাননি যিমানেই বেছি হ’ব, সিমানেই বৃদ্ধি হ’ব চান্দাৰ হেঁচা৷ বিশ-ত্ৰিশ লাখৰ বাজেটৰ এখন বিহু অনুষ্ঠানৰ বাবে বিহু সমিতিৰ সভাপতি-সম্পাদক কিম্বা সদস্যসকলে নিজৰ পকেটৰ পৰা বৰঙণি নিদিয়ে অথচ চান্দা সংগ্ৰহৰ সেৱা দি উদ্ধাৰ কৰে অনুষ্ঠানটোক৷ ব্যৱসায়ীসকলৰ পকেটৰ পৰা বাহিৰ হোৱা চান্দাৰ ধন সামগ্ৰী মূল্যবৃদ্ধি কৰি উদ্ধাৰ কৰা প্ৰথাটো সৰ্বজনবিদিত৷ কথাবোৰ সকলো ব্যক্তিয়েই জানে অথচ নিমাত নিশ্চুপ৷ এখন টাউনতেই দহ-বাৰ লাখ টকীয়া শিল্পী দুজনক আমন্ত্ৰণ কৰি আনি বিহুৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ যুক্তিয়েই বা ক’ত?
প্ৰকৃততে ব’হাগৰ বিহুৰ পাছতেই কৃষক ঢাপলি মেলে পথাৰলৈ৷ পথাৰত খেতিৰ বাবে কঠিয়া পৰা কৰ্মভাগ বিহুৰ পাছতেই কৰাটো বাঞ্চনীয়৷ পৰিতাপৰ কথা যে অসমৰ গ্ৰামাঞ্চলবোৰতো ব’হাগৰ শেষলৈ পথাৰৰ প্ৰতি চকু দিয়া কৃষকৰ অভাৱ হোৱাটো পৰিলক্ষিত হৈছে৷ থলুৱা অসমীয়া কৃষকে আজি ত্যাগ কৰিছে কৃষিকৰ্ম৷ থলুৱা অসমীয়া কৃষকৰ বিপৰীতে সংখ্যালঘু অধ্যুষিত এলেকাত দেখা পোৱা যায় সম্পূৰ্ণ বিপৰীত প্ৰতিচ্চবি৷ ব’হাগৰ গৰমৰ মাজতো কৃষিভূমিত বড়ো খেতি কৰা সংখ্যালঘু কৃষকে ইতিমধ্যে সোণোৱালী কৰিছে পথাৰ৷ শাক-পাচলিৰ খেতি কৰা সংখ্যালঘু কৃষকৰ মুখত আখৈ ফুটাদি ফুটি উঠে কীটনাশক দ্ৰব্যৰ নাম৷ বছৰৰ শেষত হাতত এমুঠি মাটি লৈ কৃষি বিজ্ঞান কেন্দ্ৰত মাটিৰ গুণাগুণ পৰীক্ষা কৰা সংখ্যালঘু কৃষকৰ শাৰীত দেখা পোৱা নাযায় থলুৱা কৃষকক৷ কৃষি কৰ্মত মেচিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংখ্যালঘু কৃষকে আৰোহণ কৰিছে শীৰ্ষস্থান৷ আজিকালি ধান কটা কামতো ব্যৱহৃত হয় মেচিন৷ শস্য চপোৱাৰ পিছত কৃষিভূমিক পুনৰ আন এক শস্যৰ উৎপাদনৰ বাবে সাজু কৰা কৰ্মত ব্যৱহৃত আধুনিক মেচিনৰ নামেই নাজানে বহুতো থলুৱা কৃষকে৷
প্ৰশ্নটো হৈছে থলুৱা অসমীয়া কেতিয়া সজাগ হ’ব কৃষি কৰ্মৰ প্ৰতি? ব’হাগৰ বিহুটোৰ লগতে গাঁৱে-গাঁৱে লাখ টকা ব্যয় কৰি ভাগৱত পাঠৰ কাৰ্যসূচী লোৱা, আধুনিক নৃত্যৰ অনুষ্ঠান পতা কাৰ্যসূচীবোৰ সীমিত কৰণৰ পোষকতা কৰো৷ চৰকাৰৰ পৰা লাভ কৰা বিনামূলীয়া চাউলৰ ওপৰত ভৰষা কৰি নিজৰ কৃষিভূমি ডোখৰৰ প্ৰতি পিঠি দিয়া মানসিকতা পৰিৱৰ্তন কৰিব লাগিব থলুৱা কৃষকে৷ অৰ্থনৈতিক কৰ্মত আত্মনিয়োগ কৰাৰ পৰিৱৰ্তে বিহু, ভাগৱত পাঠ, আধুনিক নৃত্যৰ সাংস্কৃতিক কাৰ্যসূচীত অত্যাধিক আত্মনিয়োগ হোৱা কৰ্মই ইতিমধ্যে নিশকতীয়া কৰিছে থলুৱা অসমীয়াৰ ভেটি৷ ব’হাগৰ আনন্দৰ পাছতেই কৃষিকৰ্মত আত্মনিয়োগ কৰাৰ অতীতৰ পৰম্পৰাক পুনৰ আৰম্ভ কৰাটো বৰ্তমান সময়ৰ বাবে হ’ব উচিত পদক্ষেপ৷ সজাগ হওক থলুৱা অসমীয়া কৃষক – সজাগ হওক প্ৰতিজন নাগৰিক৷






