Logo
image

গৰমে দহিছেঃ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা অৱস্থা, কেতিয়া আহিব বৰষুণ?

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ  প্ৰতিবেদক, ২৩ মে': মে' মাহ আৰম্ভ হোৱাৰ পাছৰে পৰা দেশৰ কেইবাখনো ৰাজ্যত চলি থকা হোৱা গ্ৰীষ্ম প্ৰবাহ যেন অসমলৈ সম্প্ৰসাৰণ হৈছে। বৰষুণ আহিলে সামান্য সকাহ পোৱাৰ বিপৰীতে ৰ'দ দিলে বাহিৰত ওলোৱাই টান হৈ পৰিছে। প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে সদৰি কৰা অনুসৰি, সাধাৰণতে মে' মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত প্ৰায় তিনি-চাৰিদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। উদ্বেগজনকভাৱে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে ৬ৰ পৰা ৮ ডিগ্ৰী চেলছিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে।  


আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক তাপমাত্ৰা আছিল তেজপুৰ চহৰত। তেজপুৰ চহৰত দুপৰীয়াৰ ভাগত তাপমাত্ৰা বৃদ্ধি হয়গৈ ৩৯.৫ ডিগ্ৰী চেলছিয়াছ৷ যিটো স্বাভাৱিকতকৈ ৮.৪ ডিগ্ৰী চেলছিয়াছ অধিক আছিল। শিলচৰ চহৰত  স্বাভাৱিকতকৈ ৭.২ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.২ ডিগ্ৰী চেলছিয়াছ। 

আনহাতে উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত স্বাভাৱিকতকৈ ৬.২ ডিগ্ৰী বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৮.২ ডিগ্ৰী চেলছিয়াছ। তেনেদৰে নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাৱিকতকৈ ১ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য হৈছে। পৰিৱেশবিদসকলে প্ৰকৃতিৰ ওপৰত হোৱা ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে বুলি সদৰি কৰিছে। 

আনহাতে বৃহস্পতিবাৰৰ  দিনটোত ৰাজ্যৰ কেইবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনেধৰণৰ -  ডিব্ৰুগড়ত স্বাভাৱিকতকৈ ৭.৮ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৭.৯  ডিগ্রী চেলছিয়াছ, যোৰহাটত স্বাভাৱিকতকৈ ৭.৩ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৭.২ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত স্বাভাৱিকতকৈ ৭.৯ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৮.২ ডিগ্ৰী চেলছিয়াছ আছিল। ধুবুৰীত স্বাভাৱিকতকৈ ৬.৬ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈ ৩৭.০ ডিগ্ৰী চেলছিয়াছ আছিল। 

আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৭ মে' বা তাৰ পাছত অসমৰ কেতবোৰ অঞ্চলত গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হ'ব পাৰে বুলি আগজাননী দিছে। অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ২৭ মে'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাজনি-ঢেৰেকনিৰ সৈতে ধুমুহা-বৰষুণ হ'ব বুলি কমলাৰঙী সতৰ্কতা জাৰি কৰিছে।