Logo
image

গামোচা নহয়, গছৰ পুলি দিলেহে মই ভাল পাওঁঃ জুবিন গাৰ্গ

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক,  ২৩ মে': "মই গামোচাৰ পৰিৱৰ্তে গছৰ পুলি দিলেহে বেছি  ভাল পাওঁ৷ গামোচা একো কামত নাহে, গছজোপা কামত আহে৷" এই মন্তব্য কণ্ঠশিল্পী  জুবিন গাৰ্গৰ৷ বুধবাৰে নিশা পাঠশালাৰ সমীপৰ কেন্দুগুৰীৰত ইউনাইটেড সন্ধিয়াত  সংগীত পৰিৱেশনৰ মাজতে মৌচম খাটনিয়াৰ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনে এটি গছ পুলি উপহাৰ দিয়াৰ পিছত ছাত্ৰজনক ধন্যবাদ জ্ঞাপন কৰি এই মন্তব্য কৰে  জুবিন গাৰ্গে ৷ 

অনুষ্ঠানত কেইবাঘণ্টা ধৰি জুবিনে সংগীতৰ মায়াজালত আৱদ্ধ ৰাখে কেইবা সহাশ্ৰাধিক জনতাক ৷ আনহাতে সাংস্কৃতিক সন্ধিয়া আগেয়ে ইউনাইটেড ক্লাব সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক মুখপত্ৰ ইউনাইটেড উন্মোচন কৰে বিশিষ্ট উদ্যোগী, লিখক শ্যামকানু মহন্তই ৷ মুখপত্ৰ উন্মোচন কৰি মহন্তই কয় যে সৰুতে কটন কলেজত পঢ়িছিলোঁ, আটাইকৈ চোকা ল'ৰাবোৰ আছিল পাঠশালাৰ৷ আমেৰিকাৰ কেলিফৰ্ণিয়া আদিকে ধৰি বিশ্বৰ বিভিন্ন  ঠাইত পাঠশালাৰ ল'ৰা-ছোৱালীয়ে অতি উচ্চ খাপৰ অভিযন্তা, চিকিৎসাক হৈ শৈক্ষিক-বৌদ্ধিক-সাংস্কৃতিক জগতত দপদপাই আছে। এজন অসমীয়া ঠিকাদাৰে সমগ্ৰ অসমত অসমীয়াগিৰি দেখুৱাইছে ৷ ইয়াৰ অন্যতম উদাহৰণ  পাঠশালাৰ সু সন্তান অনুপম শৰ্মা। ড০ ৰনজিৎ ডেকাই আনন্দৰাম বৰুৱা একাডেমিৰ দৰে বৃহৎ শিক্ষানুষ্ঠান খুলি শৈক্ষক ক্ষেত্ৰত আমুল পৰিবৰ্তন  আনিছে।

উল্লেখ্য যে অসমৰ এখন লেখত ল'বলগীয়া বিহু উদযাপন সমিতি হিচাপে পৰিচিত ইউনাইটেড ক্লাবে আয়োজন কৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত তিনিদিনে অসমৰ পাঁচগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰে। জুবিন গাৰ্গ, প্ৰিয়ংকা ভড়ালী, আচুৰ্য বৰপাত্ৰ, নীল আকাশ আৰু ৰিছা ভৰদ্বাজৰ সংগীতানুষ্ঠান চাবলৈ প্ৰতিদিনে লোকে লোকাৰণ্য হৈ পৰে কেন্দুগুৰীৰ বাকৰি। 

২২মে'ৰ দিনা আনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসমৰ বিশিষ্ট উদ্যোগপতি তথা ইউনাইটেড সন্ধিয়াৰ মুখ্য পৃষ্ঠপোষক অনুপম শৰ্মাই। ইউনাইটেড সন্ধিয়াৰ মুখ্য সম্পাদক মৃদুল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বজালীৰ সমাজ জীৱনৰ ভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয়।অনুষ্ঠানত ক্লাৱৰ সৰ্বস্ব সন্মান ইউনাইটেড বঁটা প্ৰদান কৰে ক্ৰীড়া সংগঠনক নিপন দাসক। অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যবসায়ী অনিন্দ শৰ্মা, ডা০ কুলেন তালুকদাৰ, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, যতীন চৌধুৰী, মানস দাস, কিশোৰ তহবিলদাৰ, সাংবাদিক প্ৰণব কুমাৰ গোস্বামী, পুলু কুমাৰ শৰ্মা, নীপ কুমাৰ বৰুৱা, দেৱেশ্বৰ তালুকদাৰ, ড০ মনোজ কলিতা, ড০ অজন্ত চৌধুৰী, ড০ গোপেশ্বৰ তালুকদাৰ, ধ্ৰুৱজিত কলিতা, কৈলাস তালুকদাৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।