Logo
image

এভাৰেষ্ট জয় ষোড়শী কাম্যাৰ

কাঠমাণ্ডু, ২৪ মে’: প্ৰথমবাৰৰ বাবে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে এগৰাকী ষোড়শী ভাৰতীয়ই৷ নাম কাম্যা কাৰ্তিকেয়ন৷ উল্লেখ্য যে মুম্বাইস্থিত নৌসেনাৰ নেভী চিলড্ৰেন বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী কাম্যাই তেওঁৰ পিতৃৰ সৈতে যোৱা সোমবাৰে মাউণ্ট এভাৰেষ্টৰ ৮৮৪৯ মিটাৰ উচ্ছতাৰ শিখৰত সফলতাৰে আৰোহন কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে কাম্যা কাৰ্তিকেয়ন নামৰ এই ১৬ বছৰীয়া যুৱতীগৰাকী ভাৰতৰ প্ৰথমগৰাকী আৰু বিশ্বৰ ভিতৰত দ্বিতীয়গৰাকী কনিষ্ঠতম এভাৰেষ্ট আৰোহনকাৰী হিচাপে চিহ্নিত হৈ ৰ’ল৷

কাম্যা আৰু তেওঁৰ এই সফলতাৰ বাবে ভাৰতীয় নৌসেনাই এক্স হেণ্ডেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে৷ স্মৰ্তব্য যে কাম্যাৰ পিতৃ এছ কাৰ্তিকেয়ন সম্প্ৰতি ভাৰতীয় নৌসেনাত কৰ্মৰত হৈ আছে৷ মঙলবাৰে এভাৰেষ্টৰ শিখৰত সফলতাৰে আৰোহন কৰি পিতৃ-কন্যা দুয়োৱে মাউণ্ট এভাৰেষ্টৰ শিখৰত ৰাষ্ট্ৰীয় ত্ৰিৰংগা উৰুৱায়৷ পৰৱৰ্তী সময়ত দুয়ো ইয়াৰ আলোকচিত্ৰ আৰু ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰাত মুহূৰ্তৰ ভিতৰতে এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগতে বিভিন্নজনে দুয়োকে শুভেচ্ছাৰে ওপচাই পেলায়৷ স্মৰ্তব্য যে কাম্যা কাৰ্তিকেয়নে ইয়াৰ পূৰ্বে মাত্ৰ ৭ বছৰ বয়সতে চন্দ্ৰশিল্লা শিখৰ বগাবলৈ সক্ষম হৈছিল৷