Logo
image

বনকৰা মহিলাসহ ডাঃ সংগীতা-ৱালিউলক চাৰ্জশ্বীট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মে’: দুই তোলনীয়া সন্তানক নিৰ্যাতন চলাই বিগত এবছৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে চেলিব্ৰিটী চিকিৎসক দম্পতি সংগীতা দত্ত আৰু ৱালিউল ইছলাম৷ ইতিমধ্যে অভিযুক্ত চিকিৎসক দম্পত্তিৰ বিৰুদ্ধে তদন্তকাৰী পল্টন বজাৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে৷ পক্‌ছ’ আইনৰ ধাৰাত দুয়োজনকে অভিযুক্ত কৰিছে অভিযোগনামাত৷ ‘আমাৰ অসম’ৰ হাতত আহি পৰা অভিযোগনামাৰ প্ৰতিলিপি অনুসৰি পল্টন বজাৰ থানাত ৰুজু হোৱা ২০১/২০২৩ নম্বৰৰ গোচৰটোত ডাঃ সংগীতা আৰু ডাঃ ৱালিউল ইছলামৰ উপৰি শিশু যোগান ধৰা দালাল উৎপলা বসু আৰু দুই কাম কৰা মহিলা লক্ষী ৰায় আৰু  কাব্য কামলাঙৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছে৷

চিকিৎসকৰ প্ৰতিবেদনৰ উদ্ধৃতিয়ে অভিযোগনামাত উল্লেখ কৰা অনুসৰি এটি শিশুৰ গুহ্যদ্বাৰত স্পষ্টভাৱে আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে৷ অভিযোগনামাত অভিযুক্তকেইজনক আই পি চি ৩০৭/৩২৫/৩২৬/৩৪১/৫০৬/৩০৭ ধাৰাৰ লগতে জুভাইনেল আইনৰ ৫/৮০ ধাৰাও আৰোপ কৰা হৈছে৷ ৯টাকৈ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পত্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিলেও তদন্তকাৰী আৰক্ষীয়ে এতিয়ালৈ ফৰেনছিক প্ৰতিবেদন দাখিল কৰিবলৈ সক্ষম হোৱা নাই৷ ফৰেনছিক প্ৰতিবেদন দাখিলত ব্যৰ্থ হোৱাৰ বাবেই পকছ’ আদালতত বিচাৰ প্ৰক্ৰিয়া বৰ্তমানলৈ আৰম্ভ হোৱা নাই৷ ইফালে বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হৈ যোৱাত চিকিৎসক দম্পত্তিয়ে আইন সুৰক্ষা লাভৰো আশংকা ব্যক্ত কৰিছে আইনজ্ঞমহলে৷ লক্ষণীয়ভাৱে সংগীতা-ৱালিউল কাণ্ডই গুৱাহাটীত চলি থকা অবৈধ চাৰুগেচী ব্যৱসায়ৰ তথ্য পোহৰলৈ আনিছিল যদিও স্মাৰ্ট গুৱাহাটী আৰক্ষীয়ে চাৰুগেচী ব্যৱসায়ৰ দালাল চক্ৰক কৰায়ত্ত কৰাত ব্যৰ্থ হ’ল৷ আনকি চিকিৎসক দম্পত্তিয়ে ক্ৰয় কৰা শিশু দুটিৰ পিতৃ-মাতৃৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰাতো চৰম ব্যৰ্থ হ’ল মহানগৰ আৰক্ষী৷