Logo
image

১.০৭ কোটি অস্বাভাৱিক ভোট বৃদ্ধিক লৈ আপত্তি নৰজিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ মে’ : ভোটদানৰ সংশোধিত চূড়ান্ত হাৰ প্ৰকাশ কৰাত অস্বাভাৱিক বিলম্ব আৰু নতুনকৈ প্ৰকাশ কৰা ভোটদানৰ হাৰৰ অবিশ্বাস্য বৃদ্ধিক লৈ কঠিন প্ৰশ্নৰ সন্মুখীন হৈয়ো অৱশেষত উচ্ছতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰিছে নিৰ্বাচন আয়োগে৷ বুথভিত্তিক ভোটদানৰ হাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগক ৰেহাই দিছে সৰ্বোচ্ছ আদালতে৷ এই সংক্ৰান্তত শুকুৰবাৰে ৰায়দান কৰি উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপংকৰ দত্ত আৰু সতীশ শৰ্মাৰ খণ্ড বিচাৰপীঠে কয়–‘আমি এনে কিছুমান প্ৰক্ৰিয়াত বাধা দিব নোৱাৰো, যি প্ৰক্ৰিয়া অব্যাহত আছে৷ আমি এনে কোনো প্ৰক্ৰিয়াত বাধাদান নকৰো৷ আমি কতৃৰ্পক্ষৰ ওপৰত আস্থা ৰাখিব লাগিব৷’ উল্লেখ্য, চলিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ ১১ দিন পাছত নিৰ্বাচন আয়োগে ভোটদানৰ সংশোধিত হাৰ প্ৰকাশ কৰিছিল৷ আনহাতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ ৪ দিন পাছত আয়োগে জনাইছিল ভোটৰ সংশোধিত হাৰ৷ ইপিনে, যোৱা ২০ মে’ত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পাছত আজি ২৪ মে’লৈকে নিৰ্বাচন আয়োগে ভোটদানৰ সংশোধিত হাৰ প্ৰকাশ কৰা নাই৷ তাৎপৰ্যপূৰ্ণ যে, প্ৰথম চাৰিটা পৰ্যায়ৰ ভোটদানৰ নতুন যি হাৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে, আয়োগে প্ৰথমে প্ৰকাশ কৰা ভোটদানৰ ভোটতকৈ ৰ কোটি ৭ লাখ ভোট বৃদ্ধি পাইছে৷ এই ক্ষেত্ৰত প্ৰতিটো লোকসভা সমষ্টিত গড়ে ২৮ হাজাৰকৈ ভোট বৃদ্ধি পাইছে৷ নিৰ্বাচন আয়োগৰ এই তথ্যত দেশজুৰি সন্দেহৰ সৃষ্টি হৈছে আৰু আয়োগৰ ওপৰত ৰাজনৈতিক দলে আস্থা হেৰুৱাই পেলাইছে৷ পূৰ্বে আন সাধাৰণ নিৰ্বাচনত সাধাৰণতে ২৪ ঘণ্টাৰ ভিতৰত আৰু কোনো সময়ত দুৰ্গম স্থানত ভোট হ’লে ৩৬ ঘণ্টাৰ ভিতৰত সংশোধিত ভোটৰ হাৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছিল৷ সম্প্ৰতি তথ্য-প্ৰযুক্তিৰ চৰম উৎকৰ্ষৰ দিনত নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত পূৰ্বতকৈ বিলম্বহে ঘটিছে৷ কংগ্ৰেছ দলে কৰা অভিযোগ অনুসৰি এয়া বিৰাট অসংগতি৷ বিজেপিয়ে য’ত আসন হেৰুওৱাৰ আশংকা আছে, তেনে স্থানত প্ৰাথমিক আৰু চূড়ান্ত ভোটদানৰ হাৰৰ মাজত অসংগতি বেছি হৈছে বুলি কংগ্ৰেছ দলে অভিযোগ কৰিছে৷

নিৰ্বাচন আয়োগৰ এই সন্দেহজনক কৰ্মকাণ্ডৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এডিআৰ বা এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ নামৰ সংগঠনটো৷ তেওঁলোকে বুথভিত্তিক ভোটদানৰ হাৰ প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়াৰ বাবে উচ্ছতম ন্যায়ালয়ত আবেদন জনাইছিল৷ পিছে উচ্ছতম ন্যায়ালয়ে তেনে নিৰ্দেশ নিদিলে৷

বৃহস্পতিবাৰে আয়োগে উচ্ছতম ন্যায়ালয়ত ২২৫ পৃষ্ঠাজোৰা এক শপতনামা দাখিল কৰিছিল৷ এডিআৰৰ আবেদনৰ আধাৰত উচ্ছতম ন্যায়ালয়ে ১৭ মে’ত নিৰ্বাচন আয়োগলৈ এখন জাননী প্ৰেৰণ কৰিছিল৷ উক্ত জাননীৰ দ্বাৰা নিৰ্বাচন আয়োগক ৪৮ ঘণ্টাৰ ভিতৰত কিয় তেওঁলোকে ভোটদানৰ হাৰৰ সংশোধিত চূড়ান্ত তথ্য জনাৰ পৰা নাই সেই সংক্ৰান্তত কৈফিয়ৎ তলব কৰিছিল৷ তাৰ উত্তৰত বৃহস্পতিবাৰে দাখিল কৰা শপতনামাখনত আয়োগে জনাইছিল যে নিৰ্বাচনী আইন অনুসৰি ভোটগ্ৰহণৰ পাছত একমাত্ৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ এজেণ্টকহে ক’ত কিমান ভোট পৰিছে সেই তথ্য সম্বলিত ফৰ্ম ১৭ [চি] দিয়াৰ আইনী বিধান আছে৷ তদুপৰি নিৰ্বাচন আয়োগে স্বেচ্ছাই ভোটাৰ টাৰ্ণ আউট বা ভোটৰ সংখ্যা এপ, ৱেবছাইট আৰু বিভিন্ন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায়৷ সৰ্বোচ্ছ ন্যায়ালয়ত আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তা মহেন্দ্ৰ সিং আৰু অমিত শৰ্মাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠক লগতে জনাইছিল যে ভোটগ্ৰহণৰ দিনা নিৰ্বাচন আয়োগৰ তৰফৰ পৰা দুঘণ্টাৰ মূৰে মূৰে ভোটদানৰ তথ্য অৱগত কৰা হয়৷ অৱশ্যে বিভিন্ন সংবাদ মাধ্যম আৰু টিভি চেনেলসমূহে প্ৰচাৰ কৰা তথ্য বহু সময়ত আয়োগৰ তথ্যৰ তুলনাত বেছি হোৱা দেখা যায়৷ আয়োগে শপতনামাখনত লগতে উল্লেখ কৰিছিল যে যদি ফৰ্ম ১৭ [চি] ৰাজহুৱা হয়, তেন্তে  বহুক্ষেত্ৰত তথ্য বিকৃত হোৱাৰ লগতে প্ৰাৰ্থীৰ বিভিন্ন সমস্যা হ’ব পাৰে৷ তদুপৰি নিৰ্বাচনী ব্যৱস্থাৰ বদনাম হ’ব পাৰে বা আনকি নিৰ্বাচন প্ৰক্ৰিয়া ব্যাহত হোৱাৰ আশংকাও আহি পৰিব পাৰে৷ যাৰ বাবে আয়োগে শপতনামা যোগে স্পষ্ট কৰি দিছিল যে, কোন কেন্দ্ৰত কিমান ভোট পৰিছে বা ভোটাৰ টাৰ্ণ আউট কিমান সেই তথ্য প্ৰাৰ্থী বা প্ৰাৰ্থীৰ এজেণ্টৰ বাহিৰে কাকো জনোৱাৰ আইনী বিধান নাই৷ সেয়ে তেওঁলোকে আবেদন অনুসৰি এই তথ্য প্ৰদান কৰিব নোৱাৰে৷ আনহাতে, ভোটদানৰ সংশোধিত তথা চূড়ান্ত হাৰৰ বিষয়ে এইবাৰ নিৰ্বাচন আয়োগে পৰিসংখ্যা আগবঢ়োৱাত কিয় বিলম্ব ঘটিছে, সেই সন্দৰ্ভত কোনো সদুত্তৰ দিব নোৱাৰিলে৷ ফলত নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাৰ ওপৰত সৃষ্টি হোৱা সন্দেহ থাকিয়েই গ’ল৷ বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে শাসনাধিষ্ঠিত বিজেপিক সহায় কৰা বুলি উত্থাপিত অভিযোগৰো কোনো মীমাংসা নহ’ল৷ ৰৈ গ’ল বহু সন্দেহ৷