Logo
image

দেহৰ ওজন জোখাৰ সঠিক সময়

স্থুলতাৰ বাবে বহুতে বিভিন্ন শাৰীৰিক সমস্যাত ভোগে৷ স্থূলতা মানেই ওজন বৃদ্ধি হোৱা৷ চিকিৎসকৰ মতে দেহৰ অতিৰিক্ত ওজনে কলেষ্টেৰ’ল, ডায়েবেটিছ, উচ্ছ ৰক্তচাপ, হূদৰোগ আদিৰ আশংকা বৃদ্ধি কৰে৷ এনেক্ষেত্ৰত অতিৰিক্ত ওজন হ’লে তাক নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী৷ অতিৰিক্ত ওজন নিয়ন্ত্ৰণৰ বাবে বহুতে পুষ্টি বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি খাদ্য তালিকা প্ৰস্তুত কৰি লয় অৰ্থাৎ ডায়েটিং কৰিবলৈ আৰম্ভ কৰে৷ আন একাংশই আকৌ ডায়েট চল থকাৰ মাজতে সময় সুযোগ পালেই দেহৰ ওজন জুখিবলৈ মেচিনতো উঠে৷ অৱশ্যে সন্মুখত ওজন জোখা মেচিন দেখিলে নিজৰ ওজন সম্পৰ্কে জানিবলৈ প্ৰায়ভাগৰেহ আগ্ৰহ বাঢ়ে৷ কিন্তু কথা হ’ল– কোন সময়ত দেহৰ ওজন জোখা উচিত৷ দেহৰ ওজন জোখাৰ কিছুমান নিৰ্দিষ্ট সময় আৰু পদ্ধতি আছে৷ যেতিয়াই মন যায় তেতিয়াই ওজন জুখিলে প্ৰকৃত ফল পোৱা নাযায়৷ 

# চিকিৎসকৰ মতে পুৱাই উঠি পেট পৰিষ্কাৰ কৰি পানী, চাহ-কফি বা দৰৱ খোৱাৰ পূৰ্বে ওজন জুখিলে সঠিক ফল পোৱা যায়৷ 

# বহুতৰে আকৌ বাৰে বাৰে বা দৈনিক দেহৰ ওজন জোখাৰ অভ্যাস থাকে৷ চিকিৎসকৰ মতে দৈনিক ওজন জুখিলে সঠিক ফলাফল পোৱা নাযায়৷ এজন লোকে প্ৰতি মাহত এবাৰ ওজন জুখিলেই যথেষ্ট৷ নিজৰ ওজন সম্পৰ্কে জানিবলৈ যদি বেছি আগ্ৰহ হয় তেন্তে খুববেছি সপ্তাহত এবাৰ দেহৰ ওজন জুখিব পাৰে৷

# ওজন জোখাৰ ক্ষেত্ৰত আগৰ দিনটোত কি খাইছে, বা কিমান পৰিমাণৰ পানী অথবা কোনো নতুন দৰৱ খাইছে নেকি বা শাৰীৰিক শ্ৰম কিমান কৰিছে সেয়া নিৰ্ভৰ কৰে৷ খাদ্য আৰু শাৰীৰিক শ্ৰমে তুলনামূলকভাৱে দেহৰ ওজন কমায় বা বৃদ্ধি কৰে৷