Logo
image

শিক্ষাসেতু সম্পৰ্কে শিক্ষামন্ত্ৰীৰ বক্তব্য সত্য আধাৰিত নহয়

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদক, ২৫ মে’ : অসমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজৰ বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা কৰাৰ বাবে অসমৰ বাৰটা শিক্ষক সংগঠনৰ একত্ৰিত মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভা আজি গুৱাহাটী চান্দমাৰীত অৱস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত অনুষ্ঠিত হয়৷ সভাত চৰকাৰে বাস্তৱিক চিন্তাৰে প্ৰয়োজনীয় আন্তঃগাঁথনি মজবুত কৰি শিক্ষা সেতুকেন্দ্ৰিক উত্থাপিত অভিযোগসমূহ তাৎক্ষণিকভাৱে নিৰাময়ৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হয়৷ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আজিৰ সভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয়– শিক্ষা সেতু এপ সম্পৰ্কত শিক্ষামন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্য সত্যৰ ওপৰত আধাৰিত নহয়, বৰঞ্চ শিক্ষামন্ত্ৰীয়ে বাস্তৱক অস্বীকাৰ কৰিছে৷ ব্যক্তিগত মোবাইলহে আংশিকভাৱে সফল কৰিছে শিক্ষা সেতু৷ শিক্ষক সমাজক ব্যক্তিগত মোবাইলত উপস্থিতি দিবলৈ আহ্বান জনোৱা বুলি অভিযোগ কৰি শিক্ষক নেতাদ্বয়ে কয়– ইয়াৰ ফলত আবেলিলৈ শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি লোৱাই শেষ নহয়৷ এজনৰ উপস্থিতি দিবলৈ প্ৰয়োজন হয় বহু সময়ৰ৷ ছাত্ৰ- ছাত্ৰীৰ গ্ৰুপ কৰিলে এপে উপস্থিতি নলয়৷ সভাত শিক্ষক সমাজক সকলো অভিযোগ লিখিতভাৱে অৱগত কৰিবলৈ আহ৩ান জনোৱা হয়৷ ১৩ মাৰ্চত শিক্ষামন্ত্ৰী আৰু ২১ মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালক আৰু ২২ মাৰ্চত মাধ্যমিক শিক্ষা সঞ্চালকক মঞ্চৰ প্ৰতিনিধি দলে আলোচনা কালত সকলো বিসংগতি অৱগত কৰা হৈছিল যদিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ এপছত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ কাৰণ প্ৰসূতিজনিত ছুটী দেখুৱাই বুলি গুৰুতৰ অভিযোগ সভাত আলোচনা কৰা হয়৷ শিক্ষা সেতুৰ বিৰোধিতা কোনো শিক্ষকে কৰা নাই বুলিও সভাত স্পষ্ট কৰি দিয়া হয়৷ সভাত গ্ৰীষ্ম বন্ধত শিক্ষকক কামত জড়িত নকৰিলৈ আহ৩ান জনোৱা হয়৷ চৰ্ত বিহীনভাৱে বিদ্যালয় প্ৰধান নিযুক্তি আৰু খালীপদসমূহ পূৰণ কৰাৰ লগতে সকলো চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰক দাবী জনাই সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই৷ তদুপৰি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকক জলপানি প্ৰৱত্তৰ্ন কৰিবলৈ চৰকাৰক অনুৰোধ জনাই শিক্ষক মঞ্চই৷