Logo
image

কেতিয়া আহিব বৰষুণ?: গুৱাহাটীত তাপমাত্ৰাই স্পৰ্শ কৰিলে ৪০.১ ডিগ্ৰী চেলছিয়াছ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৫ মে': এফালে বৰষুণৰ পৰিমাণ উদ্বেগজনকভাৱে কমি যোৱা আৰু তাৰ বিপৰীতে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা ঘটনাই স্বাভাৱিকতে জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে। পুৱা চাৰি বজাতেই আকাশত সূৰ্য দেৱতাই ভুমুকি মৰাৰ পাছত আঠমান বজাতেই ভৰ দুপৰীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ বাবে অসম চৰকাৰে শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী আগুৱাই আনিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। সূৰ্যৰ প্ৰখৰ উত্তাপ আৰু পৰ্যাপ্ত বৰষুণৰ অভাৱত ৰাজ্যবাসী এক অসহনীয় পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে। 

ইপিনে ভূতৰ ওপৰত দানহ পৰা দি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা বিদ্যুতৰ সঘন লুকাভাকুৱে স্বাভাৱিকতে অতিষ্ঠ কৰি তুলিছে সাধাৰণ নাগৰিকক। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ  সূত্ৰই সদৰি কৰা অনুসৰি সম্প্ৰতি সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰীত বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰীষ্মপ্ৰৱাহৰ মাত্ৰা অত্যাধিক হাৰত বৃদ্ধি পাইছে। আনকি বিগত পাঁচদিন ধৰি অব্যাহত আছে পাৰাস্তম্ভ বৃদ্ধিৰ উৰ্দ্ধগামী গতি। শুকুৰবাৰে গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰাৰ পাছত শনিবাৰে ৪০.১ ডিগ্ৰী চেলছিয়াছলৈকে উৰ্দ্ধগামী হয়। 

ইয়াৰ পূৰ্বে ১৯৬০ চনৰ পহিলা মে'ত গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৪০.৩ ডিগ্ৰী চেলছিয়াছ। যিটো বিগত ৬৪ টা বছৰত মে' মাহত হোৱা সৰ্বাধিক গৰম হিচাপে পৰিগণিত হৈ আহিছিল। বিগত ৬৪ টা বছৰত গুৱাহাটী মহানগৰীত মে মাহত সৰ্বাধিক তাপমাত্ৰাই ৩৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰা নাছিল। অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বংগোপসাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত বাংলাদেশৰ আকাশৰ ওপৰেৰে জলীয় বাষ্পৰ ৰূপত মেঘ উত্তৰ পূৰ্বাঞ্চলৰ দিশে গতি কৰিছে। এই মেঘৰ বাবেই অহা সোমবাৰে পুৱাৰে পৰা উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হ'ব। একে সময়তে দুই  এঠাইত গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে ধাৰাসাৰ পৰিমাণৰ বৰষুণ হোৱাৰো সম্ভাৱনা আছে। 


ইফালে শেহতীয়াভাৱে ৰাজ্যত গ্ৰীষ্মপ্ৰৱাহ বাঢ়িবলৈ লোৱাত মহানগৰীৰ লগতে ৰাজ্যবাসীৰ প্রাত্যহিক জীৱন বিপন্ন হৈ পৰিছে। দিনৰ ভাগত হাটে-বজাৰে মানুহৰ সমাগম যথেষ্ট পৰিমাণে কমি যোৱা পৰিলক্ষিত হৈছে। আন অধিকাংশ লোকে প্ৰখৰ গৰমৰ পৰা সাময়িকভাৱে পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে গছৰ ছাঁ, শীতল পানীয়, নেমুৰ চৰবত কিম্বা কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অত্যন্ত জুৰুৰী কাম নাথাকিলে কিছু সংখ্যক লোক ঘৰৰ পৰা ওলাই যোৱাৰ বিৰত আছে। উল্লেখনীয় শনিবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪০.১ ডিগ্ৰী চেলছিয়াছ আৰু সাৰ্বনিম্ন তাপমাত্ৰা আছিল ২৬.৭ ডিগ্ৰী চেলছিয়াছ।  

আনহাতে বৰষুণ নোহোৱা বাবে  খেতিপথাৰত পৰ্যাপ্ত পানী নথকাৰ বাবে কৃষকে কঠীয়া সিচিব পৰা নাই। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৪০  ডিগ্রী চেলছিয়াছ হ'লেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ দৰে ৫০ ডিগ্রী চেলছিয়াছৰ দৰে অনুভূত হৈছে। এনে পৰিস্থিতিত হিট ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 

আনহাতে শনিবাৰৰ দিনটোত ৰাজ্যৰ কেইবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ- ডিব্ৰুগড়ত ৩৮.৮ ডিগ্রী চেলছিয়াছ ,  যোৰহাটত ৩৭.৫ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৯.২ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৮.২ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ৩৯.৫ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৪০.০ ডিগ্ৰী চেলছিয়াছ আছিল। উল্লেখ্য যে শনিবাৰে ৰাজ্যৰ বেছিভাগ অঞ্চলৰে সৰ্বাধিক তাপমাত্ৰা ৬ পৰা ৮.৩ ডিগ্ৰীৰ চেলছিয়াছ ওপৰত আছে। একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান  বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্রতিবেদন প্রকাশ কৰিছে, য'ত গ্লবেল ৱামিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ'ব, কেতিয়াবা খৰাং হ'ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্রাস পাব পাৰে। 

আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৭ মে'ৰ পাছত অসমৰ  কেতবোৰ অঞ্চলত গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হ'ব পাৰে বুলি আগজাননী দিছে। অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ ভবিষ্যদ্বাণী বাস্তৱত পৰিণত হ'লে সোমবাৰৰ পৰা সাময়িকভাৱে গৰম কমাৰ সম্ভাৱনা আছে। ফলত ৰাইজে বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি গেলা গৰমৰ সৈতে সহাবস্থান কৰি অহা সমস্যাৰ পৰা কিছু সকাহ লাভ কৰিব। বৰষুণ আহিলে কৃষকৰ মুখতো হাঁহি বিৰিঙিব। ইফালে শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী গৰমৰ বাবে মূৰ্চা যোৱা বুলিও জানিব পৰা গৈছে।