উক্তি-বক্ৰোক্তি
# আমাৰ প্ৰতিদ্বন্দ্বী কোন জানেনে? পৰিয়ালৰ সদস্যৰ এটা শাৰী৷ গান্ধী, সমাজবাদী পাৰ্টী, নেশ্বনেল কনফাৰেন্স, এন চি পি, তৃণমূল, আপ, আৰজেডি আৰু নকল শিৱসেনাৰ পৰিয়ালৰ সদস্য৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আসনখনক লৈ মিউজিকেল চেয়াৰ খেলিব খুজিছে৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
# জয়ন্তমল্ল আৰু পীয়ূষৰ বডিলেংগুৱেজটো বৰ বেয়া৷ অনবৰত মাৰো মাৰোকৈ থাকে৷ মন্ত্ৰী নে গুণ্ডা ধৰিবই নোৱাৰি৷
– বিধায়ক অখিল গগৈ
# মই আজি পিতৃ, পত্নী আৰু সন্তানক লৈ ভোটদান কৰিলোঁ৷ মই একনায়কত্বৰ বিৰুদ্ধে, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ভোটদান কৰিলোঁ৷
– দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
# শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব অখিল গগৈয়ে৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে তেওঁ কংগ্ৰেছৰ সভাপতি হ’ব৷
– বিধায়ক প্ৰশান্ত গগৈ
# মই ক্ৰিষ্টোফাৰ নোলানৰ ছবি নুবুজোঁ৷ সময় বা মহাকাশৰ ধাৰণা মোৰ স্পষ্ট নহয়৷ পঢ়া-শুনা কৰি বুজাৰ চেষ্টা কৰিছোঁ৷ যদি ধাৰণা থাকিলহেঁতেন, তেন্তে ‘অপেনহাইমাৰ’ ছবিখন বুজিলোহেঁতেন৷ এলঅ’চি, কাৰ্গিলত অভিনয় কৰিলেও যুদ্ধৰ ছবি দেখিলে মোৰ উদ্বেগ বাঢ়ে৷
– বলীউডৰ অভিনেতা মনোজ বাজপেয়ী
# গামোচা একো কামত নাহে৷ গছজোপা কামত আহে৷ মোক গামোচাতকৈ গছ দিলে বেছি ভাল পাওঁ৷
– জুবিন গাৰ্গ
# মোদীয়ে কৈছে তেওঁৰ পিতৃ-মাতৃ নাছিল৷ ঈশ্বৰে হেনো তেওঁক তৈয়াৰ কৰিছিল৷ প্ৰভু জগন্নাথো হেনো তেওঁৰ ভক্ত৷ তেওঁৰ বাবে মন্দিৰ এটা তৈয়াৰ কৰি দিম৷ ধুপ-ধুনাও দিম৷ তেওঁ তাতে বহি থাকক৷ দেশখন বেছিব নালাগে৷
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
# নিৰ্বাচনৰ প্ৰথম পাঁচটা পৰ্যায়ত ইতিমধ্যে চৰকাৰ গঠন হৈ গৈছে৷ ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ দ্বাৰা ৪ শ আসনৰ দিশে বিজেপি আগবাঢ়িছে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
# প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বলপূৰ্বক অগ্নিপথ নামৰ আঁচনি তৈয়াৰ কৰি দেশৰ তৰুণৰ স্বপ্নভংগ কৰিছে৷ জীৱনৰ আগবয়সতে সেনা বাহিনীৰ পৰা ওলাই অহা এই তৰুণসকল মোদীৰ ভুলৰ বাবে নিবনুৱা হৈ থাকিব লাগিব৷ আমি চৰকাৰ গঠন কৰিলে অগ্নিপথ প্ৰত্যাহাৰ কৰিম৷
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী
# অখিল আৰু লুৰীণৰ বাবে এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হৈছে৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ কাম কৰে৷
–সাংসদ বদৰুদ্দিন আজমল
# আই পি এলত ব্যৰ্থ হ’লেও হাৰ্ডিক পেটেল টি-২০ বিশ্বকাপত সফল হ’ব৷ হাতত বেট আৰু বল লৈ ভাৰতীয় জাৰ্চি পিন্ধিলে হাৰ্ডিক পেটেলৰ খেল সদায় ভাল হয়৷
– প্ৰাক্তন ক্ৰিকেটাৰ পাৰ্থিৱ পেটেল
# চৰকাৰে মদ খোৱাটো নতুন আইনত পৰিণত কৰি জনতাক বলপূৰ্বকভাৱে মদ খুৱাব বিচৰাটো আজিৰ দিনত গুৰুত্বপূৰ্ণ বিষয় হ’ব লাগে৷ মূল্য বৃদ্ধিৰ বিষয়টো মূল ইছ্যু হ’ব লাগে৷ অসমৰ অৱস্থা যাতে শ্ৰীলংকাৰ দৰে নহয়, সেই বিষয়টো আলোচনা হ’ব লাগে৷
– বিধায়ক ৰকিবুল হুছেইন






