Logo
image

‘অমৃতবৃক্ষ’ৰ গৰলগাথা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ মে’ : অমৃতবৃক্ষ আন্দোলনৰ জৰিয়তে অসম চৰকাৰে ভাদ মাহত ১ কোটি গছপুলি ৰুই বিশ্ব অভিলেখ গঢ়িলে৷ বৃহৎ বৃক্ষৰোপণ অভিযানক পৰিৱেশ আৰু বন বিভাগৰ সাফল্য বুলি দিছপুৰে ব্যাপক প্ৰচাৰ চলালে অমৃতবৃক্ষ অভিযান কিমান সফল হ’ল সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ কিয়নো চলিত সপ্তাহতটোত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ মানুহ ঘৰৰ বাহিৰ ওলাব নোৱৰা অৱস্থাৰ সন্মুখীন হোৱাৰ পাছতেই অমৃতবৃক্ষ আন্দোলনৰ সফলতাক লৈ ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হৈছে৷ সঁচাকৈয়ে গীনিজ ৱল্ডৰ্ ৰেকৰ্ড কৰি চৰকাৰে ৰাইজৰ সহযোগত ৰোপণ কৰা ১ কোটি গছপুলি জীয়াই আছে নে? ৪০ কোটি টকা ব্যয় কৰি ভাদ মাহৰ প্ৰখৰ ৰ’দৰ মাজত গছপুলি সমূহ ৰোপণ কৰিয়েই চৰকাৰে দায়িত্ব সামৰিলে নেকি? সেই প্ৰশ্নই এতিয়া ৰাইজৰ মনত ক্ৰিয়া কৰিছে৷ কিয়নো অমৃত বৃক্ষ অভিযানৰ পূৰ্বেও বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এনৰেগা আঁচনিৰ অধীনত গাঁৱে গাঁৱে বৃহৎ মাত্ৰাত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ বাস্তৱত ইয়াৰ ফলাফল আছিল শূন্য৷ উদাহৰণ স্বৰূপে ২০১৭-১৮ বিত্তীয় বৰ্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এনৰেগাৰ অধীনত নগাঁও জিলাৰ ১৩টা উন্নয়ন খণ্ডত ১৫৫.১৫ লাখ টকাৰ গছপুলি ৰোপণৰ আঁচনি গ্ৰহণ কৰিছিল৷ এই আঁচনিৰ অধীনত ৰোপণ কৰা ৯০ শতাংশ গছপুলিৰে ইতিমধ্যে মৃত্যু হৈছে৷ একেদৰে বিগত বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ বিগত বৰ্ষৰ ৯ চেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ গ্ৰহণ কৰা এই কাৰ্যসূচীত ৰাজ্যৰ ৭০ লাখ লোক প্ৰত্যক্ষ-প্ৰৰোক্ষ্যভাৱে জড়িত হৈ ১ কোটিৰো অধিক গছপুলি ৰোপণ কৰা বুলি চৰকাৰে দাবী কৰিছিল৷ ১৭ ছেপ্টেম্বৰত একে দিনাই ১ লাখ গছপুলি ৰোপণ কৰাৰ বিপৰীতে শিৱসাগৰৰ গেলেকীত ৫৮ ছেকেণ্ডত ১,২২৯ টা গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখো গঢ়িছিল৷ কিন্তু এই অভিলেখৰ মাত্ৰ জ্জ্ব মাহৰ মূৰতে সফলতাক লৈ ৰাইজৰ এতিয়া প্ৰশ্ন উঠিছে৷ আত্ম সহায়ক গোটৰ মহিলা সকলক গছপুলি ৰোপণ কৰি নিৰ্দিষ্ট প’ৰ্টেলত ফটো আপলোড কৰিলে ১০০ টকাকৈ বেংক একাউণ্টতত জমা কৰাৰ কথাও চৰকাৰে ঘোষণা কৰিছিল৷ চৰকাৰী ৱেবচাইটত ১.১২ কোটি লোকে গছপুলি ৰোপণৰ ফটো আপলোড কৰা তথ্যও প্ৰকাশ কৰিছিল৷ লক্ষণীয়ভাৱে বনাঞ্চল কাটি ডিব্ৰুগড়ৰ অভয়পুৰত এঘণ্টাৰ ৩,৩১,৯২৯ টা গছপুলি ৰোপণেৰে চমক সৃষ্টি কৰিছিল যদিও দুমাহৰ ভিতৰত অভয়পুৰৰ ৯০ শতাংশ গছপুলি মৃত্যু হোৱা বুলি সেই সময়ত আম আদমি পাৰ্টীৰ নেতৃত্বই তথ্য-প্ৰমাণসহ অভিযোগ কৰিছিল৷ কেৱল সেয়াই নহয়, ‘আমাৰ অসম’ৰ সাংবাদিকৰ চৰজমিন অনুসন্ধানতো অমৃত বৃক্ষ অভিযানৰ গছপুলি অস্তিত্ব দেখিবলৈ পোৱা হোৱা নাই৷ নগাঁৱৰ ৰাঙলুত চৰকাৰে অমৃত বৃক্ষৰ ৫০০ গছপুলি ৰুইছিল যদিও ইয়াৰে ৩৫০ জোপাহে বৰ্তমান বাছি আছে৷ বঙাইগাঁৱৰ বন বিভাগৰ অধীনত পাহাৰতলী নাৰ্ছাৰীত ৰোপণ কৰা অধিকাংশ গছপুলিৰেই মৃত্যু হয়৷ এয়া মাত্ৰ উদাহৰণহে যদিও প্ৰতিখন জিলাতে ৰোপণ কৰা লাখ লাখ গছপুলিৰ আজিৰ তাৰিখত অস্তিত্ব নাই৷ আত্মসহায়ক গোটৰ মহিলাক দুটাকৈ গছপুলি ৰোপণ কৰিবলৈ দিয়া হৈছিল সেই গছপুলি সমূহো জীয়াই আছে নে নাই, সেয়া সন্দেহজনক৷ উদ্বেগজনকভাৱে গছপুলি ৰোপণৰ চৰকাৰী চমকৰ বিপৰীতে বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ সমীক্ষাত দেশৰ ভিতৰত বন ধবংসৰ শীৰ্ষত অসমক স্থান দিয়া হৈছে৷ অসমত সৰ্বাধিক ৩২৪ কিলোমিটাৰ হেক্টৰ বন ধবংস হৈছে৷ ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত দেশত ২.৩৩ নিযুত বন ধবংস হৈছে৷ ইয়াৰ ভিতৰত অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাঙত সৰ্বাধিক বন ধবংস হৈছে৷ এফালে চৰকাৰৰ বৃক্ষ ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস চলাইছে, আনফালে চৰকাৰৰ নেতৃত্বতে চলিছে বন ধবংসযজ্ঞ৷ তথ্য অনুসৰি বিগত ২০ বছৰত ৰাজ্যৰ ১৪.১ শতাংশ বনাঞ্চল হ্ৰাস পাইছে৷ ২০০০ চনত ২৪.২ মিলিয়ন হেক্টৰ বনাঞ্চলে আৱৰি ৰখা অসমৰ বনাঞ্চল ২০২০ চনত ২০.৮ মিলিয়ন হেক্টৰলৈ হ্ৰাস পায়৷ এই সময়ছোৱাত আটাইতকৈ বেছি বন ধবংসযজ্ঞ চলা জিলাখন হৈছে কাৰ্বি আংলং৷ য’ত ৬.৮ শতাংশ বনাঞ্চল আজি নিঃশেষ হৈ গৈছে৷ অসমত বিগত দুটা দশকত বৃহৎ পৰিমাণৰ বনাঞ্চল ধবংস আৰু বনজ সম্পদ ধবংস হোৱাৰ ফলত বনাঞ্চলৰ আৱৰণ দ্ৰুতগতিত ক্ষয় হোৱা দেখা গৈছে৷ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিশ্লেষণ কৰা উপগ্ৰহৰ তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত বনাঞ্চল ধবংসৰ ফলত অসমত ১৪.১ শতাংশ সেউজ আৱৰণ হ্ৰাস পায়৷ গ্ল’বেল ফৰেষ্ট ৱাচ্ছৰ তথ্য অনুসৰি কেৱল ২০২২ চনত অসমে ১৮.২ শতাংশ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছে, যিটো CO২ নিৰ্গমনৰ ৮.৭৪ মিলিয়ন টনৰ সমতুল্য৷ অসমৰ বনাঞ্চল ধবংসৰ অন্যতম প্ৰধান কাৰণ হৈছে পথ,  মথাউৰি,  খনি,  উদ্যোগ, বিদ্যুৎ কেন্দ্ৰ ইত্যাদি উন্নয়নমূলক প্ৰকল্প– যিবোৰৰ বাবে ভূমি নিষ্কাশন আৰু গছ কটাৰ প্ৰয়োজন হয়৷ চৰকাৰে প্ৰায়ে পৰিৱেশ সংৰক্ষণ আৰু সমাজ কল্যাণতকৈ এই প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দি আহিছে৷ তথ্য অনুসৰি, বিগত দুবছৰ অসমত উন্নয়নৰ নামত ৫০ হাজাৰৰো অধিক গছ চৰকাৰৰ দ্বাৰা কাটি পেলোৱা হৈছে৷ প্ৰতিবেদন অনুসৰি, খানাপাৰাৰ পৰা জালুবাৰীলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ ১০ কিলোমিটাৰ সম্প্ৰসাৰণৰ নামতেই চৰকাৰে পথৰ দাঁতিৰ ১৮ হাজাৰ গছ কাটি পেলাইছিল৷ ইয়াৰোপৰি জালুকবাৰীৰ পৰা গোৱালপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে কাটি পেলোৱা হৈছিল এক লাখৰো অধিক গছ৷ একেদৰে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ সম্প্ৰসাৰণৰ বাবে পথৰ কাষত ২৫ হাজাৰৰো অধিক গছ কাটিবলগীয়া হৈছিল৷ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প নিৰ্মাণৰ কামত লখিমপুৰ জিলাৰ ১০ হাজাৰৰো অধিক গছ কাটিবলগীয়া হৈছিল৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বগীবিল দলং নিৰ্মাণৰ বাবে ডিব্ৰুগড় জিলাৰ ৮ হাজাৰৰো অধিক গছ কাটিবলগীয়া হৈছিল৷ অন্যহাতে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প নিৰ্মাণৰ বাবে গোলাঘাট জিলাৰ ৫ হাজাৰৰো অধিক গছ আৰু তিনিচুকীয়া জিলাৰ দিহিং পাটকাই কয়লা খনন প্ৰকল্পৰ বাবে ২ হাজাৰৰো অধিক গছ কাটি পেলাইছিল চৰকাৰে৷ এই প্ৰকল্পসমূহে কেৱল ব্যাপক বনাঞ্চল ধবংস কৰাই নহয়, অসমৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ বিজ্ঞানতো প্ৰভাৱ পেলাইছে৷

যোৰহাটত অমৃতবৃক্ষৰ ৮০ শতাংশই বাচি নাথাকিল

‘আমাৰ অসম’ৰ যোৰহাট মহানগৰ বিশেষ সেৱা : ৰাজ্যত এতিয়া উৎকট গৰমে দহিছে সৰ্বস্তৰৰ জনতাক৷ তাপমাত্ৰাই সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ বাধ্য কৰিছে৷ দৈনিক বৃদ্ধি পাইছে তাপমাত্ৰা৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ বাধ্য হৈছে চৰকাৰ-প্ৰশাসন৷ এনে পৰিস্থিতিত গছ কটা অথবা বন ধবংসৰ পৰিণতিতে তাপমাত্ৰা বৃদ্ধি হোৱা বুলি ক’ব বিচাৰিছে একাংশই৷ চৰকাৰৰ অদূৰদৰ্শী নীতিৰ বাবেই আজিৰ উৎকট গৰম হোৱা বুলি চৰ্চা চলিছে৷ উন্নয়নৰ নামত গছ ধবংস অথবা পাহাৰ খননৰ পৰিণতিত জিয়াতু ভুগিব লগা হোৱাতো অভিযোগ উত্থাপিত হৈছে৷ বিপৰীতে গছ ৰোপন কাৰ্যতঃ হৈ উঠা নাই৷ গছ থাকিলেহে মানুহ থাকিব বুলি শ¡গান ভালদৰেই আওৰোৱা হৈছে যদিও শ্লোগান দিয়াসকলেই এতিয়া গছ ধবংসৰ অন্যতম কাৰক হৈ পৰিছে৷ প্ৰকৃতি প্ৰীতি এতিয়া কেৱল অৰণ্য ৰোদনৰ বাদে একো নহয়৷ কিয়নো এজোপা গছ কটাৰ বিপৰীতে দহটা গছ পুলি ৰোপন কৰিব লাগে বুলি চৰকাৰীভাৱেই বিজ্ঞাপন প্ৰচাৰ কৰা হয়, কিন্তু সেই চৰকাৰেই গছ ধবংস কৰি উন্নয়নৰ প্ৰকল্প ৰূপায়ন কৰে৷ এনে ধৰণৰ চৰ্চাৰ মাজত চৰকাৰীভাৱে গ্ৰহণ কৰা অমৃত বৃক্ষ আঁচনি এতিয়া চৰ্চাৰ শীৰ্ষত৷ একেটা দিনতে ৰ কোটি গছ পুলি ৰোপনৰ চৰকাৰী আঁচনি প্ৰকৃতপক্ষে কি হ’ল, তাক লৈ সমালোচনা অব্যাহত আছে৷ ৰাজ্যৰ মহিলাসকলক গছ ৰোপনৰ বাবদ চৰকাৰী ধন প্ৰদানৰ প্ৰতিশ্ৰুতি যিদৰে বুমেৰাং হ’ল, তেনেদৰেই ৰোপন কৰা গছপুলিবোৰো জীৱিত অৱস্থাত নথকা অভিযোগ মুখে মুখে৷ চৰকাৰৰ নিৰ্দেশত যোৰহাটৰ একাংশ পঞ্চায়ত এলেকাৰ বৃহৎ কলেবৰত বৃক্ষৰোপন আঁচনি গ্ৰহণ কৰা হৈছিল যদিও আজি সেই সমূহ আঁচনিৰ ৮০ শতাংশই চিন মোকাম নোহোৱা হ’ল৷ ইফালে বিগত বৰ্ষত যোৰহাট বন বিভাগে ৪ লাখ ১২ হাজাৰ গছ পুলি অমৃত বৃক্ষ আন্দোলনৰ বাবে বিতৰণ কৰাৰ কথা জানিবলৈ দিছে খোদ জিলা বন প্ৰাধিকাৰীয়ে৷ সেই ৪ লাখ ১২ হেজাৰ গছ পুলিৰ কিমান জীৱিত অৱস্থাত আছে তাৰ সঠিক তথ্য কাৰোৰে হাতত নাই৷ কিন্তু আপাত দৃষ্টিত গছ ৰোপনৰ নামত যে গছ পুলি ধবংসহে কৰা হ’ল সেয়া স্পষ্ট৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ৰ চৰজমীন তদন্তত অমৃত বৃক্ষ আঁচনিৰ অংশীদাৰ দুগৰাকী মহিলাক সাক্ষাৎ কৰা হৈছিল, দুয়োগৰাকী মহিলাই বৃক্ষ ৰোপনৰ নামত পাবলগীয়া ধন নোপোৱাৰ আক্ষেপ প্ৰকাশ কৰে৷ কিন্তু ৰোপন কৰা গছপুলি বোৰৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত অৱগত নহয় বুলিহে জানিবলৈ দিয়ে৷ ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আম আদমী পাৰ্টিৰ যোৰহাটৰ নেতা দিব্যজ্যোতি শৰ্মাই অদূৰদৰ্শী চিন্তাৰ বাবেই গছপুলি বোৰ গছ হৈ নুঠিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ আঁচনিৰ নামত লাভলাভ আশা কৰাৰ পৰিণতিতে একাধিক আঁচনি বুমেৰাং হোৱা বুলি দাবী কৰে৷

বিটিআৰত শ্লোগান হৈয়েই ৰ’ল অমৃতবৃক্ষ আঁচনি

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি : অসমত হেৰাই যোৱা বনাঞ্চল পুনৰ উদ্ধাৰ আৰু সেউজকৰণৰ ক্ষেত্ৰত অসমক এখন অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লগতে ৰাজ্যখনত এক কাৰ্যক্ষম বৃক্ষ অৰ্থনীতিৰ ভেঁটি স্থাপন কৰি পৰিয়ালসমূহক উপাৰ্জনৰ বিকল্প পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক কোটি গছপুলি ৰুই বিশ্ব অভিলেখ ৰচনা কৰাৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিছিল৷ তাৰ অংশ অনুসৰি বিটিচিৰ প্ৰতিখন জিলাতো বিতৰণ কৰা হৈছিল এক বৃহৎসংখ্যক গছপুলি৷ কেৱল সদৰ জিলা কোক্‌ৰাঝাৰতে বন বিভাগে সৰ্বমুঠ ৩, ৪৪,৫৬১টি গছপুলি বিতৰণ কৰিছিল৷ এই ক্ষেত্ৰত এছ আৰ এল এমৰ জিলা বিষয়া বিচিত্ৰ বীৰ্য নাৰ্জাৰীয়ে সদৰী কৰা তথ্য মতে, এছ এল আৰ এমৰ জৰিয়তে কোকৰাঝাৰ জিলাত মুঠ ২,৫১,২৬৬ টি গছপুলি ১,২৫,৬৩৩ গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত তেওঁলোকৰ ঘৰৰ ওচৰে পাজৰে ৰুবলৈ বিতৰণ কৰা হৈছিল৷ তেনেদৰেই ৩৫,৩২৬গৰাকী আৰক্ষীক, ১,৬৪০গৰাকী আশা কৰ্মীক, চাহ বাগিচা, শিক্ষানুষ্ঠান আৰু অংগনাৱাড়ী কৰ্মীৰ মাজতো গছপুলি ৰোপণৰ বাবে বিতৰণ কৰা হৈছিল৷ প্ৰকাশ যে গছপুলি ৰোপণৰ এই আন্দোলনত মহিলাসকলক অগ্ৰণী সেনানী হিচাপে লোৱাৰ লগতে মুখ্যমন্ত্ৰী উদ্যমিতা মহিলা আঁচনিৰ অধীনত যিহেতু উক্ত গছপুলিসমূহ জীৱিত থাকিলে আত্মসহায়ক গোটৰ মহিলা সদস্যসকলে ১০,০০০ টকা লাভ কৰিব বুলি মহিলাসকলক আৰ্থিক আৰু সামাজিকভাৱে সাৱলীকৰণৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷  যাৰ বাবে বহু গছপুলি মৃত্যুমুখত পৰে যদিও সদস্যাসকলে মৃত্যুমুখত পৰা ঠাইত পুনৰাই গছপুলি ৰোপণ কৰিছে৷ এই ফটো আপলোড কৰা সময়ত দৃষ্টিগোচৰ হৈছে বুলি দাবী এছআৰএলএম জিলা বিষয়া বিচিত্ৰ বীৰ্য নাৰ্জাৰীয়ে দাবী কৰে৷  কিন্তু কেৱল এয়াই নহয়, আত্মসহায় গোটসমূহক ৰোপণ কৰিবলৈ দিয়া গছপুলিসমূহ জীৱিত থকাৰ বাবে কোকৰাঝাৰৰ পৰিৱেশ সলনি হৈছে বুলি দাবী কৰা কাৰ্যই কিছু পৰিমাণে আশ্বৰ্যৰ সৃষ্টি কৰিছে৷ কাৰণ বিগত বৰ্ষত সেউজ অসমৰ পৰিৱেশ সংৰক্ষণৰ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে ১০ দিনীয়া কাৰ্যসূচীৰে অমৃত বৃক্ষ আন্দোলনৰ আৰম্ভ কৰা হৈছিল৷ এক ইতিবাচক ইতিহাস গঢ়াৰ লক্ষ্যৰে বিগত বৰ্ষৰ ৯ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অসমৰ সেউজ পৰিৱেশত প্ৰভুত অৰিহণা যোগোৱাৰ বাবে ১৭ ছেপ্টেম্বৰত একেদিনাই ১ কোটি গছপুলি ৰোপণ কৰি নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ তেনেক্ষেত্ৰত ৯ মহীয়া কেচুৱা গছপুলিসমূহে প্ৰকৃতিৰ পৰিৱেশ উন্নত কৰাত কিমান দূৰ সফলতা লাভ কৰিছে সেয়া নিশ্চিতভাৱে সচেতন মহলে জানে৷ আনহাতে, ৰাজ্য চৰকাৰৰ এই আঁচনিৰ পিছতেই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই বিটিচিতো হেৰোৱা বনাঞ্চল ওভোতাই অনাৰ বাবে লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ গছপুলি ৰোপণ আৰু প্লাষ্টিক বৰ্জিত বিটিচি গঢ়াৰ আঁচনি ঘোষণা কৰিছিল যদিও সেয়া কেৱল শ্লোগান হৈয়েই থাকিল৷ কি কাৰণত আজিলৈ সেয়া কাৰ্যকৰী কৰা নহ’ল সেয়া ৰাইজৰ অৱগত নহ’ল যদিও বিটিচিৰ বনাঞ্চল জধেমধে একাংশই তহিলং কৰি অহা কাৰ্যই যে বিটিচিবাসীৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ দিশে ঠেলি নিছে সেয়া খাটাং৷

গছপুলি বিতৰণ কৰিয়েই দায়িত্ব সামৰিলে চৰকাৰে

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ [আমাৰ অসম] : অমৃত বৃক্ষ আঁচনিৰ অধীনত অসম চৰকাৰে শিৱসাগৰ জিলাত ২ লক্ষাধিক গছপুলি বিতৰণৰ ব্যৱস্থা কৰিছিল৷ শিৱসাগৰ জিলা বন বিভাগৰ জৰিয়তে সকলো জিলা বিভাগৰ জৰিয়তে ৰাইজে হাতত পোৱাকৈ গছপুলি বিতৰণৰ ব্যৱস্থা কৰিছিল৷ গাওঁ পঞ্চায়তৰ জৰিয়তে, সুলভ মূল্যৰ দোকানৰ জৰিয়তে আৰু চৰকাৰী পঞ্জীয়নপ্ৰাপ্ত স্বেচ্ছাসেৱী সংগঠন, আত্মসহায়ক গোট, স্কুল-কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণৰ ব্যৱস্থা কৰিছিল৷ জানিব পৰা মতে, অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে অমৃত বৃক্ষ আঁচনিৰ গছপুলিসমূহ বৰ্তমান কি অৱস্থাত আছে  সেই বিষয়ে তথ্য দিবলগীয়া হোৱাৰ বাবে মহিলা উদ্যমতা আঁচনিৰ অধীনত আবেদনকাৰী সকলেহে চৰকাৰৰ অমৃত বৃক্ষ আঁচনিৰ গছপুলিসমূহ প্ৰতিপালন কৰি ৰাখিছে৷ ইয়াৰ সংখ্যাটো একেবাৰে নগণ্য৷ শিৱসাগৰ জিলাত বিতৰণ কৰা ২ লক্ষাধিক গছপুলিৰ ৯০ শতাংশ গছপুলি বৰ্তমান কি অৱস্থাত আছে তাৰ সঠিক তথ্য চৰকাৰৰ হাতত নাই৷ সেয়েহে ক’ব পাৰি যে শিৱসাগৰ জিলাত অসম চৰকাৰে অমৃত বৃক্ষ আঁচনিৰ অধীনত ২ লক্ষাধিক গছপুলি ৰাইজৰ হাতত অৰ্পণ কৰিয়েই দায়িত্ব সামৰিলে৷ এই আঁচনিৰ অধীনত চৰকাৰে যিবোৰ নীতি-নিয়ম দিছিল এই নীতি-নিয়মবোৰ কাৰ্যকৰী নহ’ল বুলিয়েই ক’ব পাৰি৷