Logo
image

মই আৰু লুৰীণ একলগ হ’লে বিজেপি থানবান হ’ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মহানগৰীৰ প্ৰতিবেদক, ২৬ মে’ : ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ সপক্ষে পুনৰ যুক্তি দাঙি ধৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ শনিবাৰে এক সংবাদমেলত অখিল গগৈয়ে কয়–‘মই আৰু লুৰীণজ্যোতি গগৈ একলগ হ’লে অসমৰ ৰাজনীতিত ধুমুহা আহিব৷ বিজেপিতে মাধমাৰটো পৰিব৷ হোৰাহোৰে বিজেপি নেতাই যোগ দিব আমাৰ দলত৷ থানবান হ’ব বিজেপি৷ আমাৰ দুয়োটা দলৰ একত্ৰিত হোৱাৰ প্ৰস্তুতি চলি আছে৷ মই আৰু লুৰীণ ভাই-ককাই৷ এইবাৰ নিৰ্বাচনত লুৰীণ জিকিব৷ লুৰীণ জিকাৰ পাছতে ৰাইজৰ দল আৰু অজাপ একেলগ হোৱাটো ফাইনেল হ’ব৷ কিবা কাৰণে আমি যদি একলগ হ’বও নোৱাৰো সকলো আঞ্চলিক দলকলৈ আমি এখন কমিটী গঠন কৰিম৷’ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কোনো সংঘাত নাই বুলি দাবী কৰি অখিল গগৈয়ে কয়–কংগ্ৰেছক লৈ এতিয়া আৰু একো নকওঁ৷ কংগ্ৰেছক লৈ মোৰ অসন্তুষ্টি একো নাই, মই যি কেইটা কথা ক’ব লাগে কৈ দিলো৷ কংগ্ৰেছৰ বিৰুদ্ধে মোৰ কোনো বিষোদগাৰ নাই৷ কংগ্ৰেছ আৰু আমাৰ মাজত কাজিয়া নালাগে, চিন্তা কৰিব নালাগে৷ কিবা এটা ভুল বুজাবুজি হৈছিল, এতিয়া কথা পাতি চব ঠিক হৈ গ’ল৷ কাজিয়া লগাবলৈ চেষ্টা কৰিও লাভ নাই৷ সমালোচনা আৰু আত্ম সমালোচনাৰ মাজেদি ২৬ত বিজেপিক পৰাস্ত কৰাৰ দিশত আগবাঢ়িছো৷ জয়ন্ত মল্ল আৰু পীয়ূষৰ বডি লেংগুৱেজটোৰ বৰ বেয়া৷ অনবৰত মাৰো মাৰো মাৰোকেই থাকে৷ মন্ত্ৰী নে গুণ্ডা ধৰিবই নোৱাৰি৷ গুপ্ত হত্যাৰ কালতকৈও বেছি গুণ্ডাৰাজ চলাইছে বিজেপিয়ে৷ জয়ন্তই পৃথিৱীত আৰু কোনোবা আছে বুলি নাভাৱে, হিমন্ত, পীয়ূষ আৰু জয়ন্তই আছে বুলি ভাৱে৷ হিমন্তই কয় মই আমুকতো দিলো আৰে ভাই তোমাৰ ঘৰৰ পৰা দিছা নেকি৷ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাই সমগ্ৰ দেশত সাম্প্ৰদায়িকতাৰ বীজ মেলি আছে৷ ফটুৱা কথা কৈ অসমৰ মান যোৱাইছে মুখ্যমন্ত্ৰীয়ে৷ মছজিদ ভাঙি মন্দিৰ বনাম বুলি কৈ আৰএছএছৰ ভাল ল’ৰা হ’ব বিচাৰিছে৷ পুৰণি বিজেপি তথা মন্ত্ৰী ৰঞ্জিত দাসৰ বিজেপিত এতিয়া বহুত দুখ৷ সেই কাৰণে ৰাতিপুৱা ভাতকেৰেলা কটা ভিডিঅ’ বনাই থাকে৷ কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা কেইটা মষ্ট গুণ্ডা, দগাবাজ৷ অসমত বিজেপি বুলি দল নাই, বিজেপিক অসমত জানে HBS Company private Ltd৷ পুৰণি বিজেপিক গোৰ মাৰি দিলে কংগ্ৰেছী গুণ্ডাই৷ পুৰণি বিজেপিৰ সকলো নেতাৰে এতিয়া বহুত দুখ৷ অসমত বিজেপি মৰি খতম৷ বিজেপিটো সোমালে হিমন্ত বিশ্বৰ পেটত৷ নিৰ্বাচনৰ পিছত হোৰাহোৰে পুৰণি বিজেপি নেতাই যোগ দিব বিৰোধী দলত, বহু কেইজনে যোগাযোগ কৰি আছে৷ বিজেপিত এতিয়া উতলি আছে চব, কোনোবা দিনা বিজেপিৰ মিটিংতে কাজিয়া হ’ব৷ ইফালে আজমল সন্দৰ্ভত অখিলে কয়–‘আজমল এইবাৰ ফুচুক৷ আজমলৰ ফটকা পানীত পৰিল৷ ধুবুৰীত ৫ লাখ ভোটত হাৰিব আজমল৷’

ছিণ্ডিকেটৰ বাবেই আকাশলংঘী মূল্যবৃদ্ধি : অখিল

নিৰ্বাচনী প্ৰচাৰৰ নামত ৰাজ্যৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বহিঃ ৰাজ্যত মছজিদ ভাঙি মন্দিৰ নিৰ্মাণ কৰিব বুলি কৈ সাম্প্ৰদায়িক বিষবাষ্প বিলাই অসমৰ স্বাভিমানৰ ওপৰত আঘাত কৰি আছে৷ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জ্বলন্ত সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰক৷ এই আহ৩ান শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ আজি গুৱাহাটী মহানগৰীৰ চানমাৰিৰ নিজৰাপাৰস্থিত বাসগৃহত আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হোৱা মূল্যবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা আৰু অসমৰ খেতিয়কে আজিলৈকে কঠীয়া পাৰিব নোৱৰাৰ বিষয়ত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে৷ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় ‘২৪ৰ লোকসভা নিৰ্বাচনৰ আগত কটা ব্ৰইলাৰৰ মাংসৰ দাম আছিল ২৪০ টকাৰ পৰা ২৬০ টকা৷ নিৰ্বাচনৰ পিচত হ’ল ৩২০ টকা পৰ্যন্ত৷ গাহৰি মাংস দাম নিৰ্বাচনৰ পিচত হ’ল ৫০০ টকা৷ প্ৰতি কুইণ্টল চাউলৰ দাম ১০০ টকাকৈ বাঢ়িল৷ আলুৰ দাম ৩৫ টকালৈ বৃদ্ধি পালে৷ মগু দাইলৰ দাম ১২৫ টকালৈ বৃদ্ধি পালে৷ পিয়াঁজৰ দাম ৪০ টকালৈ বৃদ্ধি হ’ল৷ এই দামবৃদ্ধিয়ে সকলো শ্ৰেণীৰ ৰাইজক জুৰুলা কৰিছে৷ নিৰ্বাচনৰ বাবে অবৈধ চান্দা সংগ্ৰহ কৰাত মূল্যবৃদ্ধি হৈছে বুলি অভিযোগ কৰি কয়, ‘বিৰোধী বা দল সংগঠনৰ বাবে বিজেপিয়ে চান্দা বন্ধ কৰি নিজেই অকলে চান্দাৰাজ চলাইছে৷ ভয়ংকৰ ছিণ্ডিকেটে অসমক গ্ৰাস কৰিছে৷ সকলো বস্তুৰ ওপৰত চৰকাৰীভাৱে ছিণ্ডিকেট চলিছে৷ ছিণ্ডিকেটৰাজৰ বাবে অত্যধিক দামবৃদ্ধি হৈছে ৰাজ্যত৷ বিজেপিয়ে কৰ্পৰেটৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা কৰি দিলে৷ কৰ্পৰেটৰ পৰা চান্দা লৈ ইচ্ছা অনুসৰি দাম বঢ়াবলৈ দিছে৷’ আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কলৈ সংকট আহিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে৷ বিধায়কগৰাকীয়ে কয়, ‘ক্ষুদ্ৰ চাহ খেতিয়ক এইবাৰ বিপদৰ দিশে গতি কৰিছে৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত বটলিফ ফেক্টৰীয়ে নিকিনে বুলি ঘোষণা কৰাত হাহাকাৰ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত৷ অসমৰ বটলিফ ফেক্টৰীত উৎপাদিত চাহত কেমিকেল থাকে বুলি কেন্দ্ৰীয় চৰকাৰৰ দুটা সংস্থাই কৈছে৷ ইয়াৰ বাবে বিপদ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ৷ কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীতো কেমিকেল ব্যৱহাৰ হয়, তেওঁলোকক কিন্তু ৰেহাই দিছে৷’ ডাঙৰ ফেক্টৰীবোৰৰ চাহ বিক্ৰী কৰাবৰ বাবে বটলিফ ফেক্টৰীবোৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ চাহ কোম্পানীসমূহে অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ কৰে অখিল গগৈয়ে৷ তেওঁ কয়, ‘ডাঙৰ ফেক্টৰীবোৰক সুবিধা কৰি দিবৰ বাবে বটলিফ ফেক্টৰীবোৰ বন্ধ কৰি ক্ষুদ্ৰ চাহ খেতিয়কক বিপদত পেলাইছে৷ অসম চৰকাৰে প্ৰতিখন জিলা আৰু ব্লক পৰ্যায়ত লেবৰেটৰী স্থাপন কৰি প্ৰতিখন বাগিচাৰ কেঁচা পাত পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে৷’ ইপিনে বৰষুণৰ অভাৱত অসমত পথাৰত পানীৰ অভাৱ হৈছে, কঠীয়া সিঁচিব পৰা নাই৷ এতিয়াও পানীৰ বাবে ভেকুলীৰ বিয়া পাতিব লাগে, পথাৰত পানীৰ বাবে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে অখিল গগৈয়ে৷ তেওঁ কয়, ‘এয়া হৈছে অসম চৰকাৰৰ বিয়াগোম বিফলতা৷ প্ৰতিখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি দিব লাগে৷ বেপাৰী মাৰোৱাৰী এজনক আজি অসমত জলসিঞ্চন মন্ত্ৰী পাতি দিছে৷ মাৰোৱাৰী কাৰণে তেওঁ খেতিৰ কথা বুজি নাপায়, কেৱল বেপাৰৰ কথা বুজি পায়৷’ আনহাতে অখিল গগৈয়ে কয়, ‘কৃষিমন্ত্ৰী অতুল বৰা দিল্লীত ব্যস্ত৷ হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰাত ব্যস্ত৷ অতুল বৰাৰ সময় নাই অসমৰ কৃষকৰ সমস্যাৰ বুজ ল’বলৈ৷’ সেয়েহে এই তিনিটা বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ গগৈয়ে দাবী জনায়৷