Logo
image

বিজেপিৰ দুৰ্গতো ভোটাৰৰ উছাহ কম

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ মে’ : কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ দূৰ্গসদৃশ ৫৮ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’লেও বিগত পাঁচটা পৰ্যায়ৰ দৰে শনিবাৰে ষষ্ঠ পৰ্যায়তো ভোটদানৰ হাৰ উদ্বেগজনকভাৱে কম হ’ল৷ পঞ্চম পৰ্য্যায়ৰ দৰে ষষ্ঠ পৰ্যায়তো ভোটদানৰ হাৰে অতিক্ৰম নকৰিলে ৬০ শতাংশ৷ নিৰ্বাচন আয়োগে সন্ধিয়া জ্জ.৪৫ বজাত প্ৰকাশ কৰা অনুসৰি শনিবাৰে ভোটদানৰ হাৰ হৈছে ৫৯.০৬ শতাংশ৷ উল্লেখযোগ্য যে অষ্টাদশ লোকসভা নিৰ্বাচন সমাপ্তিৰ দিশলৈ আগবাঢ়ি যোৱাৰ সময়ত শনিবাৰে ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল এনে ৫৮টা সমষ্টিত, য’ত ২০১৯ চনত কংগ্ৰেছে এটাও সমষ্টিত  জয়লাভ কৰিব পৰা নাছিল৷ শনিবাৰে দেশৰ জ্জ্বখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত ভোটগ্ৰহণ হোৱা এই ৫৮টা সমষ্টিৰ ৪০টা সমষ্টিতেই ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল৷ আনহাতে বিজেপি নেতৃত্বাধীন এনডিএই লাভ কৰিছিল ৪৫খন আসন৷ সেয়ে শনিবাৰৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ বিজেপিৰ দুৰ্গত হোৱা বুলিয়েই চৰ্চা হৈছিল৷ বিজেপি নেতৃত্বাধীন এনডিএৰ দুৰ্গসদৃশ এই ৫৮টা সমষ্টিত বিগতবাৰ ৫১.৩৬ শতাংশ ভোট লাভ কৰিছিল এনডিএই৷ আনহাতে এতিয়া ‘ইণ্ডিয়া’ জোঁটত থকা কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, নেচনেল কনফাৰেন্স, সমাজবাদী পাৰ্টীয়ে পাইছিল ২৮.৬৬ শতাংশ ভোট৷ এনডিএই ৪৫টা সমষ্টি দখল কৰাৰ পাছত অৱশিষ্ট ১৩টা সমষ্টি দখল কৰিছিল তৃণমূল, সমাজবাদী পাৰ্টীকে ধৰি আন আন বিৰোধী দলে৷ আনহাতে শনিবাৰে ৫৮টা সমষ্টিত ভোটদান হৈ যোৱাৰ পাছত লোকসভাৰ মুঠ ৫৪৩টা সমষ্টিৰ ৪৮৬টা সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ’ল৷ সম্পূৰ্ণ হ’ল ২৮খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ লোকসভাৰ নিৰ্বাচন৷ এতিয়া সপ্তম তথা অন্তিম পৰ্যায়লৈ বাকী থাকিল মাথোঁঁ ৫৭টা সমষ্টিৰ ভোটগ্ৰহণ৷ শনিবাৰে হাৰিয়ানাৰ ১০খন আসন, দিল্লীৰ মুঠ জ্জখন আসন আৰু জম্মু-কাশ্মীৰৰ ৫খন আসনত ভোটগ্ৰহণৰ লগে লগে এই তিনি ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰো সামৰণি পৰিল৷ ইয়াৰ উপৰি শনিবাৰে উত্তৰ প্ৰদেশৰ ১৪টা সমষ্টিত, বিহাৰৰ জ্জ্ব টা, ঝাৰখণ্ডৰ চ্ছ্ৰ টা, ওড়িশাৰ ৬ টা, পশ্চিম বংগৰ জ্জ্বটা সমষ্টিত ভোটগ্ৰহণ হৈ যায়৷ শনিবাৰৰৰ ভোটগ্ৰহণত উত্তৰ পূৱ দিল্লীত কংগ্ৰেছৰ কানহায়া কুমাৰে বিজেপিৰ মনোজ তিৱাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ আনহাতে নতুন দিল্লী কেন্দ্ৰত আপৰ মন্ত্ৰী সোমনাথ ভাৰতীৰ বিৰুদ্ধে যুঁজিছে প্ৰয়াত বিজেপি নেত্ৰী সুষমা স্বৰাজৰ কন্যা বাঁশুৰী স্বৰাজে৷ আজি ইভিএমত ৰাজনৈতিক ভাগ্য বন্দী হ’ল হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰ, উদ্যোখপতি নৱীন জিন্দাল [কুৰুক্ষেত্ৰ], অভিনেতা ৰাজ বাব্বৰ [কংগ্ৰেছ, গুৰুগ্ৰাম], পিডিপি নেত্ৰী মেহবুবা মুফটি [অনন্তনাগ-ৰাজৌৰি], কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [সম্বলপুৰ], কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী [চুলতানপুৰ] আৰু বহুব{¨ী বিজেপি নেতা সম্বিত পাত্ৰৰ [পুৰী]৷