বৃক্কৰ সমস্যা হ’লে এইবোৰ লক্ষণে দেখা দিয়ে
শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে বৃক্ক বা কিডনী৷ বৃক্ক অসুস্থ হ’লে এটাৰ পাছত এটা শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ বৃক্ক ৰোগৰ চিকিৎসা ব্যয়ো আন ৰোগতকৈ বহু বেছি৷ বৃক্কৰ চিকিৎসা কৰিবলৈ গৈ একোটা পৰিয়াল আৰ্থিকভাৱে নিঃশেষ হৈ যোৱাৰ উদাহৰণো আছে৷ সেয়ে বৃক্কৰ সমস্যা হ’লে লগে লগে সতৰ্ক হোৱা উচিত৷ বৃক্ক ৰোগক ছাইলেণ্ড কিলাৰ বুলিও কোৱা হয়৷ বৃক্ক অসুস্থ হ’লে কিছুমান লক্ষণে দেখা দিয়ে৷ উল্লেখ কৰা হ’ল তেনে কেতবোৰ লক্ষণ–
# মুখ আৰু চকুৰ কোনো অংশ যদি হঠাৎ অস্বাভাৱিকভাৱে ফুলি উঠে তেন্তে সতৰ্ক হওক৷
# সঘনাই প্ৰস্ৰাৱ লাগিলে সাৱধান হোৱা উচিত৷ কিয়নো বৃক্কই সঠিকভাৱে কাম নকৰিলে এনে সমস্যা হয়৷
# হাত-ভৰি বা পিঠিৰ পেশী সঘনাই টানি ধৰিলে সতৰ্ক হওক৷ এইটো বৃক্কৰোগৰ লক্ষণ হ’ব পাৰে৷
# ছাল অস্বাভাৱিকভাৱে শুষ্ক হ’লে চিকিৎসকৰ কাষ চাপক৷ বৃ!ই শৰীৰৰ ক্ষতিকাৰক পদাৰ্থসমূহ চেকি বাহিৰলৈ উলিয়াই দিয়ে৷ বৃক্কৰ সমস্যা হ’লে বা বৃক্ক বিকল হ’লে এনে ক্ষতিকাৰক পদাৰ্থসমূহ জমা হৈ ছাল শুকান আৰু ৰুক্ষ কৰি তোলে৷
# গোৰোহা বা ভৰিৰ পতা হঠাৎ অস্বাভাৱিকভাৱে ফুলি উঠিলে সাৱধান হওক৷ এনে লক্ষণে বৃক্ক ৰোগৰ ইংগিত দিয়ে৷
# প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰাটোও বৃক্ক ৰোগৰ লক্ষণ৷
# পিঠি বা কঁকালৰ ওপৰ অংশত যদি সঘনাই বিষ অনুভৱ কৰে তেন্তে সাৱধান হওক৷ কিডনী ষ্টোন হ’লে এই লক্ষণে দেখা দিয়ে৷
#বৃক্কৰ সমস্যা হ’লে টোপনি কম হয়৷ বৃক্কই ঠিকমতে কাম কৰিব নোৱাৰিলে ভালদৰে তেজৰ পৰিশোধন নহয়৷ এনেকুৱা হ’লে টোপনি নহয়৷
# ৰক্তচাপৰ সঘনাই তাৰতম্য, অলপ কষ্ট কৰিলেই ভাগৰ লগা, শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷
# প্ৰস্ৰাৱৰ সৈতে তেজ ওলালে সতৰ্ক হওক৷ বৃক্ক শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে বৃক্ক বা কিডনী৷ বৃক্ক অসুস্থ হ’লে এটাৰ পাছত এটা শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ ই ঠিকমতে কাম নকৰিলে প্ৰস্ৰাৱৰ সৈতে তেজ ওলায়৷