Logo
image

আই পি এলত পুনৰ দেখা যাব ধোানিক!

এইবাৰৰ আই পি এলৰ ফাইনেল খেলখন হ’ব চেন্নাইত৷ পাঁচবাৰকৈ আই পি এলৰ খিতাপ জয় কৰা চেন্নাই ছুপাৰ কিংছক (চি এছ কে) গৃহ চহৰত হ’বলগীয়া ফাইনেলত দেখা পোৱাৰ আশা পুহি ৰাখিছিল দলটোৰ অনুৰাগীসকলে৷ আই পি এলৰ সবাতোকৈ জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিক টুৰ্নামেণ্টখনৰ পৰৱৰ্তী ছীজনত দেখা পোৱা নাযাব বুলি ধাৰণা কৰা হৈছে৷ সেয়েহে প্ৰিয় তাৰকা ধোনিক অন্তিমবাৰৰ বাবে গৃহ চহৰত হ’বলগীয়া ফাইনেলত দেখা পোৱাৰ আশা কৰিছিল তেওঁৰ অনুৰাগীসকলে৷ কিন্তু তেওঁলোকৰ সেই আশা পূৰণ নহ’ল৷ এইবাৰ চেন্নাই ছুপাৰ কিংছ প্লে-অফত উপনীত হ’ব নেৱাৰিলে৷ সকলোৰে মনত স্বাভাৱিকতে উদয় হোৱা প্ৰশ্নটো হৈছে–আই পি এলত অন্তিমবাৰৰ বাবে দেখা গ’ল নেকি ধোনিক? এই সন্দৰ্ভত অৱশ্যে টীম ইণ্ডিয়া আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়কজনে কোনো মন্তব্য কৰা নাই৷ 


উল্লেখ্য ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত লীগ পৰ্যায়ৰ অন্তিমখন খেলত পৰাস্ত হৈ চেন্নাই ছুপাৰ কিংছে বিদায় লোৱাৰ পাছতে চি এছ কেৰ শিবিৰ এৰি ৰাঁচীলৈ ৰাওনা হৈছিল ধোনি আৰু তাৰ পাছতে তাৰকা ক্ৰিকেটাৰজনক কেন্দ্ৰ কৰি বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷ তাৰ মাজতে ফ্ৰেঞ্চাইজীটোৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথে আই পি এলৰ পৰৱৰ্তী ছীজনতো ধোনিক দলত পোৱা যাব বুলি আশা প্ৰকাশ কৰিছে৷ চি এছ কেৰ ইউটিউব চেনেলত এটা সাক্ষাৎকাৰত তেওঁ কয়–‘ধোনিৰ ভৱিষ্যৎ সন্দৰ্ভত আমি একো নাজানো৷ তেওঁ আই পি এলত খেল অব্যাহত ৰাখে নে নাৰাখে সেই প্ৰশ্নৰ উত্তৰ কেৱল ধোনিয়েহে দিব পাৰিব৷ আমি সদায়েই তেওঁৰ সিদ্ধান্তক সন্মান জনাই আহিছো৷ ধোনিয়েও সদায় সঠিক সময়ত তেওঁৰ সিদ্ধান্ত আমাক জনাই আহিছে৷ এইবাৰো নিশ্চয় তাৰ ব্যতিক্ৰম নহ’ব৷’ এইখিনি কথা কোৱাৰ পাছতো বিশ্বনাথে কয় যে চেন্নাই ছুপাৰ কিংছে যি জনপ্ৰিয়তা অৰ্জন কৰিছে, সেয়া সম্ভৱ হৈছে কেৱল ধোনিৰ বাবেহে৷ সেয়েহে সকলোৱে বিচাৰে আই পি এলৰ পৰৱৰ্তী ছীজনতো তেওঁ দলটোৰ সৈতে থাকক৷

উল্লেখ্য, যোৱা বছৰৰ পৰাই ধোনিৰ অৱসৰক কেন্দ্ৰ কৰি বিভিন্ন চৰ্চা চলি আছিল৷ ২০২৩ বৰ্ষত খিতাপ জয় কৰাৰ পাছত ক্ৰিকেটাৰজনে কৈছিল যে আনুৰাগীসকলৰ বাবেই আৰু এটা ছীজন খেলিব বিচাৰে তেওঁ৷ আই পি এলৰ কেৰিয়াৰৰ অন্তিমখন খেল চেন্নাইত খেলাৰ ইচ্ছাৰ বিষয়েও ব্যক্ত কৰিছিল ধোনিয়ে৷ জুলাইত ৪৩ বছৰ সম্পূৰ্ণ কৰিব ধোনিয়ে৷ আঘাতৰো সমস্যা নথকা নহয়৷ তেনে স্থিতিত ক্ৰিকেটাৰজনে আই পি এলৰ আৰু এটা ছীজনত খেলা-নেখেলাৰ বিষয়ে এতিয়াও একো ক’ব নোৱাৰি৷ তথাপি চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়াজনে কোৱাৰ দৰে তেওঁৰ অনুৰাগীসকলেও বিচাৰে ধোনি ছুপাৰ কিংছৰ সৈতেই জড়িত হৈ থাকক৷ ক্ৰিকেটাৰ হিচাপে নাথাকিলেও দলৰ মেণ্টৰ, প্ৰশিক্ষক অথবা আন ভূমিকা লওক তেওঁ৷ ধোনিয়ে ইতিমধ্যে সাক্ষাৎকাৰত কেইবাবাৰো কৈছে যে তেওঁ চেন্নাই ছুপাৰ কিংছৰ বাহিৰে আন কোনো ফ্ৰেঞ্চাইজীৰ সৈতে যুক্ত হ’ব নিবিচাৰে৷ আই পি এলত খেলা-নেখেলা সন্দৰ্ভত তেওঁ কি সিদ্ধান্ত লয়, তাক জনাৰ বাবে অপেক্ষা কৰিব লাগিব৷