Logo
image

কোন হ’ব ৰাহুল দ্ৰাৱিড়ৰ উত্তৰসূৰী

অহা মাহত হ’বলগীয়া টুৱেণ্টী২০ বিশ্বকাপৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ কাৰ্যকাল সমাপ্ত হ’ব৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিমেধ্য ইতিমধ্যে নতুন প্ৰশিক্ষকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ ইতিমধ্যে কেইবাজনেও টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ প্ৰশিক্ষক পদৰ বাবে ২৭  মে’ৰ সন্ধিয়া ৬ বজালৈকে অনলাইনযোগে আবেদন জনাব পাৰিব৷ কেইদিনমান আগলৈকে শুনা গৈছিল যে অষ্ট্ৰেলিয়াৰ ৰিকী পণ্টিং আৰু জাষ্টিন লেংগাৰৰ সৈতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যোগাযোগ চলাইছে৷ অৱশ্যে অষ্ট্ৰেলিয়াৰ দুয়োজন প্ৰাক্তন ক্ৰিকেটাৰে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ নেদেখুৱালে৷ তাৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) সচিব জয় শ্বাহে এটা বিবৃতিত কয় যে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ  ক্ৰিকেট ব’ৰ্ডে অষ্ট্ৰেলিয়াৰ কোনো প্ৰাক্তন ক্ৰিকেটাৰলৈ প্ৰস্তাৱ অগবঢ়োৱা নাই৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত যিবোৰ বাতৰি প্ৰকাশ পাইছে, তাৰ সত্যতা নাই৷ শ্বাহে লগতে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ বাবে ব’ৰ্ডে এজন যোগ্য ব্যক্তিৰ সন্ধান চলাইছে৷ ক্ৰিকেট ব’ৰ্ডে এনে এজন ব্যক্তিক প্ৰশিক্ষক হিচাপে বিচাৰে, যাৰ ভাৰতীয় ক্ৰিকেটৰ ওপৰত যথেষ্ট জ্ঞান আছে আৰু নিজ জ্ঞান আৰু দক্ষতাৰে শীৰ্ষ পৰ্যায়ত উপনীত হৈছে৷ ৰাষ্ট্ৰীয় দলটোক সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে প্ৰশিক্ষকজনৰ ঘৰুৱা ক্ৰিকেটৰ ওপৰতো জ্ঞান থকা আৱশ্যক৷ 


এতিয়া প্ৰশ্ন হয়, ভাৰতীয় ক্ৰিকেট দলৰ বাবে বি চি চি আয়ে বিদেশী প্ৰশিক্ষক বিচাৰিছে নে ৰাহুল দ্ৰাৱিড়ৰ দৰে এজন ভৰতীয় প্ৰশিক্ষককে দায়িত্ব দিয়া হ’ব পাৰে৷ এই সন্দৰ্ভত অৱশ্যে জয় শ্বাহে কোনো মন্তব্য কৰা নাই৷ তাৰ মাজতে ৰাহুল দ্ৰাৱিড়ৰ উত্তৰসূৰী হিচাপে ভাৰতৰ গৌতম গম্ভীৰ, নিউজীলেণ্ডৰ ষ্টিভেন ফ্লেমিং আৰু শ্ৰীলংকাৰ মাহেলা জয়ৱৰ্ধনেৰ নাম চৰ্চালৈ আহিছে৷ জয়ৱৰ্ধনেই টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ৷ বি চি চি আইৰ সচিবজনে জনোৱা মতে, ক্ৰিকেট ব’ৰ্ড এনে এজন প্ৰশিক্ষকৰ সন্ধানত আছে, যিজনৰ ভাৰতীয় ক্ৰিকেট সন্দৰ্ভত যথেষ্ট জ্ঞান আছে৷ কেৱল সেয়াই নহয়, ঘৰুৱা ক্ৰিকেটৰ ওপৰতো প্ৰশিক্ষকজনৰ জ্ঞান থকা আৱশ্যক৷ যদি বিদেশী প্ৰশিক্ষকৰ কথা কোৱা হয়, তেন্তে দেখা যায় যে ষ্টিফেন ফ্লেমিং আৰু মাহেলা জয়ৱৰ্ধনে দীৰ্ঘ সময় ধৰি আই পি এলৰ সৈতে জড়িত হৈ আছে৷ সেয়েহে তেওঁলোকৰ ভাৰতীয় ক্ৰিকেট সন্দৰ্ভত ভাল ধাৰণা আছে৷ টুৱেণ্টী২০ বিশ্বতকাপৰ পাছতে হয়তো টীম ইণ্ডিয়াৰ পৰৱৰ্তী প্ৰশিক্ষকৰ নিযুক্তি দিয়া হ’ব৷ বি চি চি আয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে প্ৰক্ষিকজন নিযুক্ত কৰা হ’ব ব’ৰ্ডৰ বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ মতেহে৷ তেতেয়ালৈকে নতুন প্ৰশিক্ষকজন সন্দৰ্ভত চলি থাকিব জল্পনা-কল্পনা৷