Logo
image

ছামান্থা নহয়! ‘পুষ্পা-২’ত দেখা যাব তৃপ্তি ডিমৰীক

‘এনিমেল ছবিত সাহসী দৃশ্যত অভিনয় কৰাৰ পাছৰে পৰা প্ৰায়ে লাইমলাইটত থাকে অভিনেত্ৰী তৃপ্তি ডিমৰী৷ সন্দীপ ৰেড্ডি ভাংগাৰ বহু চৰ্চিত ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে ঘনিষ্ঠ দৃশ্যত অভিনয় কৰি প্ৰায়ে চৰ্চাত আছে তৃপ্তি৷ এইবাৰ তৃপ্তি ডিমৰী পুনৰ চৰ্চালৈ আহিছে৷ আল্লু-অৰ্জুন অভিনীত বহু প্ৰতীক্ষিত ছবি ‘পুষ্পা-দ্য ৰুল’ত দেখা যাব তৃপ্তি ডিমৰীক৷ ‘পুষ্পা’ ছবিত ছামান্থা ৰুথ প্ৰভুৰ আইটেম নাচে খলকনি তুলিছিল৷ জানিব পৰা মতে ‘পুষ্পা-২’ ছবিতো আছে পূৰ্বৰ দৰে এটা আইটেম ছং৷ গানটোত আল্লু-অৰ্জুনৰ সৈতে নৃত্যত অংশ ল’ব তৃপ্তিয়ে৷ ‘পুষ্পা-২’ত আল্লু অৰ্জুনৰ বিপৰীতে অভিনয় কৰিছে ৰশ্মিকা মন্দানাই৷