Logo
image

অসমতো ৰেড এলাৰ্টঃ আহি আছে ৰেমাল, কলকাতা আৰু গুৱাহাটীৰ মাজত বিমান চলাচল বাতিল

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৬ মে': দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো বিগত কেইটামান দিনত চলি থকা গ্ৰীষ্মপ্ৰৱাহৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বংগোপ সাগৰত সৃষ্টি হোৱা বিধ্বংসী ধুমুহাৰ প্ৰভাৱ পশ্চিমবংগৰ লগতে অসমতো কিছু পৰিব বুলি সতৰ্ক কৰি দিছে। এই সতৰ্কতাৰ পাছতেই অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সম্ভাৱ্য 'ৰেমাল'ক লৈ দেওবাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। সেই অনুসৰি নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী, বৰপেটা, তামুলপুৰ, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বিআংলং, চিৰাং, বাগচা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত গাজনি, ঢেৰেকনিৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু কিছু কিছু অঞ্চলত ধুমুহাৰ সৈতে ধাৰাসাৰ পৰিমাণৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছে। 


একেদৰে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা সতৰ্কতা অনুসৰি যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহিলে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ নিৰ্দেশনা দিয়াৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিজ নিজ স্থানত সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্রই দেওবাৰে সদৰি কৰা অনুসৰি বংগোপ সাগৰত শুকুৰবাৰে সৃষ্টি হোৱা নিম্নচাপৰ বাবে 'ৰেমাল' নামৰ বিধ্বংসী ধুমুহা ইতিমধ্যে পশ্চিমবংগ আৰু বাংলাদেশৰ আকাশৰে দেওবাৰে উত্তৰ পূবৰ ৰাজ্যকেইখনত প্ৰৱেশ কৰিছে। আনকি পশ্চিমবংগত 'ৰেমাল' নামৰ ধুমুহাজাকে দেওবাৰে ভয়ানক পৰিস্থতিৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ কলকাতাস্থিত নেতাজী সুভাষ চন্দ্র বসু আন্তর্জাতিক বিমানবন্দৰত দেওবাৰে দুপৰীয়াৰ ভাগতেই তাণ্ডৱ লীলা চলাইছে। আনকি ধুমুহাই সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ বাবে দেওবাৰে দুপৰীয়া ১২ বজাত কলকাতা বিমানবন্দৰত জৰুৰী অৱস্থা ঘোষণা কৰা হয়। সেই অনুসৰি অহা ২৭ মে' পর্যন্ত ১৭০খন ঘৰুৱা বিমান, ২৬খন আন্তর্জাতিক বিমানৰ সেৱা বাতিল কৰা হৈছে। য'ত কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰা প্ৰায় ১৩ খনকৈ বিমানৰ চলাচল বাতিল কৰা হৈছে। আনহাতে হঠাতে কলকাতা অভিমুখী বিমানৰ যাত্ৰা বাতিল কৰাত বিমান যাত্ৰী সকলো ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।