Logo
image

২২জন ‘বন্ধু’ক ১৬ লাখ কোটি টকা ঋণ ৰেহাই দিলে মোদীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰত তেওঁৰ ২২জন ‘বন্ধু’ক ১৬ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ লোকসভা নিৰ্বাচনৰ এটা পৰ্যায়ৰ ভোটগ্ৰহণ হ’বলৈ বাকী থকা অৱস্থাত মোদী-ৰাহুলৰ পৰস্পৰক আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে৷ হিমাচল প্ৰদেশত নিৰ্বাচনী সভাত ভাগ লৈ দেওবাৰে ৰাহুল গান্ধীয়ে মোদীক এই আক্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে দাবী কৰে, যোৱা দুটা কাৰ্যকালত, ১০ বছৰত মোদী চৰকাৰে দেশৰ ঋণগ্ৰস্ত উদ্যোগপতি, কপ’ৰ্ৰেট, কোম্পানীক ১৬ লাখ কোটি টকাৰ ঋণ মাফ কৰি দিছে৷ এই ২২জন উদ্যোগপতিৰ আন কোম্পানীয়ে  স্বচ্ছলভাৱে ব্যৱসায় চলাই আছে৷ একে মালিকানাধীন ঋণদায়গ্ৰস্ত কোম্পানী দেউলীয়া হোৱা বুলি জনাই মোদী চৰকাৰৰ জৰিয়তে বেংকৰ ঋণ মাফ কৰাই লৈছে তেওঁৰ ‘বন্ধু’ একাংশ উদ্যোগপতিয়ে৷ এই ২২ উদ্যোগপতিৰ অধিকাংশই মোদীৰ ‘বন্ধু’ বুলিও ৰাহুল গান্ধীয়ে বিস্ফোৰক মন্তব্য কৰে৷ অথচ একেখন মোদী চৰকাৰে বাৰিষাৰ বানত বিধবস্ত হোৱা হিমাচল প্ৰদেশক ৯০০০ কোটি টকা দিব বুলি কৈয়ো নিদিলে বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে৷