Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত অসাধু চক্ৰৰ দৌৰাত্ম্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : গুৱাহাটী বিশ্ববিদ্যালয়ত অসাধু চক্ৰই বক্ৰপথেৰে অঘটন ঘটোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যই উদঙাই দিছে যে এই শক্তিশালী চক্ৰটোৰ স’তে সংযুক্ত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ বহু অধ্যাপক আৰু শীৰ্ষ বিষয়াৰ লগতে প্ৰশাসনীয় ব্যৱস্থাটোৰ গুৰি ধৰোঁতা৷ বিত্তীয় অনিয়ম, নিয়োগৰ বেমেজালি, প্ৰশাসনিক বিশৃঙ্খলতা আদিৰ মাজতে এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ অভিযোগ মতে, প্ৰভাৱশালী মহলৰ হস্তক্ষেপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্যলৈ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি প্ৰায় ২০ বছৰৰ পাছত স্নাতকোত্তৰ পৰীক্ষাৰ চূড়ান্ত নম্বৰ তালিকাৰ [মাৰ্কশ্বীট] সংশোধন ঘটাই নম্বৰ বঢ়াই দিয়াৰ উপৰি গৱেষণাৰ সুবিধা কৰি দিয়াই নহয়, বিশ্ববিদ্যালয়ৰ সন্মানজনক পদত মকৰলৰ সুবিধাও কৰি দিয়া হৈছে এজন বিশেষ লোকক৷ ১৯৯৫ চনতে উত্তীৰ্ণ হোৱা এজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোকক ২০১৭ চনত ডুপ্লিকেট মাৰ্কশ্বীট প্ৰদান কৰি ৫৫.৪ শতাংশ নম্বৰেৰে ইউজিচি নৰ্মছৰ উপযুক্ত কৰি তোলাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানজনক পদত মকৰলৰ সুযোগ দিয়া হৈছে৷ লক্ষণীয়ভাৱে সংশোধিত মাৰ্কশ্বীটখন উপলব্ধ যদিও ৰহস্যজনকভাৱে অন্তৰ্ধান হোৱাৰ অভিযোগ উঠিছে সংশ্লিষ্ট লোকজনৰ অৰিজিনেল মাৰ্কশ্বীটখন৷ উল্লেখ্য, বিশ্ববিদ্যালয়ৰ যিকোনো পৰীক্ষাৰ প্ৰাপ্ত নম্বৰ পুনৰীক্ষণৰ কৰিবলৈ হ’লে পৰীক্ষাৰ ৩ মাহৰ ভিতৰতে আবেদন কৰিব লাগে৷ কিন্তু এই বিশেষ লোকজনে প্ৰায় বিশ বছৰৰ পাছত সেই সুবিধা পাইছে৷ তেওঁৰ নাম ড॰ প্ৰশান্ত কুমাৰ ডেকা৷ তেওঁ কৰ্মৰত হৈ আছিল গুৱাহাটীৰে কে চি দাস কমাৰ্চ কলেজত৷ কিন্তু বিশ বছৰৰ মূৰত মাৰ্কশ্বীট সংশোধন কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিকৰ পদ অলংকৃত কৰাৰ সুযোগ পায়৷ ড॰ প্ৰশান্ত কুমাৰ ডেকাৰ এই অভিযানত বিশেষভাৱে সহায় কৰাৰ ক্ষেত্ৰত এজন বিভাগীয় অধ্যাপকৰ নাম বিশেষভাৱে উচ্ছাৰিত হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিকৰ পদত নিযুক্তিৰ ক্ষেত্ৰত শক্তিশালী অসাধু চক্ৰটোৱে গোপনে কেতবোৰ আৰ্হি প্ৰস্তুত কৰাৰ খবৰো তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে৷ অভিযোগ মতে নৰ্মছ নথকা প্ৰাৰ্থী ড॰ ডেকাক সেই পদত অধিষ্ঠিত কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ পৰা কৌশলেৰে তেওঁৰ নামটো ‘উপযুক্ত’ কৰি অনা হৈছিল৷ ড॰ ডেকাৰ স্নাতকোত্তৰ পৰীক্ষাৰ ডুপ্লিকেট নম্বৰ তালিকা আৰু অন্যান্য শৈক্ষিক পাৰদৰ্শিতাৰ গুণগত বিষয়সমূহ নিৰ্ভুলভাৱে পৰীক্ষা নকৰাৰো গুৰুতৰ অভিযোগ উঠিছে৷ তেওঁতকৈ উপযুক্ত প্ৰাৰ্থী থকা সত্ত্বেও সেইজনৰ নাম বাছনি প্ৰক্ৰিয়াৰ পৰা ইচ্ছাকৃতভাৱে বাদ দিয়াৰো অভিযোগ উঠিছে৷ বাছনি প্ৰক্ৰিয়াৰ বিষয় বিশেষজ্ঞ নিৰ্বাচনৰ ক্ষেত্ৰতো বিসংগতিৰ অভিযোগ আছে৷ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিকজনৰ স’তে থকা ব্যক্তিগত সম্পৰ্কৰ বাবে তেওঁক সাক্ষাৎকাৰলৈ মতা হৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ অথচ গ্ৰন্থাগাৰিক হিচাপে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰা ৬ মাহেই হোৱা নাছিল এই বিশেষজ্ঞগৰাকীৰ, তেওঁৰ প্ৰবেছনৰ সময় শেষেই হোৱা নাছিল৷ মেঘালয়ৰ এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ ড॰ প্ৰণৱ কুমাৰ বৰুৱাৰ নামো অনুমোদন কৰা হৈছিল৷ তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডকুমেণ্টেচন অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত ইউএছটিএমত গৱেষণাৰ তত্ত্বাৱধায়ক হিচাপে অধ্যাপকৰ পদমৰ্যাদা লাভ কৰিছিল৷ প্ৰশ্ন হয়, সেয়া বিষয় বিশেষজ্ঞ হ’বলৈ উপযুক্ত অৰ্হতা হয়নে? অৱশ্যে তেওঁ কিবা কাৰণত সাক্ষাৎকাৰত উপস্থিত নাথাকিল৷ তেওঁৰ সলনি বিষয় বিশেষজ্ঞৰূপে কটন বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য ড॰ ভবেশ কুমাৰ গোস্বামীয়ে স্বাক্ষৰ কৰাৰ তথ্য লাভ কৰা গৈছে৷ নিজৰ কাৰ্যকালত গ্ৰন্থাগাৰিক, উপ-গ্ৰন্থাগাৰিক নিযুক্তি দিবলৈ সক্ষম নোহোৱা ৰসায়ন বিজ্ঞানৰ অধ্যাপক এজনে গুৱাহাটী বিশ্ববিদ্যালয়ত গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ৰ বিষয় বিশেষজ্ঞ হ’ব পাৰিলে কেনেকৈ? অভিযোগ মতে, পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অজ্ঞাতে অশুভ প্ৰক্ৰিয়াৰ মাজেদি নিযুক্তি পোৱা ড॰ প্ৰশান্ত কুমাৰ ডেকাই নিযুক্তি লাভ কৰি লিয়েন অবিহনে বিশ্ববিদ্যালয়ত যোগদান কৰে৷ সেই সুবিধা তেওঁক কৰি দিয়ে এজন প্ৰভাৱশালী শীৰ্ষ কাৰ্যবাহীয়ে৷ আচলতে কোনো প্ৰাৰ্থীয়ে আন চাকৰিত যোগদান কৰিবলৈ হ’লে চৰকাৰৰ পৰা অনুমতি ল’ব লাগে৷ কিন্তু এই চৰকাৰী নিয়ম প্ৰশান্ত ডেকাৰ ক্ষেত্ৰত যেন প্ৰযোজ্য নহয়৷ অবিহনে সম্ভৱ নহয়৷ তেওঁ প্ৰায় এবছৰ চাকৰি কৰাৰ সুযোগ পোৱাই নহয়, তেওঁৰ দৰমহা ফিক্সেচনৰো খবৰ পোৱা গৈছে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ এইবোৰ খবৰ ল’বলৈ হয়তো আহৰি নাই৷ গুৱাহাটী বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ’ব৷ বৌদ্ধিক পীঠস্থান গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত এই নিযুক্তি কেলেংকাৰিৰ উচ্ছ পৰ্যায়ৰ তদন্ত দাবী কৰিছে বিভিন্ন মহলে৷ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ ভিতৰচ’ৰাতো এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যিকোনো মুহূৰ্তত বিশ্ববিদ্যালয় পৰিয়ালত এই ঘটনাৰ প্ৰতিবাদ হ’ব পাৰে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এই প্ৰসংগৰে কেনেকৈ মোকাবিলা কৰে সেই কথাত সচেতন-বৌদ্ধিক মহলে নি(য় চকু দিব৷