Logo
image

কঁঠালৰ গুটিয়ে বয়সৰ ছাপ আঁতৰায়, দৃষ্টিশক্তি বঢ়ায়

এতিয়া ফলৰ বতৰ৷ বজাৰত বিভিন্ন সুস্বাদু ফলৰ লগতে কঁঠালো  ওলাইছে৷ কঁঠাল প্ৰায়ভাগৰেই প্ৰিয়৷ অতি সুস্বাদু আৰু স্বাস্থ্যৰ বাবে উপকাৰী কঁঠাল বহুতে আকৌ ব্যঞ্জন হিচাপেও খাই ভাল পায়৷  বহুতে  কঁঠালৰ গুটি শুকুৱাই লৈ ভাজি খায়৷ আন কোনেও আকৌ দাইলৰ সৈতে সিজাই অথবা জুইত সেকি খাই ভাল পায়৷ পিছে বহুতেই নাজানে যে কঁঠালৰ গুটিত বিভিন্ন ঔষধি গুণ থাকে৷ উল্লেখ কৰা হ’ল কঁঠালৰ গুটিৰ ঔষধি আৰু উপকাৰী গুণ–

# কঁঠালৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰে৷ ফলত কোষ্ঠ-কাঠিন্যৰ সমস্যা নিৰাময় হয় আৰু বিপাকক্ৰিয়া বাঢ়ে৷ কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ফলত ই ডায়েৰিয়াৰ দৰে সমস্যাত কাম দিয়ে৷ 

# কঁঠালৰ গুটিত থকা ভিটামিন ‘এ’ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ যিসকলৰ চকুৰ সমস্যা আছে, তেওঁলোকে চকুৰ যতন ল’বলৈ কঁঠালৰ গুটি খাব পাৰে৷ 

# উচ্ছমানৰ প্ৰ’টিনসমৃদ্ধ তথা কলেষ্টেৰ’ল বিহীন কঁঠালৰ গুটি খালে দেহটো পেশীবহুল হয়৷ লগতে কেল’ৰিও পোৱা যায়৷ যিসকলে নিতৌ শৰীৰ চৰ্চা কৰে তেওঁলোকৰ বাবে কঁঠালৰ গুটি হ’ব পাৰে উপকাৰী খাদ্য৷

# কঁঠালৰ গুটিয়ে বয়সৰ চাপ দূৰ কৰাত সহায় কৰে৷ কঁঠালৰ গুটি শুকুৱাই লৈ গুৰি কৰি গাখীৰৰ সৈতে মিহলাই পেষ্ট তৈয়াৰ কৰি দুসপ্তাহ মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু বয়সৰেখা নাইকিয়া হয়৷ 

# চুলিৰ যতন লোৱাৰ ক্ষেত্ৰতো কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰি৷ ইয়াত থকা ভিটামিন ‘এ’ চুলিৰ স্বাস্থ্য ভালে ৰাখে৷ কিছুমান চুলিৰ আগ ফটাৰ সমস্যা থাকে৷ তেওঁলোকে কঁঠালৰ গুটি খালে এইক্ষেত্ৰত উপকাৰ পাব পাৰে৷ কঁঠালৰ গুটিত থকা প্ৰ’টিন আৰু আইৰণে চুলিৰ বাবে টনিকৰ কাম কৰে৷

# ছালৰ সমস্যা থকাসকলে কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ কঁঠালৰ গুটিয়ে ছালৰ আদ্ৰৰ্তা বজাই ৰখাৰ লগতে ছাল কোমল কৰে আৰু সতেজতা বঢ়ায়৷ ইয়াৰ বাবে কঁঠালৰ গুটি গুৰি কৰি সামান্য গাখীৰ আৰু মৌৰ সৈতে মিহলাই ছালত লগাব লাগে৷

# মানসিক চাপ কমোৱাত সহায় কৰে কঁঠালৰ গুটিয়ে৷ ইয়াত থকা প্ৰ’টিন আৰু মাইক্ৰ’নিউট্ৰিয়েন্টছে মস্তিষ্কৰ ৰাসায়নিক উপাদানসমূহৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে৷ ফলত মানসিক চাপ কমে৷ 

# হূদযন্ত্ৰ সুস্থ ৰখাতো কঁঠালৰ গুটিয়ে কাম কৰে৷ 

# ৰক্তহীনতাৰ সমস্যাতো কঁঠালৰ গুটি উপকাৰী৷