Logo
image

উদগ্ৰ গৰমৰ মাজতে মাৰাথন লোড শ্বেডিং

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৭ মে’: বিগত প্ৰায় এটা সপ্তাহ ধৰি প্ৰচণ্ড গৰমে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক৷ এতিয়ালৈকে হিটষ্ট্ৰকত ৰাজ্যত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ বৰষুণৰ পৰিমাণ উদ্বেগজনক ভাবে কমি যোৱাত গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা ঘটনাই জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে ভুতৰ ওপৰত দানহ পৰাদি ৰাজ্যৰ আন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীৰ ঠাই বিশেষে সঘনাই হৈ থকা লোড শ্বেডিং তথা বিদ্যুৎ কৰ্তনে ৰাইজক গেলা গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য কৰাইছে৷ আনকি চানমাৰীকে ধৰি গুৱাহাটীৰ কেতবোৰ অঞ্চলত চাৰিৰ পৰা আঠ ঘণ্টা পৰ্যন্ত বিদ্যুৎ কৰ্তনৰ ঘটনা সংঘটিত হৈ আছে৷  স্বাভাৱিকতে এনে প্ৰচণ্ড গৰমত ইমান সময় বিদ্যুৎ কৰ্তন হলে ভুক্তভোগী ৰাইজ কেনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে সেয়া সহজে অনুমেয়৷ ইফালে পুৱা চাৰি বজাৰ পাছতেই আকাশত সূৰ্য্য দেৱতাই ভূমুকি মৰাৰ পাছত আঠমান বজাতেই ভৰ দুপৰীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সূৰ্য্যৰ প্ৰখৰ উত্তাপ আৰু পৰ্যাপ্ত বৰষুণৰ অভাৱত ৰাজ্যবাসী এক অসহনীয় পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে৷ আনকি বিগত দুটা দিনৰ দ্ৰে দেওবাৰেও ৰাজ্যৰ কেবা ঠাইতো হিটষ্ট্ৰকত মানুহ মূৰ্চা যোৱা আৰু মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই দেওবাৰে সদৰী কৰা অনুসৰি বংগোপ সাগৰত শুকুৰবাৰে সৃষ্টি হোৱা নিম্নচাপৰ বাবে ৰেমাল নামৰ বিধবংসী ধুমুহা ইতিমধ্যে পশ্চিমবংগ আৰু বাংলাদেশৰ আকাশৰে দেওবাৰে উত্তৰ পূবৰ ৰাজ্যকেইখনত প্ৰৱেশ কৰিছে৷ ইফালে শনিবাৰে গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰাই  ৪০.১ ডিগ্ৰী চেলচিয়াছলৈকে উদ্ধৰ্গামী হোৱাৰ পাছত দেওবাৰে পাৰাস্তম্ভ কিছু নিম্নগামী হৈ ৩৮.০ ডিগ্ৰী চেলচিয়াছলৈকে নামি আহে৷  অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সামুদ্ৰিক ধুমুহা ৰেমালৰ প্ৰভাৱত দেওবাৰে মাজনিশাৰ পাছত বা সোমবাৰে পুৱাৰে পৰা উত্তৰ পূৱৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ বেচিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হ’ব৷ একে সময়তে দুই এঠাইত গাজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাৰো সম্ভাৱনা আছে৷ ইফালে শেহতীয়াভাবে ৰাজ্যত গ্ৰীষ্মৰ প্ৰবাহ বাঢ়িবলৈ লোৱাত মহানগৰীৰ লগতে ৰাজ্যবাসীৰ প্ৰাত্যহিক জীৱন বিপন্ন হৈ পৰিছে৷ দিনৰ ভাগত হাটে-বজাৰে মানুহৰ সমাগম যথেষ্ট পৰিমাণে কমি যোৱা পৰিলক্ষিত হৈছে৷  উল্লেখনীয় দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্ছ তাপমাত্ৰা আছিল ৩৮.১ ডিগ্ৰী ছেলচিয়াছ আৰু সাৰ্বনিম্ন তাপমাত্ৰা আছিল ২৭.৬ ডিগ্ৰী চেলচিয়াছ৷  প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত কেবাটাও হিটষ্ট্ৰক হোৱাৰ ঘটনা সংঘটিত হৈছে৷ আনহাতে দেওবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ ডিব্ৰুগড়ত ৩৭.০ ডিগ্ৰী চেলচিয়াছ,  যোৰহাটত ৩৭.২ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত ৩৭.ঙ্ম ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ৩৬.৭ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ৩৮.৪ ডিগ্ৰী চেলচিয়াছ, শিলচৰত ৩৯.৪ ডিগ্ৰী চেলচিয়াছ আছিল৷ উল্লেখ্য যে শনিবাৰৰ দৰে দেওবাৰেও ৰাজ্যৰ বেছিভাগ অঞ্চলৰে সৰ্বাধিক তাপমাত্ৰা ৫ পৰা .৪ ডিগ্ৰী চেলচিয়াছ ওপৰত আছে৷  আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৭ মে’ৰ পৰা ২৯ মে পৰ্যন্ত অসমৰ কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে৷ যাৰ বাবে বতৰ বিজ্ঞান বিভাগে বৰষুণ আহিলে সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছলৈ নামি আহিব বুলি সদৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ ভবিষ্যতবাণী বাস্তৱত পৰিণত হলে সোমবাৰৰ পৰা সাময়িকভাৱে গৰম কমাটো নিশ্চিত৷

বৰাকত হিটষ্টকত এজনৰ মৃত্যু

‘আমাৰ অসম’ৰ কৰিমগঞ্জ আৰু শিলচৰৰ প্ৰতিনিধি : উৎকট গৰমৰ কাৰণে মৃত্যু অমৰ সিনহা নামৰ যুৱকৰ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰত হিট ষ্ট্ৰ’কত মৃত্যু হয় যুৱকৰ৷ যোৱা দুদিনৰ পৰা প্ৰচণ্ড গৰম আৰু ৰ’দৰ বাবে মানুহৰ জীৱন ব্যাহত হৈ পৰিছে৷ ৰাজ্যখনৰ ক্ৰমাৎ চিন্তিত হৈ পৰিছে হিট ষ্ট্ৰ’কক লৈ৷ এইবাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰত গৰমৰ বাবে মৃত্যু ঘটিল৷ হিট ষ্ট্ৰোকত মৃত্যু হয় এজন ৩৮ বছৰীয়া যুৱকৰ৷  জানিব পৰা মতে, বৰাক ভেলী চিমেণ্ট কোম্পানীৰ মূল গেটত কাম কৰি থকা অৱস্থাত কোম্পানীৰ  অৰূপ সিনৰ হঠাতে অসুস্থ হৈ পৰে৷  লগত থকা শ্ৰমিক কেইজনে লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷  মাত্ৰ দুদিন পূৰ্বে যুৱকজন বদৰপুৰ চিমেণ্ট কোম্পানীৰ নিৰাপত্তাৰক্ষীৰ কামত যোগদান কৰে৷ তেওঁ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷  অৱশ্যে চিকিৎসকে নিশ্চিত কৰে যে যুৱকজনৰ হিট ষ্ট্ৰ’কত মৃত্যু হৈছে৷ ইয়াৰ পিছতে তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে বদৰপুৰবাসী৷

ডিজিপিৰ আহ্বানৰ প্ৰতি ৰাইজৰ সঁহাৰি

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : বিগত তিনিদিন ধৰি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য৷ দৈনিক ঊধবৰ্মুখী হৈছে পাৰাস্তম্ভ৷ ঘৰৰ বাহিৰে-ভিতৰে অগ্নিকুণ্ড সদৃশ পৰিস্থিতি! বতৰলৈ লক্ষ্য ৰাখি কৰ্তব্যৰত অসম আৰক্ষীৰ জোৱান আৰু পথচাৰীক পানী যোগান ধৰিছে সৰ্বসাধাৰণৰ নাগৰিকে৷ অৱশ্যে এনে প্ৰখৰ ৰ’দতো নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে৷ প্ৰচণ্ড গৰমলৈ লক্ষ্য ৰাখি পথত কৰ্তব্য পালন কৰা আৰক্ষীসকলক পানী যোগানেৰে সহায় কৰিবলৈ আহ৩ান জনাইছিল অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ সঞ্চালক প্ৰধানগৰাকীৰ আহ৩ানৰ প্ৰতি সঁহাৰি জনাই প্ৰখৰ ৰ’দত কৰ্তব্য পালন কৰা সাধাৰণ লোকক আজি লায়ন্স ক্লাব গৌহাটীৰ অধ্যক্ষ অজয় পোদ্দাৰৰ নেতৃত্বত গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ বিভিন্ন প্ৰান্ত যেনে কলংপাৰ বজাৰ,  নাৰেংগী তিনিয়ালি, পথৰকুৱাৰী, ফৰেষ্টগেট আদি এলেকাত অস্বস্তিকৰ গৰমত সকাহ দিবৰ বাবে পথচাৰী, পদপথৰ বেপাৰী, ৰিক্সাচালক, ঠেলাচালক আৰু আৰ্তজনক শীতলপানীয়, নেমুচৰৱত, লাচ্ছি আদি বিতৰণ কৰা হয়৷ অনাগত দিনত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই প্ৰকল্প অব্যাহত ৰখা হ’ব৷ আনহাতে কৰ্তব্যৰত আৰক্ষীক শীতল পানীয়ৰ যোগান ধৰিলে কলিয়াবৰৰ সৰ্বসাধাৰণ লোকে৷ উল্লেখ্য যে, ৩৮ ডিগ্ৰী তাপমাত্ৰাত কলিয়াবৰৰ জখলাবন্ধাত প্ৰখৰ ৰ’দত কৰ্তব্য পালন কৰা আৰক্ষীক পানী যোগান ধৰে স্থানীয় লোকে৷ প্ৰচণ্ড গৰমৰ বাবে এটুপি শীতল পানীয়ৰ বাবে আতুৰ হৈ থকা আৰক্ষীসকলক শীতল পানীয়ৰ বটল প্ৰদান কৰাত যথেষ্ট সকাহ লাভ কৰিছে বুলি অনুভৱ প্ৰকাশ কৰে আৰক্ষীয়ে৷ এই কাৰ্যৰ দ্বাৰা সৰ্বসাধাৰণ লোকৰ আৰক্ষীৰ প্ৰতি থকা দায়ৱদ্ধতা তথা আৰক্ষীৰ প্ৰতি থকা সন্মানে পুনৰবাৰ প্ৰমাণ কৰিলে৷ বতৰলৈ লক্ষ্য ৰাখি কৰ্তব্যৰত অসম আৰক্ষীৰ জোৱানক পানী যোগান সৰ্বসাধাৰণৰ৷ উল্লেখ্য যে, প্ৰখৰ ৰ’দ তথা উৎকট গৰমে দহিছে ৰাজ্য৷ মহানগৰীৰ পাৰাস্তমভ ৩৮ ডিগ্ৰীৰ পৰা ইতিমধ্যে ৪০ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰিছেগৈ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বহুলোকে গছৰ তল, শীতল পানীয়, ফলৰ ৰসৰ আশ্ৰয় লৈছে যদিও সাৰিব পৰা নাই গ্ৰীষ্ম দাহনৰ পৰা৷ গৰমৰ প্ৰকোপ তথা প্ৰখৰ ৰ’দৰ বাবে এতিয়া ঘৰৰ পৰা ওলাবলৈ বহুবাৰ চিন্তা কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ লোক৷ গৰমৰ এই মাত্ৰা যদিহে অব্যাহত থাকে তেন্তে স্বাভাৱিক জীৱনযাত্ৰা অধিক ব্যাহত হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে সকলোৱে৷

সচেতন যুৱ মঞ্চ অসমৰ উদ্যোগত শীতল পানীয় যোগান

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : সচেতন যুৱ মঞ্চ, অসমৰ উদ্যোগত দেওবাৰে গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কৰ্মৰত আৰক্ষী বিষয়া, সংবাদকৰ্মী, পদ-পথৰ দোকানীকে ধৰি প্ৰায় ৪০০ জনতকৈও অধিক লোক শীতল পানীৰ যোগান ধৰা হয়৷ এই কাৰ্যসূচীত উপস্থিত থাকে সচেতন যুৱ মঞ্চ, অসমৰ সভাপতি—জিতু ডেকা, সম্পাদক—সৌৰভ কলিতা, যুটীয়া সম্পাদক— ৰূপক দাস সচেতন যুৱ মঞ্চৰ অক্লান্ত সৈনিক চফিকুল ৰহমান আৰু আয়ুষ চক্ৰবৰ্তীৰ লগতে সচেতন যুৱ মঞ্চৰ কৰ্মীসকল৷