Logo
image

‘আলিবাবা’ক এশ কোটি ডলাৰৰ জৰিমনা চীনৰ

আমাৰ অসম, ১৩ মাৰ্চঃ চীনৰ ধনকুবেৰ জেক মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘আলিবাবা’ই এক কোটি মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ৭ হাজাৰ ২৭১ কোটি টকা জৰিমনা ভৰিব লগা হ’ব৷ চীনা প্ৰশাসনৰ উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানসমূহে এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে চীন চৰকাৰে কিছুমাহ ধৰি আলিবাবাৰ নিয়ন্ত্ৰণত থকা ব্যৱসায়িক সংস্থা ‘এণ্ট গ্ৰুপ’ কোম্পানীৰ বিৰুদ্ধে অভিযান চলাইছিল৷ আলিবাবাই একচেতিয়া ব্যৱসায় চলাই থকা আৰু চীনা প্ৰশাসনৰ বিভিন্ন বিধি-নিষেধ উলংঘা কৰাৰ বাবেই এতিয়া চৰকাৰখনৰ ৰোষত পৰিছে৷ যাৰ পৰিণতিত আলিবাবাই এশ কোটি মাৰ্কিন ডলাৰ জৰিমনা হিচাপে ভৰিব লাগিব৷