Logo
image

বৰষুণ গ’লে বুদ্ধি...

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ মে’: চোৰ গ’লে বুদ্ধি, বৰষুণ এৰিলে জাপি– এই নীতিৰে চলিছে এতিয়া ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ৷ সাগৰীয় ঘূৰ্ণী বতাহ ৰিমালে অসমত সংহাৰ ৰূপ ধাৰণৰ পাছতেই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ কৰ্মৰ নমুনাক লৈ প্ৰশ্ন উঠিছে৷ কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ৰিমালৰ সাম্ভাৱ্য ধবংসলীলাক লৈ ৰেড এলাৰ্ট জাৰি কৰাৰ পাছতো ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থাৰ গ্ৰহণ নকৰাৰ মুকলি অভিযোগ উঠিছে৷ সাম্ভাৱ্য বিপদৰ আশংকাৰ কথা চৰকাৰৰ সংশি¡ষ্ট বৰমূৰীয়াসকলক সতৰ্ক কৰি দিয়া হ’লে মঙলবাৰে গছ পৰি এজন কলেজীয়া ছাত্ৰৰ মৃত্যুৰ পৰা ৰক্ষা পৰিলহেঁতেন বুলিও চৰ্চা চলিছে৷ যাৰ বাবে দুৰ্যোগ প্ৰশমন কতৃৰ্পক্ষক ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ বুুুলিও বিভিন্নজনে অভিযোগৰ আঙুলি তুলিছে৷

উল্লেখ্য, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফ শিতানত বছৰি কোটি কোটি টকা লাভ কৰে৷ দুৰ্যোগৰ ক্ষতিপূৰণ দিয়াৰ পৰা সাম্ভাৱ্য দুৰ্যোগৰ পৰা ৰাইজক উদ্ধাৰ আৰু সজাগতাৰ বাবদ এই ধন ব্যয় কৰাটো কৰ্তৃপক্ষৰ প্ৰধান দায়িত্ব৷ চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি চমুকৈ এছ ডি আৰ এফ শিতানত  অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে মুঠ ৩৪০ কোটি টকা লাভ কৰিছে৷ বিত্তীয় বৰ্ষৰ দুটা মাহ নৌহওঁতেই এই ধনৰ বৰ্তমানলৈ ২১ কোটি টকা ব্যয় কৰিছে প্ৰাধিকাৰীয়ে৷ কিন্তু দুৰ্যোগ-পুঁজিৰ ২১ কোটি টকা ব্যয়ৰ পাছতো সাগৰীয় ঘূৰ্ণী বতাহ ৰিমেলৰ ধবংসলীলাক লৈ ৰাজ্য চৰকাৰক সতৰ্ক কৰি দিবলৈ সক্ষম নহ’ল ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই অন্ততঃ শিক্ষানুষ্ঠানসমূহক বন্ধ ৰখাৰ বাবে চৰকাৰক সতৰ্ক কৰি দিবলৈ সক্ষম হোৱা হ’লে মৰিগাঁৱত কৌশিক বৰদলৈ নামৰ ছাত্ৰজন মৃত্যুৰ পৰা প্ৰাণ ৰক্ষা পৰিলহেঁতেন আৰু ঢেকীয়াজুলিত বিদ্যালয়লৈ বুলি ওলাই অহা ১২জন ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ পৰা স্কুলবাছত থকা ছাত্ৰসকল ৰক্ষা পৰিল হয়৷ কিন্তু সন্মুখত বিপদ দেখিও হাত সাৱটি বহি থকা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই এতিয়া যেন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত দুই-এটা বিজ্ঞাপন প্ৰচাৰ কৰিয়েই দায়িত্ব সামৰাৰ লগতে দুৰ্যোগ পুঁজিৰ কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে৷