Logo
image

মুম্বাই-বিপৰ্যয়ৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা গুৱাহাটী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ মে’: মুম্বাই হ’ৰ্ডিং কাণ্ডৰ বিপৰ্যয়ৰ পুনৰাবৃত্তিৰ পৰা যেন কথমপি ৰক্ষা পৰে গুৱাহাটী মহানগৰ৷ এপষেক পূৰ্বে মুম্বাইত ১০০ ফুট দৈৰ্ঘৰ এখন হ’ৰ্ডিং ধুমুহাৰ ফলত বাগৰি পৰাত ১৬জনকৈ লোকৰ কৰুণ মৃত্যু হৈছিল৷ আনকি এই ঘটনাত আন ৭৫জন লোক আঘাতপ্ৰাপ্ত হৈছিল৷ ইয়াৰ পাছতেই মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰাত অবৈধভাৱে হ’ৰ্ডিং লগোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাই নহয়, হ’ৰ্ডিংখনৰ মালিক ভৱেশ ভিদেক গ্ৰেপ্তাৰ কৰিছিল৷

মুম্বাইৰ হ’ৰ্ডিং কাণ্ডৰ যেন মঙলবাৰে অনুৰূপ ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীত৷ সাগৰীয় ঘূৰ্ণি বতাহ ৰিমালৰ প্ৰকোপত মহানগৰীৰ মালিগাঁৱত এখন প্ৰকাণ্ড হ’ৰ্ডিঙৰ লোহাৰ ফ্ৰেমটো হাওলি পৰে৷ অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে৷ কিন্তু হ’ৰ্ডিংখন আঁতৰোৱাৰ বাবে মালিগাঁৱত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷ মালিগাঁৱৰ কামাখ্যা নতুন উৰণসেতুৰ কাষতে এটা বাসগৃহৰ ওপৰত থকা বিশাল হ’ৰ্ডিংখন বতাহে ভাগি পৰে৷ অৱশ্যে হ’ৰ্ডিংখন ৰাজপথ তথা উৰণসেতুৰ দিশে নপৰিল যদিও বিপজ্জনকভাৱে ওলমি থাকে৷ যাৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে ক্ৰেনৰ সহায়ত হ’ৰ্ডিংখন স্থানান্তৰ কৰে৷ উৰণসেতুৰ ওপৰত ক্ৰেনেৰে হ’ৰ্ডিং আঁতৰাবলগীয়া হোৱাত পথটো বন্ধ হৈ পৰাত ব্যাপক যান-জঁটৰ সৃষ্টি হয়৷ ফলত যান-বাহন আৰক্ষীয়ে উৰণসেতুৰ তলেৰে যান-বাহনৰ চলাচলৰ ব্যৱস্থা কৰে৷ অৱশ্যে এই হ’ডিংখনৰ বাবে মঙলবাৰে যেন মুম্বাই বিপৰ্যয়ৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰে গুৱাহাটীৰ মালিগাঁও অঞ্চল৷ ব্যক্তিগত গৃহৰ ওপৰত এনেদৰে হ’ৰ্ডিং স্থাপনৰ অনুমতি জি এম চিয়ে কেনেকৈ দিয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷