Logo
image

ইউৰিক এচিড হ’লে খাদ্যাভ্যাস সলনি কৰক

পুৱা বিছনা এৰাৰ পাছতেই ভৰি বিষায় নেকি? দুই-তিনিদিন পাছত হাত-ভৰিৰ গাঁঠিত বিষ অনুভৱ কৰে নেকি? কিছুসময় খোজ কাঢ়িলে বিষ  অলপ কমে যদিও পুনৰ গাঁঠি বিষাবলৈ ধৰে৷ এটা সময়ত হাত-ভৰিৰ গাঁঠি ফুলি উঠে নেকি? তেন্তে, সাৱধান এয়া ইউৰিক এচিডৰ লক্ষণ হ’ব পাৰে৷ ৪০ বছৰৰ পাছত সাধাৰণতে এই সমস্যাই দেখা দিয়ে৷ অনিয়ন্ত্ৰিত খাদ্যাভাস, প্ৰ’টিনযুক্ত খাদ্য বেছিকৈ খোৱা আৰু সুৰাপান কৰাৰ অভ্যাস থাকিলে কম বয়সীয়াল সকলৰ মাজতো এই সমস্যাই দেখা দিয়ে৷ বহুতে ওজন কমোৱাৰ বাবে কাৰ্বহাইড্ৰেট এৰি প্ৰ’টিনযুক্ত খাদ্য বেছিকৈ খোৱা কৰে৷ এনেকুৱা হ’লেও ইউৰিক এচিডৰ সমস্যাই দেখা দিয়ে৷ ইউৰিক হ’লে কিছুমান খাদ্য কমকৈ খোৱা উচিত৷ আন কিছুমান খাদ্য এৰাই চলাটো অত্যন্ত জৰুৰী৷ উল্লেখ কৰা হ’ল ইউৰিক এচিডৰ সমস্যা থাকিলে কোনবোৰ খাদ্য খাব পাৰি আৰু কোনবোৰ নোৱাৰি–

- ইউৰিক এচিড হ’লে বহুতেই বিলাহী খোৱা এৰি দিয়ে৷ কিন্তু ৰন্ধনত বিলাহী দিলে কোনো অপকাৰ নহয়৷ অৱশ্যে কেঁচা বিলাহী আৰু কেঁচা পিঁয়াজ খোৱা অনুচিত৷ 
- ভাত, ৰুটি, চিৰা, মুড়ি এইবোৰ খাব পাৰে৷ কিন্তু পাচলিৰ ক্ষেত্ৰত ফুলকবি, বন্ধাকবি আৰু পালেং শাক কমকৈ খাব৷ 
- চৰ্বিযুক্ত মাছ পৰাপক্ষত এৰাই চলক৷ 
- ইলিচ মাছত ওমেগা-৩ ফেটি এচিড থাকে৷ সেয়ে অত্যধিক পৰিমাণে ইলিচ নাখাব৷ 
- সকলোধৰণৰ ফলমূল খাব পাৰে৷ কিন্তু মিক্সড ফ্ৰুইটৰ সলনি দিনটোত এবিধহে ফল খোৱা কৰক৷ ড্ৰাই ফ্ৰুইটছ খোৱাদ বাধা নাই৷
- ২০০-২৫০ মিলি লিটাৰতকৈ বেছি গাখীৰ নাখাব৷ দৈ আৰু ছানা খোৱাত বাধা নাই৷ 
- খাদ্য তালিকাৰ পৰা যিমান পৰা যায় প্ৰ’টিনৰ পৰিমাণ কমাই দিয়ক৷ ৬০ কেজি ওজন লোকসকলে ৬০ গ্ৰামতকৈ বেছি প্ৰ’টিন নাখাব৷
- দাইল বা দাইলৰ পৰা প্ৰস্তুত কৰা খাদ্য, ৰাজমাহ, ছয়াবিন ভুলতো নাখাব৷ 
- কণীৰ বগা অংশখিনিহে খোৱা কৰক৷
- চিকেন খাব পাৰে৷ কিন্তু ছাগলী মাংস, মিছা মাছ আদি খোৱা একেবাৰে বন্ধ কৰক৷
- অক্সালেট জাতীয় স্তনৰ সমস্যা থাকিলে গাখীৰ বা দুগ্ধজাতীয় কোনো খাদ্য নাখাব৷ 
- ফলৰ ৰস খোৱা বন্ধ কৰক৷ কাৰণ ফলৰ ৰসে ইউৰিক এটিডৰ মাত্ৰা বৃদ্ধি কৰে৷