Logo
image

দলগাঁৱত কুখ্যাত গঁড় চিকাৰী খলিলুৰক আটক

'আমাৰ অসম', দলগাঁও, ২৯ মে' : চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ১০ দিন পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ভৱপুৰ গাঁৱৰ পৰা হুছেইন আলি নামৰ এটা চোৰাং চিকাৰী আটক কৰাৰ পাছত বুধবাৰে পুনৰ আন এটা কুখ্যাত গঁড় চিকাৰী আৰক্ষীৰ জালত পৰে।

ম'ষ্ট ৱাণ্টেড খলিলুৰ ৰহমান নামৰ কুখ্যাত গঁড় চিকাৰীটোক দলগাঁও থানাৰ সমীপৰ মিলন চ'কৰ পৰা আটক কৰো দলগাঁও আৰক্ষীয়ে। কুখ্যাত গঁড় চিকাৰীটোৰ পৰা এটা থ্ৰী ন'ট থ্ৰী ৰাইফল আৰু চাৰিটা সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰ থলথলি বিলত পুতি ৰাখিছিল খলিলুৰ ৰহমানে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।