Logo
image

চৰকাৰ আৰু অভিভাৱকৰ সচেতনতা

২৮ মে’ত সমগ্ৰ অসম কঁপাই গ’ল ঘূৰ্ণী বতাহ ৰিমালে৷ পুৱাৰে পৰা আৰম্ভ হোৱা বতাহ-ধুমুহাৰ মাজত আৱদ্ধ হৈ পৰা নাগৰিকে নিজ বাসগৃহতেই আশ্ৰয় লৈছিল৷ কিন্তু পৰিতাপৰ কথা যে ঘূৰ্ণী¹ বতাহৰ মাজতে এচাম অভিভাৱকে বিনাদ্বিধাই সন্তানক প্ৰেৰণ কৰিছিল বিদ্যালয়লৈ৷ মৰিগাঁৱত চলন্ত স্কুলবাছত গছ পৰি কৌশিক বৰদলৈ নামৰ এজন কলেজীয়া ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ঢেকীয়াজুলিৰ ১২জন ছাত্ৰ-ছাত্ৰী আহত হয়৷ দুটা ঘটনাৰ পৰা আমি কেইটামান কথা অনুমান কৰিব পাৰোঁ৷

প্ৰথম কথাটো হৈছে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগটোৰ বৰমূৰীয়াসকলৰ অদূৰদৰ্শিতা৷ ঘূৰ্ণী বতাহ ৰিমালৰ আগমনৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই সপ্তাহ পূৰ্বেই সতৰ্ক কৰিছিল ৰাজ্য চৰকাৰক৷ পৰিতাপৰ কথা যে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীক গুৰুত্ব আৰোপ নকৰা ৰাজ্যৰ শিক্ষা বিভাগটোৰ সঞ্চালকসহিতে সচিবসকলে ঘূৰ্ণী বতাহত ছাত্ৰৰ প্ৰাণ নাশ হোৱাৰ বাতৰি পোৱাৰ পাছতো গ্ৰহণ কৰিলে মৌনতা৷ নগাঁও আৰু মৰিগাঁও জিলাৰ আয়ুক্ত দুজনে পুৱা ৮ বজাত ঘোষণা কৰিলে সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ৷ ঘূৰ্ণী বতাহৰ তাণ্ডৱত যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ পৰা ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত ধ্বংস হৈছে বিজুলী যোগান ব্যৱস্থা আৰু বহুতো গাঁৱত আজিও দেখা-দেখি নাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া-কম¹ৰ৷ প্ৰশ্নটো হৈছে, ৰাজ্যৰ শিক্ষা বিভাগৰ মুৰব্বীসকলে কিয় গুৰুত্ব আৰোপ নকৰিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীক? ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে নিজেই মধ্য অসমৰ কেইখনমান জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিব লগাত পৰা কাৰ্যই প্ৰকৃততে কি বুজাইছে? প্ৰয়োজনত তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ অধিকাৰ শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ নাই নেকি? ৰাজ্যৰ শিক্ষামন্ত্ৰীজনে কিয় সংবেদনশীল কৰিব পৰা নাই বিভাগৰ বিষয়াসকলক?

দ্বিতীয় কথাটো হৈছে, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱককেন্দ্ৰিক৷ সচেতন অভিভাৱক হোৱাটো সন্তানৰ কাম্য৷ কিন্তু অভিভাৱকসকলৰ মাজৰে একাংশ অভিভাৱক যেন মেচিনসদৃশ৷ ধুমুহাৰ মাজত সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰা অভিভাৱকসকলে কিয় অনুভৱ নকৰে সন্তানৰ সুৰক্ষাৰ কথা? বিদ্যালয়লৈ পুৱাই সন্তানক প্ৰেৰণ কৰাটোৱেই অভিভাৱকৰ একমাত্ৰ দায়িত্ব নেকি? তেনেবোৰ অভিভাৱকে এবাৰ নিজকে প্ৰশ্ন কৰক– এদিন বা দুদিন বিদ্যালয়লৈ যাবলৈ নোপোৱা সন্তান শিক্ষাগ্ৰহণত পিছপৰি যায় নেকি? সন্তানৰ সুৰক্ষাৰ কথাটো অকল চৰকাৰ বা বিদ্যালয় কতৃৰ্পক্ষইহে চিন্তা কৰিব বুলি ভাবে নেকি অভিভাৱকসকলে? প্ৰকৃততে একাংশ অভিভাৱক আজিকালি নামিছে প্ৰতিযোগিতাৰ দৌৰত৷ গুণগত শিক্ষাৰ পৰিৱৰ্তে নম্বৰ লাভৰ শিক্ষা লাভৰ বাবে নিজ সন্তানক যিকোনো পৰ্যায়লৈ প্ৰেৰণ কৰাটো এক সাধাৰণ কথাত পৰিণত হৈছে৷ কোনো এটা বিষয়ত এশ নম্বৰৰ ভিতৰত কিয় এশ নম্বৰ নাপালি বুলি সন্তানক কৰ্কথনা কৰা অভিভাৱক সুলভ আধুনিক সমাজত৷ সন্তানৰ উচিত শিক্ষাৰ অৰ্থে তেনে অভিভাৱক লাগে, যিসকল সন্তানৰ প্ৰতি সচেতন হয় প্ৰতিটো ক্ষণতে৷ সন্তানৰ মানসিক বিকাশৰ হেতু অভিভাৱকৰ নীতিগত আচৰণ দৰকাৰ৷

জীৱশ্ৰেষ্ঠ মানৱ যিমানেই সম্পদশীল নহওক কিয়, প্ৰকৃতিৰ ওচৰত সকলো অসহায়৷ ধুমুহা, বান, ভূমি¦খলন, অগ্নি আদি দুৰ্যোগৰ সময়ত ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি মোকাবিলা কৰিবলৈ শিকক চৰকাৰৰ বৰমূৰীয়া আৰু অভিভাৱকসকলে৷