Logo
image

দিল্লীৰ পৰা ছিংগাপুৰ অভিমুখে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীৰ অসম ভৱনৰ পৰা ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, এপিডিচিএল কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা ঘূৰ্ণিবতাহ ৰিমালত আক্ৰান্ত জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ৰিমালৰ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত ভাৰ্চুৱেলী পৰ্যালোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে এই অনলাই বৈঠকত ৰিমালত আক্ৰান্ত জিলাসমূহৰ আয়ুক্তসকলক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যাৱতীয় সাহাৰ্য প্ৰদানৰ নিৰ্দেশ দিয়ে৷ নিহতসকলক চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়াৰ লগতে আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া আগজাননী অনুসৰণ কৰি প্ৰশাসনক ক্ষীপ্ৰতাৰে কাম কৰাৰ লগতে আগতীয়া সাৱধানতামূলক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়াসকলক বাদ দি ৰিমালৰ উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে সুকীয়া গোট গঠনৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে এপিডিচিএল কৰ্তৃপক্ষক যুদ্ধকালীন তৎপৰতাৰে ক্ষতিগ্ৰস্ত অঞ্চলত পুনৰ মেৰামতিৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক ডিমাহাচাওৰ হাৰাংগাজাও আৰু জাতিংগাৰ পথছোৱা সোনকালে মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে৷ মণিপুৰ আৰু মিজোৰামৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাৰ আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে পৰ্যাপ্ত খাদ্য-সামগ্ৰী আৰু পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ কুৰিশ্বৰ পানী এৰাৰ সন্দৰ্ভত আগতীয়া তথা ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে বৰপেটা, চিৰাং আৰু বাগ্‌সা জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ লক্ষণীয় যে মুখ্যমন্ত্ৰীয়ে দিনৰ ভাগত ৰিমালক লৈ এই অনলাইন বৈঠক অনুষ্ঠিত কৰি নিশা ৯.৩০ বজাত দিল্লীৰ পৰা ছিংগাপুৰ অভিমুখে উৰা মাৰে৷ উল্লেখ্য যে অসমত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত যোৱা প্ৰায় এমাহ ধৰি মুখ্যমন্ত্ৰীয়ে ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, দিল্লী, পঞ্জাব আদি ৰাজ্যত দিনে চাৰি পাঁচখনকৈ সভাত নিৰ্বাচনী প্ৰচাৰ চলায়৷ এই প্ৰচাৰ সামৰি আজি মুখ্যমন্ত্ৰী ছিংগাপুৰ অভিমুখে উৰা মাৰে৷