Logo
image

হঠাৎ আৰএছএছৰ মুখ্য কাৰ্যালয়ত সোণোৱাল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিঃৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়ত বুধবাৰে হঠাৎ আৰএছএছৰ গুৱাহাটীৰ বৰবাৰীস্থিত উত্তৰ-পূবৰ মুখ্য কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ আৰএছএছৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক নৃপেন বৰ্মন সমন্বিতে কাৰ্যকৰ্তাৰ সৈতে তেওঁ প্ৰায় আধাঘণ্টা সময় মত-বিনিময় কৰে৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীজনে আৰএছএছৰ প্ৰতিষ্ঠা কালৰ নেতাসকললৈ শ্ৰদ্ধাঞ্জলি জনায়৷ তাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত ডিব্ৰুগড়ত বিজেপিৰ ফলাফল ভাল হ’ব বুলি কয়৷ লোকসভা নিৰ্বাচনৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে সুদৰ্শনালয়ত ভৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ বিগত কেইবাদিন ধৰি ওড়িশা, বংগ, বিহাৰ, পঞ্জাব আদি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ এনে সময়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল আচম্বিতে আৰ এছ এছৰ উত্তৰ-পূবৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাটো তাৎপৰ্যপূৰ্ণ৷