Logo
image

গুৱাহাটীত ৰাজ্যিকভিত্তিত ‘সপ্তজ্যোতি’ কুইজ প্ৰতিযোগিতা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩০ মে’ : গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বুধবাৰে সদৌ অসম ভিত্তিত ‘সপ্তজ্যোতি’ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ উল্লেখ্য, জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সাত নং ছাত্ৰাবাসৰ সাতজন শিক্ষাৰ্থী ক্ৰমে কৌশিক বৰুৱা, কৌশিক মোহন, ইমন কল্যাণ বৰুৱা, ৰাজ কিৰণ ভূঞা, অৰিন্দম ভোৱাল, নিয়ৰ ডেকা আৰু উপাংশু শৰ্মাৰ সোঁৱৰণত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ বিগত বৰ্ষ জালুকবাৰী এক  দুৰ্ঘটনাত এই সাতজন ছাত্ৰৰ অকাল মৃত্যু হৈছিল৷ আয়োজকৰ শেহতীয়া সিদ্ধান্ত অনুসৰি প্ৰতিযোগিতা একাদশ শ্ৰেণীৰপৰা স্নাতক পৰ্যায়লৈ মুকলি থাকে৷ এই প্ৰতিযোগিতাত মুঠ ১৮ খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাৰ আৰম্ভণিতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সাতজন ছাত্ৰৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা হয়৷ উল্লেখ্য, সাতজন ছাত্ৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁলোকৰ পৰিয়ালবৰ্গই গুৱাহাটীৰ সাতগাঁও লাচিত পুথিভঁৰালৰ সহযোগত এই প্ৰতিযোগিতা আয়োজন কৰে৷ ১৮টা দলৰমাজৰ পৰা কুইজ পৰিচালক দীপাংকৰ কৌশিকে তেওঁৰ সহযোগীসকলৰ সৈতে প্ৰাৰম্ভিক পৰীক্ষাৰ দ্বাৰা জ্জ টা দলক নিৰ্বাচিত কৰি নে ‘সপ্তজ্যোতি’ নামৰ এই কুইজ প্ৰতিযোগিতাখনৰ সফলসমাপ্তি কৰে৷ উক্ত কুইজ প্ৰতিযোগিতাত ক্ৰমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দলে প্ৰথম, অসম অভিযান্ত্ৰিক মহাবিদ্যালযৰ দলে দ্বিতীয় আৰু এছ বি দেওৰা মহাবিদ্যালযৰ দলে তৃতীয় স্থান দখল কৰে৷ পুৰস্কাৰ বিজেতা তিনিটি দলক একোটিকৈ বঁটা, একোখনকৈ প্ৰমাণ পত্ৰ আৰু ক্ৰমে ২৫,০০০ টকা, ২০,০০০টকা আৰু ১৫,০০০ টকাকৈ নগদ ধন প্ৰদান কৰা হয়৷ পুৱা ১১ বজাত  প্ৰয়াত সাতজন ছাত্ৰৰ প্ৰতিচ্ছবিৰ সমুখত একোগছিকৈ বন্তি প্ৰজ্বলনৰে তেওঁলোকৰ পিতৃ- মাতৃ তথা পৰিয়ালৰ সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে মৃতকসকলৰ আত্মাৰ সদগতিৰ কাৰণে মৌন প্ৰাৰ্থনা জনায়৷   আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি কুইজ প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰাৰ উপৰি তেওঁ এটি আধ্যাত্মিক ভাষণ আগবঢ়ায়৷ লগতে অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই প্ৰয়াত ছাত্ৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বক্তৃতা আগবঢ়ায়৷ কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰাবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰাই এটা বৰগীত পৰিৱেশন কৰে৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্লাৱন কাকতিয়ে কবিতা আবৃত্তি কৰে৷ বিয়লি ‘সপ্তজ্যোতি’ কুইজ প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ নুমলীগড় শোধনাগাৰৰ অভিযন্তা তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জ্জ নং ছাত্ৰাবাসৰ প্ৰয়াত ছাত্ৰ নিয়ৰ ডেকাৰ পিতৃ অনিল ডেকাই আগবঢ়োৱা আদৰণী ভাষে¸ণ সকলোৰে চকু সেমেকাই তোলে৷ বিশিষ্ট শিক্ষাবিদ ড॰ অমৰজ্যোতি চৌধুৰীয়ে কুইজ প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে প্ৰস্তুত কৰা ‘সপ্তজ্যোতি’ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে৷ সভাৰ বিশিষ্ট অতিথিদ্বয় ক্ৰমে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ কুমাৰ ভট্টাচাৰ্য আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰ্যায় ক্ৰমে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ কল্যাণ কলিতা আৰু নুমলীগড় তেল শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে ভাষণ প্ৰদান কৰে৷ সমজুৱাৰ মাজৰ পৰা শিক্ষাবিদ তথা লাচিত পুথিভঁৰালৰ প্ৰাক্তন সভাপতি দুলুমনি বৰঠাকুৰ আৰু প্ৰদীপ ভূঞাইও চমু বক্তৃতা প্ৰদান কৰে৷ সভাৰ মাজতে আবৃত্তিকাৰ নুমলীগড় শোধনাগাৰৰ অভিজন্তা নৃপেন্দ্ৰ নাথ ডেকাই এটা কবিতা আবৃত্তি কৰে৷ সভাপতি প্ৰফুল্ল বৰ্মনে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি এটি নাতিদীৰ্ঘ বক্তৃতা প্ৰদান কৰে৷ লাচিত পুথিভঁৰালৰ সাহিত্য সম্পাদক উপেন গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়৷