Logo
image

আৰবৰ ‘দ্য লাইন’ চহৰত নিষিদ্ধ হ’ব ব্যক্তিগত বাহন

আমাৰ অসম, ১৩ মাৰ্চঃ ছৌদি আৰবত অচিৰেই এখন অত্যাধুনিক চহৰ নিৰ্মাণ হ’ব৷ ছৌদিৰ প্ৰিন্স মহম্মদ বিন ছালমানে এই কথা ঘোষণা কৰিছে৷ অহা কেইমাহমানৰ ভিতৰতে চহৰখন নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ প্ৰায় ১৭০ কিলোমিটাৰ আয়তনৰ এই চহৰখনৰ নাম দিয়া হৈছে ‘দ্য লাইন’৷ প্ৰায় ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ বিনিময়ত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলগীয়া চহৰখন স্থাপন হ’ব লোহিত সাগৰৰ উপকূলত৷ আচৰিত যে প্ৰায় দহ লাখ লোকে বাস কৰিব পৰা চহৰখনত নাথাকিব ব্যক্তিগত বাহনৰ চলাচল৷ অৰ্থাৎ ‘দ্য লাইন’ নামৰ চহৰখনৰ বাসিন্দাসকলে খোজকাঢ়িয়েই যাতায়াত কৰিব লাগিব৷ ২০৩০ চনৰ ভিতৰত এইখন চহৰত ৩ লাখ ৮০ হাজাৰ কৰ্মসংস্থানৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে৷