Logo
image

ধঁপাতবিৰোধী দিৱস

আজি সমগ্ৰ বিশ্বতেই ধঁপাতবিৰোধী দিৱস পালন কৰা হ’ব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আহ্বানক্ৰমে ১৯৮৭ চনৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই বাৰম্বাৰ এই কথা সোঁৱৰাই দি আছে যে ভিন্ন ৰূপত ধঁপাত সেৱনৰ ফলত বিশ্বৰ চুকে-কোণে কোটি কোটি মানুহ বিভিন্ন দুৰাৰোগ্য বেমাৰত ভুগিবলগীয়া হৈছে আৰু বছৰি নিযুতৰ হিচাপত মানুহৰ মৃত্যু বা অকালমৃত্যু হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই সেয়েহে প্ৰতিবছৰে এনেধৰণৰ দিৱস উদ্‌যাপন কৰি ধঁপাতৰ অপকাৰিতাৰ বিষয়ে সকলোকে সজাগ কৰাৰ ব্যৱস্থা লৈছে৷ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এনে দিৱসৰ তাৎপৰ্য অস্বীকাৰ কৰা নাই আৰু বিভিন্ন আঁচনি-কাৰ্যসূচীৰে ধঁপাতবিৰোধী দিৱস পালন কৰি আহিছে৷ আমাৰ দেশ বা আমাৰ ৰাজ্যও তাৰ ব্যতিক্ৰম নহয়৷ আজি শিক্ষানুষ্ঠানসমূহকে ধৰি চৰকাৰী-বেচৰকাৰী সংস্থাই ধঁপাতৰ অপকাৰিতাৰ বিষয়ে ক’বলৈ বা আলোচনা কৰিবলৈ সভা-সমিতি পাতিব, হয়তো ক’ৰবাত কোনোবাই ৰাজপথত সমদল উলিয়াব আৰু ধঁপাতবিৰোধী শ্লোগান দিব৷ হয়তো কোনো কোনোৱে ধঁপাতশূন্য পৃথিৱী গঢ়াৰ বাবে শপত ল’ব৷ আৰু দোকানে-পোহাৰে চকুত লগা বিজ্ঞাপন হৈ ওলমি থকা গুট্‌খা-ধঁপাত, চিগাৰেটৰ পেকেটবোৰে অট্টহাস্যৰে ভেঙুচালি কৰিব৷ সন্ধিয়াৰ প্ৰাইম-টাইমত ধঁপাতবিৰোধী দিৱসৰ বাতৰিবোৰ ভিডিঅ’ ক্লিপিংবোৰৰ সৈতে পৰিৱেশন কৰা হ’ব৷ বাতৰিৰ মাজৰ ‘ব্ৰেক’ত ধঁপাতযুক্ত মুখৰোচক পাণমচলাৰ বিজ্ঞাপন প্ৰচাৰ হ’ব অথবা বলীউডৰ নায়কে ধঁপাতৰ অপকাৰিতা বুজোৱা বিজ্ঞাপন ছবিৰ ৰেঙণি দেখুওৱা হ’ব৷ পিছদিনাৰ বাতৰিকাকতবোৰতো ধঁপাতবিৰোধী সভাবোৰৰ খবৰ প্ৰকাশ পাব, নেতা-মন্ত্ৰীসকলৰ ভাষণৰ উদ্ধৃতি দিয়া হ’ব৷ এই ধঁপাতবিৰোধী দিৱস পালনে বিশ্বত ধঁপাত সেৱনকাৰীৰ সংখ্যা কিমান কমালে তাৰ খবৰ সহজলভ্য নহয়৷ কিন্তু, ধঁপাতজাতীয় বস্তুৰ সেৱনে ঘটোৱা অথন্তৰবোৰৰ খবৰৰ অভাৱ নাই৷ আপাতদৃষ্টিত সমাজখনত ধঁপাতৰ ব্যৱহাৰ বা ধঁপাত সেৱনকাৰীৰ সংখ্যা কমিছে যেন বোধ নহয়৷ বৰঞ্চ নিষেধাজ্ঞা থকা সত্ত্বেও ৰাজহুৱা স্থানত ধঁপাতজাতীয় দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বঢ়া যেনহে অনুমান হয়৷ বিশেষকৈ দোকানে দোকানে ওলমি থকা ৰং-বিৰঙৰ গুট্‌খাৰ পেকেট সেৱনকাৰী বাটে-ঘাটে অসংখ্য-অজস্ৰ৷ ভিন্ন বয়সৰ যুৱক-যুৱতী, পুৰুষ-মহিলাই এইবোৰ সেৱন কৰে আৰু বাটে-ঘাটে প্লাষ্টিক পেকেটবোৰ দলিয়ায়৷ আমাৰ অসমতেই চৰকাৰী ঘৰৰ পৰা গুট্‌খা-নিষেধ কৰাৰ খবৰ কেইবাবাৰো ওলাল, কিন্তু বাস্তৱত তাৰে এপদ বস্তুও হৰণ-ভগন হোৱা দেখা নগ’ল৷ সম্প্ৰতি কিছু যোত্ৰবান লোকৰ সন্তানৰ মাজত ই-চিগাৰেট, হুক্কা আদিৰ প্ৰচলনো অবাধে হোৱা দেখিবলৈ পোৱা যায়৷ ধঁপাতৰ লগতে মাৰাত্মক ড্ৰাগছ্‌ সেৱনকাৰী, সৰবৰাহকাৰী, চোৰাং কাৰবাৰী আদিক কৰায়ত্ত কৰা, শাস্তি বিহা আদিৰ খবৰো সমানেই পোৱা যায়৷ কিন্তু, প্ৰকৃততে এইবোৰৰ বিশ্বাসযোগ্যতা সন্দেহৰ আৱৰ্তত সোমাই পৰে৷ কিয়নো, বাতৰিবোৰ হয়গৈ পৰস্পৰবিৰোধী৷ আচলতে, ধঁপাতভিত্তিক উদ্যোগকে ধৰি সমস্ত কাৰবাৰটোৰ সৈতে চৰকাৰৰ ৰাজহ আদায়ৰ প্ৰশ্নটো জড়িত হৈ আছে৷ চৰকাৰবোৰে এই উদ্যোগ বা ধঁপাতৰ ব্যৱসায়ত হাত দিয়াৰ সাহস কৰিব নোৱাৰে৷ একেদৰে, বিশ্ব স্বাস্থ্য সংস্থায়ো ধঁপাত উদ্যোগবোৰে মিছা মিছা কথাৰে উপভোক্তাক ধঁপাতৰ প্ৰতি আসক্ত কৰাটো বন্ধ কৰিব লাগে, তাৰ প্ৰতি সজাগতা সৃষ্টি কৰিব লাগে, বিৰোধী অভিযানৰ কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে বুলি যি আহ৩ান বিশ্ববাসীক জনাইছে, তাত কোনো বাস্তৱসন্মত সাহসী বাৰ্তা আছে বুলি ভাবিব নোৱাৰি৷ বিগত তিনিটা দশকৰো অধিক কাল ধঁপাতবিৰোধী দিৱস পালনৰ জৰিয়তে বিশ্ব স্বাস্থ্য সংস্থাই নিজেই সদৰী কৰিছে যে সমগ্ৰ বিশ্বতে ১৩ৰ পৰা ১৫ বছৰৰ ল’ৰা-ছোৱালীৰ মাজত প্ৰাপ্তবয়স্ক লোকতকৈ ই-চিগাৰেট সেৱনকাৰীৰ সংখ্যা ভয়াৱহ হাৰত বাঢ়ি ৩৭ নিযুততকৈ অধিক হৈছে৷ ইয়াৰ বাবে স্বাস্থ্য সংস্থাটোৱে যুৱক-যুৱতীসকলক ছলাহী কথাৰে ভুলাই আজীৱন গ্ৰাহক হ’বলৈ টাৰ্গেট কৰি লোৱা উদ্যোগসমূহক দোষাৰোপ কৰিছে আৰু এই উদ্যোগসমূহৰ হাতোৰাৰ পৰা ল’ৰা-ছোৱালীহঁতক আঁতৰাই ৰাখিবলৈ আহ্বান জনাইছে৷ কিন্তু, কথা হ’ল এই কাম কৰিব কোনে? ‘চিগাৰেট সেৱন স্বাস্থ্যৰ পক্ষে হানিকৰ’ বুলি সাৱধানবাণী শুনাই সেই বাণী লিখা পেকেটত চিগাৰেট বিক্ৰী কৰা লোকৰ ডিঙিত কোনে টিলিঙা আঁৰিব? স্বেচ্ছাসেৱী অনুষ্ঠান, সমাজসেৱী সংগঠন, সজাগতা সৃষ্টিকাৰী গ্ৰুপ এইবোৰ গণ্ডাই গণ্ডাই আছে, কিন্তু তেওঁলোকৰ হাতত নাই সেই শক্তি, যিয়ে এই উদ্যোগসমূহক প্ৰতিৰোধ কৰিব পাৰে অথবা ধঁপাত সেৱনকাৰীৰ অন্তৰাত্মাক স্পৰ্শ কৰিব পাৰে৷ সেয়েহে, এই কথা স্ফটিকৰ দৰেই স্পষ্ট যে চৰকাৰৰ কঠোৰ নীতিৰ কোনো বিকল্পই ধঁপাতবিৰোধী অভিযান সফল কৰিব নোৱাৰে৷ এই কথাষাৰ গভীৰভাৱে উপলব্ধি কৰাৰ দিনটো আজিয়েই৷